বিবাহৰ বাবে বয়স! ৫২ বছৰত ১২ নম্বৰ বিয়াত বহিল এইগৰাকী মহিলা; পিচে, দৰা এইবাৰ কোন?

indian-wedding-750x375-1

প্রতিনিধিত্বমূলক ফটো।

বেছি বয়সত বিয়া পতাটো আমেৰিকাৰ দৰে দেশত কোনো কথাই নহয়। সেই কথাকেই প্ৰমান কৰি সিদ্ধান্ত ল’লে দেশখনৰ এগৰাকী মহিলা মোনেট্টেই। ৫২ বছৰ বয়সত পুনৰ বিয়াত বহিল এই মহিলাগৰাকী।

মহিলাগৰাকীৰ ইতিমধ্যে ১১বাৰ বিয়া হৈছে। এইবাৰ ১২ নম্বৰ বিয়াত বহিল  মোনেট্টা। হাইস্কুল উত্তীৰ্ণ হোৱাৰ পাছতেই প্ৰথমবাৰ বিয়াত বহিছিল মোনেট্টা।

কিন্তু কিয় হৈছে এনেকুৱা? মোনেট্টাই কোৱা অনুসৰি হাইস্কুল উত্তীৰ্ণ হোৱাৰ পাছতে ককায়েকৰ বন্ধুৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

Also Read: Ukraine Issue: ইউক্ৰেইন সীমান্তত উত্তেজনাময় পৰিস্থিতিক লৈ মঙলবাৰে বিডেন-পুটিনৰ বৈঠক

ইয়াৰ পাছত মোনেট্টাই আৰু ১১জনৰ সৈতে বিয়াত বহিছে। কিয়নো কোনো এখন বিয়াই তেওঁৰ বেছিদিন নিটিকিল। এইবাৰ ১২নম্বৰ বিয়াত বহিল মোনেট্টা।

মোনেট্টাৰ বৰ্তমান বয়স ৫২বছৰ। এতিয়ালৈকে ২৮জন ব্যক্তিয়ে তেওঁক প্ৰেমৰ প্ৰস্তাৱ দিছে। তেওঁৰ নতুন স্বামী জনৰ বয়স ৫৭বছৰ। বিগত দুবছৰ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক চলি আছিল।

তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ পূৰ্বে এই জনকেই দুবাৰ বিয়া কৰাইছিল মোনেট্টাই। এইবাৰ তৃতীয়বাৰৰ বাবে তেওঁৰ সৈতে বিয়াত বহিছে।

Also Read: যোৰহাট কাণ্ডক লৈ সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা ব্যক্তিৰ বিৰুদ্ধে দাখিল এজাহাৰ

মোনেট্টাৰ মতে তেওঁৰ পঞ্চমজন স্বামীয়ে আছিল শ্ৰেষ্ঠ।তাৰ পাছতে ষষ্ঠ স্বামীকো মোনেট্টাই বেয়া পোৱা নাছিল। অষ্টম স্বামীৰ সৈতে অনলাইনতে চিনাকি হৈছিল মোনেট্টা। দশমজন স্বামীৰ সৈতে আকৌ স্কুলীয়া দিনৰে পৰা চিনাকি আছিল।