যৌন সম্ভোগেই ল’লে প্ৰাণ : হোটেলত প্ৰেমিকৰ সৈতে অত্যধিক যৌন সম্ভোগ কৰি ৰক্তক্ষৰণৰ ফলত মৃত্যু ২৩ বছৰীয়া যুৱতীৰ

অত্যধিক যৌন সম্ভোগেই কাল হ’ল এহাল প্ৰেমিক দম্পতীৰ বাবে। প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত যৌন সম্পৰ্ক স্থাপন কৰি অত্যধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু হয় এগৰাকী ২৩ বছৰীয়া যুৱতীৰ।

গুজৰাটৰ এখন হোটেলত সংঘটিত মৰ্মান্তিক হৈছে এই ঘটনা।

যুৱতীগৰাকীৰ মৃত্যুৰ পিছত ২৬ বছৰীয়া প্ৰেমিকগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

যুৱতীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যুৱতীগৰাকীৰ যোনিত থকা ঘাঁৰ পৰা অত্যধিক ৰক্তক্ষৰণ হৈ যুৱতীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে।

জানিব পৰা মতে যুৱতীগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী।

জানিব পৰা মতে, যোৱা ২৩ ছেপ্টেম্বৰত গুজৰাটৰ নৱছাৰীৰ এখন হোটেলত থাকিছিল দম্পতীহালে। হোটেলত দুয়োৱে লিপ্ত হৈছিল যৌন সম্পৰ্কত। যৌন সম্পৰ্ক স্থাপনৰ কৰাৰ পিছতেই প্ৰচুৰ পৰিমাণে যুৱতীগৰাকীৰ যোনিত ৰক্তক্ষৰণ হৈছিল।

অভিযোগ অনুসৰি যুৱতীগৰাকীৰ প্ৰেমিকে চিকিৎসকৰ ওচৰলৈ যোৱা বা এম্বুলেন্সলৈ ফোন কৰাৰ সলনি অনলাইনত সন্ধান কৰিছিল ৰক্তক্ষৰণ বন্ধ কৰাৰ উপায়। যাৰ বাবেই অধিক ৰক্তক্ষৰণ হৈ যুৱতীগৰাকীয়ে মৃত্যুক সাৱটি ল’ব লগা হয়।

জানিব পৰা মতে যুৱকজনে কাপোৰৰ সহায়ত ৰক্তক্ষৰণ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু অলপ সময়ৰ ভিতৰতে যুৱতীগৰাকীয়ে চেতনা হেৰুৱাই পেলালে। পিছত অভিযুক্তই তেওঁৰ এজন বন্ধুক হোটেললৈ মাতি আনে। ইয়াৰ পিছত যুৱতীগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসালয়ত চিকিৎসকে যুৱতীগৰাকীক মৃত ঘোষণা কৰে।