অন্ধবিশ্বাস : সুস্থ হ’বলৈ বাৰে বাৰে ডুবালে গঙ্গাত, পিতৃ-মাতৃৰ হাতত প্ৰাণ গ’ল কৰ্কট ৰোগত আক্ৰান্ত ৫ বছৰীয়া শিশু

কৰ্কট ৰোগত আক্ৰান্ত এটি ৫ বছৰীয়া শিশুক গংগাত ডুবাই মৃত্যুৰ মুখলৈ ঠেলি দিলে নিজ পিতৃ-মাতৃয়ে। গংগাত ডুবালে আৰোগ্য লাভ কৰাৰ আশাত বিপদ মাতি আনিলে অন্ধবিশ্বাসী পিতৃ-মাতৃয়ে। 

ইয়াৰ ফলত শিশুটিৰ থিতাতে মৃত্যু হয়। এই কথা স্থানীয় আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। বুধবাৰে হৰিদ্বাৰৰ হৰ কি পৌৰী ঘাটত সংঘটিত থৈছেএই ঘটনা।

জানিব পৰা মতে শিশুটিৰ ঘৰ দিল্লীত। বুধবাৰে দিল্লীৰ পৰা হৰিদ্বাৰৰ হৰ কি পৌৰী ঘাটত উপস্থিত হয় শিশুটিৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ কেইবাজনো সদস্যও আছিল। তাতেই তেওঁলোকে অসুস্থ সন্তানক বাৰে বাৰে গংগাত ডুবাই স্নান কৰোৱাৰ বাবেই শিশুটিৰ মৃত্যু হয়।

বুধবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এটা ভিডিঅ’। তাত দেখা যায়, শিশুটিৰ মাক মৃতদেহৰ কাষত বহি আছে। ভিডিঅ’টোত মহিলাগৰাকীয়ে হাঁহি থকা দেখা গৈছে আৰু তেওঁ কোৱা শুনা গৈছে , “এতিয়া মোৰ সন্তান থিয় হ’ব। মই জানো তেওঁ থিয় হ’ব।’’

জানিব পৰা মতে, দুৰ্ঘটনাৰ খবৰ পাই আৰক্ষীৰ লোক ঘাটত উপস্থিত হয়। যেতিয়া তেওঁলোকে শিশুটিক স্থানীয় চিকিৎসালয়লৈ লৈ যায়, তেতিয়া চিকিৎসালয়ে তেওঁক মৃত বুলি অনা বুলি ঘোষণা কৰে। 

চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে যে গংগাত বাৰে বাৰে বিসৰ্জন দিয়াৰ ফলত শ্বাসৰুদ্ধ হৈ শিশুটিৰ মৃত্যু হয়। ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আৰক্ষী অধীক্ষক স্বধন কুমাৰ সিঙে কয়, “জন্মৰ পৰাই শিশুটি তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। শেহতীয়াকৈ চিকিৎসকে জনাইছিল যে শিশুটিৰ জীয়াই থকাৰ আশা ক্ষীণ। গতিকে তেওঁলোকে অন্ধবিশ্বাসত তেওঁক হৰিদ্বাৰলৈ লৈ গ’ল।” 

পৰিয়ালটোক দিল্লীৰ পৰা হৰিদ্বাৰলৈ লৈ যোৱা টেক্সি চালকজনে কয় যে দিল্লীৰ পৰা শিশুটি অসুস্থ হৈ থকাৰ বাবে হৰিদ্বাৰ পোৱাৰ লগে লগে শিশুটিৰ অৱস্থা অধিক বেয়া হৈ পৰে। 

এই ঘটনাৰ পিছতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।