মহিলা গ্ৰাহকৰ কটুক্তি : বেজাৰত চৰম সিদ্ধান্ত ল’লে ফুড ডেলিভাৰী কৰা যুৱকে

বুধবাৰে চেন্নাইত পবিত্ৰন নামৰ এজন ১৯ বছৰীয়া ফুড ডেলিভাৰী কৰা যুৱকে আত্মহত্যা কৰে। নিজ বাসগৃহত চুইচাইড নোটসহ উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ।

চুইচাইড নোটত এগৰাকী মহিলা গ্ৰাহকৰ কটুক্তিত মানসিকভাবে ভাগি পৰি আত্মহত্যা কৰা বুলি উল্লেখ কৰিছে যুৱকজনে।

যোৱা ১১ ছেপ্টেম্বৰত পবিত্ৰনে কোৰাট্টুৰ অঞ্চলত খাদ্য যোগান ধৰাৰ সময়তে এই ঘটনা আৰম্ভ হৈছিল। গ্ৰাহকৰ ঘৰ বিচাৰিবলৈ তেওঁৰ অসুবিধা হৈছিল, যাৰ ফলত গ্ৰাহকৰ লগত তীব্ৰ কাজিয়া হৈছিল। গ্ৰাহকে তেওঁক গালি-গালাজ কৰাৰ লগতে ডেলিভাৰী সেৱা সন্দৰ্ভত এজাহাৰো দাখিল কৰে।

দুদিন পিছত এই ঘটনাৰ উত্তেজনা বৃদ্ধি পায়। পবিত্ৰনে গ্ৰাহকৰ ঘৰত শিলগুটি নিক্ষেপ কৰি খিৰিকী ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হয়। ইয়াৰ ফলত গ্ৰাহকে তেওঁৰ বিৰুদ্ধে আকৌ আৰক্ষীৰ অভিযোগ দাখিল কৰে।

ইয়াৰ পিছতে বুধবাৰে পবিত্ৰনক বাসগৃহৰ চিলিঙত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। কোলাথুৰ আৰক্ষী উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।