NORTHEAST NOW (Assamese)

অঘটন! আইআইটি-গুৱাহাটীত এগৰাকী ২০ বছৰীয়া ছাত্ৰৰ আত্মহত্যা

October 10, 2022 2:26 pm · এন ই নাও নিউজ, গুৱাহাটী

Student dies by suicide in IIT-Guwahati গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী (আইআইটি)ত অধ্যয়ন কৰি থকা এগৰাকী বিশ বছৰীয়া ছাত্ৰই আত্মহত্যা কৰাৰ ঘটনা  সংঘটিত হৈছে। মৃত ছাত্ৰজন অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা।

তেওঁক অসমৰ আইআইটি-গুৱাহাটী চৌহদত থকা তেওঁৰ হোষ্টেলৰ কোঠাত ওলমি থকা অৱস্থাত পোৱা গৈছে।

মৃত ছাত্ৰগৰাকীক গুডলা মহেশ চাই ৰাজ বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক: Mulayam Singh Yadav passes away: বৰ্ষীয়ান ৰাজনীতিক সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ দেহাৱসান

তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাৰ বি-টেকৰ পঞ্চম ষান্মাসিকৰ শিক্ষাৰ্থী আছিল।

আৰক্ষীয়ে সোমবাৰে কয় যে গুডলা মহেশ চাই ৰাজে “মানসিক চাপ”ৰ বাবে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। অৱশ্যে মৃত্যুৰ সঠিক কাৰণ জানিবলৈ তদন্ত চলি আছে।

ইপিনে, ছাত্ৰগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পিছত ছাত্ৰগৰাকীৰ মৃতদেহ পৰিয়ালক হস্তান্তৰ কৰা হ’ব।

লগতে পঢ়ক: বিবাহৰ ৪ মাহৰ পিছতে যমজ সন্তানৰ মাতৃ হ’ল অভিনেত্ৰী নয়নতৰা; সন্তানৰ পিতৃয়ে দিলে খৱৰ

“আমি আৰক্ষীৰ তদন্তত সহযোগিতা কৰিম আৰু এই বিষয়ত আভ্যন্তৰীণ তদন্তও আৰম্ভ কৰিম”,-আইআইটি-গুৱাহাটীয়ে এক বিবৃতিত জানিবলৈ দিয়ে।

Related News