ৰাজ্যত কালান্তক বানৰ মাজতে কৃষ্ণাই নৈত উটি গ’ল যুৱক

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত খাৰদাঙত শনিবাৰে সন্ধিয়া কৃষ্ণাই নৈত সলিল সমাধি ঘটে এজন যুৱকৰ ৷ ৩০ বছৰীয়া যুৱকজনৰ নাম দেৱানন্দ কোঁচ।

যুৱক জনৰ প্ৰকৃত ঘৰ ওদালগুৰি জিলাৰ পানেৰীত। তেওঁ কৃষ্ণাইৰ খাৰদাং কোচপাৰাত ৰাজেন কোঁচৰ গৃহত ঘৰজোৱাঁই হিচাপে বাস কৰি আছিল।

লগতে পঢ়ক: Flood in Assam: বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান; চাৰিটা বন্যপ্ৰাণীৰ মৃত্যু

জানিব পৰা মতে শনিবাৰে আবেলি দেৱানন্দ কোঁচে ঘৈণীয়েকৰ সৈতে কৃষ্ণাই নৈ পাৰ হৈ মেন্দিপথাৰ বজাৰলৈ গৈছিল। বজাৰ কৰি ঘৈণীয়েকক আগতে পঠিয়াই সন্ধিয়াৰ আগে আগে দেৱানন্দ শহুৰৰ ঘৰলৈ বুলি উভতে ৷

কিন্তু নাৱৰ বাবে কৃষ্ণাই নৈৰ পাৰত উপস্থিত হওঁতে পিচলি নৈত পৰে দেৱানন্দ৷ লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে ৷

ঘটনাৰ খবৰ পায়ে ঘটনাস্থলীত উপস্থিত হয় কৃষ্ণাই আৰক্ষী থানাৰ এটা দল ৷ পিছে এতিয়ালৈ কোনো শুংসূত্ৰ পোৱা নাই দেৱানন্দ কোঁচৰ ৷

লগতে পঢ়ক:Joe Biden falls off bike: চাইকেল চলাই ৰাস্তাতে পৰিল চিত ভোলঙা খাই; আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ হ’ল এই অৱস্থা

আজি পুনৰ যুৱকজনৰ সন্ধানত অভিযান চলাইছে আৰক্ষী তথা এছডিআৰএফ বাহিনীয়ে ৷