NORTHEAST NOW (Assamese)

সাধু বাবাৰ অসাধু কাণ্ড : মাটিত আছাৰি আছাৰি হত্যা কৰিলে ৫ বছৰীয়া নিস্পাপ শিশুক

August 20, 2023 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 20, 2023 7:53 pm

‘সাধু’ শব্দই মনলৈ আহে এক সুস্থিৰ, নিকা, জ্ঞানী ব্যক্তিত্বৰ ছবি। সেই বুলিয়েই তাবিজ-মাদলী পিন্ধি, চুলি-দাড়ি দীঘল কৰিলেই সাধু হ’ব নোৱাৰিব। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ এক মৰ্মান্তিক ঘটনাত এই কথাই প্ৰতিপন্ন হৈছে।

দেওবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এটা ভিডিঅ’ ক্লিপ। ভিডিঅ’টোত দেখা গৈছে এজন তথাকথিত সাধুৱে এটি শিশুক বাৰে বাৰে প্ৰহাৰ কৰিছে। ৫ বছৰীয়া শিশুটিক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে উত্তৰ প্ৰদেশ আৰক্ষীয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে। সাধুৰ বেশ পিন্ধা ব্যক্তিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে অভিযুক্তৰ নাম ওমপ্ৰকাশ, বয়স ৫২ বছৰ। শনিবাৰে মথুৰাৰ গোৱৰ্ধন অঞ্চলত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। 

মথুৰা (গ্ৰাম্য) আৰক্ষী অধীক্ষক ত্ৰিগুনা বিসেনে কয় যে মধ্যপ্ৰদেশৰ ভিন্দ জিলাৰ পৰা ওমপ্ৰকাশ মথুৰালৈ আহিছিল। স্থানীয় ৰাইজৰ মতে, তেওঁ তীৰ্থযাত্ৰাৰ বাবে সাপ্তকোশীলৈ আহিছিল। মৃত শিশুটিৰ পিতৃয়ে তীৰ্থযাত্ৰাৰ পথত এখন সৰু দোকান চলায়।

ভাইৰেল ভিডিঅ’টোত অভিযুক্তই হঠাতে ৫ বছৰীয়া শিশুটিক হাওঁফাওঁত আঘাত কৰে। ভিডিঅ’টোত অভিযুক্ত ওমপ্ৰকাশে শিশুটিক কান্ধত তুলি লৈছে। তাৰ পিছত, মাটিত বাৰে বাৰে আচাৰি শিশুটিক অকথ্য নিৰ্যাতন চলাইছে। ইফালে ওচৰৰ কেইবাজনো লোকে শিশুটিক বচাবলৈ ওমপ্ৰকাশৰ ফালে লৰালৰিকৈ অহা দেখা গৈছে। জানিব পৰা মতে, ক্ষুব্ধ স্থানীয় ৰাইজে অভিযুক্ত ওমপ্ৰকাশক ধৰি প্ৰহাৰ কৰে। তাৰ পিছত আৰক্ষীৰ হাতত গতাই দিলে।

অৱশ্যে ৰাইজৰ প্ৰহাৰত ওমপ্ৰকাশ গুৰুতৰভাৱে আহত হয় । আৰক্ষী অধীক্ষক ত্ৰিগুন বিচেনে কয় যে তেওঁক সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে ৫ বছৰীয়া শিশু এটাৰ ওপৰত নৃশংস আক্ৰমণৰ কাৰণ হ’ল সঠিকভাৱে এতিয়াও জানিব পৰা হোৱা নাই। 

আৰক্ষীয়ে জনোৱা মতে, অমপ্ৰকাশৰ অৱস্থা সুস্থিৰ হ’লেহে জেৰা কৰা হ’ব। তেতিয়াহে এই ভয়াবহ ঘটনাৰ আঁৰৰ উদ্দেশ্য স্পষ্ট হ’ব। 

শিশুটিৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। ইফালে শিশুটিৰ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত। একে সময়তে অতি ক্ষুব্ধ হৈ পৰিছে স্থানীয় বাসিন্দা।

Related News