মহানগৰীত প্ৰেছাৰ কুকাৰ-পটাগুটিৰে মৰিয়াই ১৩ বছৰীয়া কিশোৰীক হত্যা: তদন্ত আৰম্ভ, লাভ কৰিছে ক্লু

UjanBazar

মহানগৰ গুৱাহাটীত দিন-দুপৰতে সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড।

মহানগৰীৰ উজানবজাৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।

দিনৰ ১১:৩০ বজাৰ পৰা ১২ বজাৰ ভিতৰত সংঘটিত হৈছে এই হত্যাকাণ্ড।

কোনো অচিনাক্ত দুৰ্বৃত্তই মৰিয়াই হত্যা কৰে ডিম্পল কুমাবট নামৰ কিশোৰীগৰাকীক।

ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰে মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক তথা আৰক্ষীয়ে।

ৰেস্তুৰেন্টৰ কামৰ বাবে পিতৃ-মাতৃ পুৱাতেই ঘৰৰ পৰা ওলাই গৈছিল আৰু সম্পৰ্কীয় ভাতৃৰ সৈতে আছিল ডিম্পল।

কিন্তু চাহ খাবৰ বাবে দোকানৰ পৰা বিস্কুট আনিবলৈ ভাতৃ যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ ডিম্পলক হত্যা কৰে কোনো দুৰ্বৃত্তই। বিচনাত তেজৰে তুমুৰুলি হৈ পৰি আছিল ডিম্পলৰ মৃতদেহ।

মৃতদেহৰ পিঠি, ডিঙি আৰু মূৰত আঘাতৰ চিন স্পষ্ট তথা পটাগুটি আৰু কুকাৰত তেজৰ দাগ লাগি আছিল বুলি জানিব পৰা গৈছে।

ৰাজস্থানৰ কুমাবটৰ পৰিয়ালটো মহানগৰীৰ উজানবজাৰৰ খাৰঘুলি যোৱা পথৰ এক ভাড়াঘৰত প্ৰায় ১০ বছৰ ধৰি বসবাস কৰি আহিছিল।

ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অতি শীঘ্ৰেই হত্যাকাৰীক বিচাৰি উলিওৱাৰ আশ্বাস মহানগৰ আৰক্ষীৰ।

ইপিনে, মহানগৰ আৰক্ষীৰ এগৰাকী উচ্চপদস্ত বিষয়াই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি এয়া সম্ভৱতঃ ডকাইতি নহয় কিয়নো ঘৰৰ পৰা সোণ বা ধন নিয়া নাই দুৰ্বৃত্তই।

আৰক্ষীৰ আন এক সূত্ৰৰ পৰা জানিব পৰা মতে পৰিয়ালটোক চিনি পোৱা কোনো লোকে ঘৰত কোনো নথকাৰ সুযোগ লৈ এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।

ইতিমধ্যে, ঘটনাস্থলীত চিআইডি, ডগস্কোৱাড আৰু ফৰেন্সিকৰ দল উপস্থিত হৈ তথ্য সংগ্ৰহ কৰিছে তথা বহুকেইটা ক্লু লাভ কৰিছে। কিন্তু তদন্তৰ খাতিৰত এই সম্পৰ্কে মুখ খোলা নাই মহানগৰ আৰক্ষীয়ে।

গুৱাহাটী ক্লাৱত এঞ্জেলছ অৱ গডছ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মৃত ডিম্পল।