এটা বেগৰ দাম ৫৫ কোটি! পৃথিৱীৰ আটাইতকৈ দামী সম্পদৰ তালিকাত আৰু কি আছে জানো আহক…

কিছু মানুহৰ জীৱনত চখৰ অভাৱ নাই। সকলোৰে চখ বেলেগ বেলেগ। কিছুমান চখ অদ্ভুত, কিছুমান ভাল আৰু কিছুমান বেয়া। হয়টো কোনোবাই জোতা কিনি ভাল পায়, কোনোবাই ঘড়ী কিনি ভাল পায় আৰু কোনোবাই গাড়ী কিনি ভাল পায়। কিন্তু হেণ্ডবেগ সংগ্ৰহ কৰি ভাল পোৱা সকলৰ কথা কিছু সুকীয়া৷

কিন্তু পৃথিৱীৰ আটাইতকৈ দামী হেণ্ডবেগৰ তালিকাত কি কি বেগ আছে জানেনে? বহু মহিলাৰ দামী হেণ্ডবেগ সংগ্ৰহৰ চখ আছে, সেয়েহে সমগ্ৰ বিশ্বতে বিভিন্ন শ্ব’, প্ৰদৰ্শনী বা নিলাম অনুষ্ঠিত হয়। ৰোমি টিছাৰৰ অফিচিয়েল ৱেবছাইট অনুসৰি বিশ্বৰ আটাইতকৈ দামী হেণ্ডবেগৰ তালিকাখন চাওঁ আহক।

ডেবি উইংহাম মূলতঃ এগৰাকী বহিঃৰাজ্যৰ ডিজাইনাৰ আৰু কেক শিল্পী। তেওঁ ডুবাইৰ ধনী পৰিয়ালৰ বাবে বিভিন্ন বেগ ডিজাইন কৰে। শেহতীয়াকৈ তেওঁ এগৰাকী অতি ধনী মহিলাৰ বাবে এই কণী আকৃতিৰ বেগটো বনাইছে। ইমু চৰাইৰ নীলা কণীৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ এই বেগটো বনাইছিল। বহুতে এই বেগটোক ডেবি উইংহাম এগ বেগ বুলি জানে কাৰণ ইয়াৰ আকৃতি অণ্ডাকৃতিৰ।

বেগটো বনাবলৈ ডুবাইৰ এগৰাকী ধনী মহিলাই তেওঁক ৪০ হাজাৰ ডলাৰৰ সোণৰ কাণফুলি দুটা, ৩টা গোলাপী হীৰা, ৮ হাজাৰ কটা হীৰা, প্লেটিনাম, ২৪ কেৰেট সোণ আৰু ২টা বগা হীৰা দিছিল। এই বেগৰ ভিতৰৰ অংশ হাৰ্মেছ স্লিক স্ক্ৰাফৰ দ্বাৰা নিৰ্মিত। সামগ্ৰীৰ খৰচ, উৎপাদন শ্ৰম, ডিজাইনৰ খৰচ সকলো মিলি বেগটোৰ খৰচ প্ৰায় ৬৭ লাখ ডলাৰ, যিটো ভাৰতীয় মূল্যত ৫৫ কোটিতকৈও অধিক। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই বেগটোৱেই হৈছে পৃথিৱীৰ আটাইতকৈ দামী বেগ।

মুৱাদ ১০০১ নাইটছ ডাইমণ্ড পাৰ্চ
হাৰ্টৰ আকৃতিৰ বেগটো পৃথিৱীৰ দ্বিতীয় দামী বেগ। এই বেগটো বনাবলৈ ১০৫ টা হালধীয়া হীৰা, ১৮ কেৰেট সোণ, ৫৬ টা গোলাপী হীৰা আৰু ৪,৩৫৬ টা বাইবাৰ্ন হীৰাৰ প্ৰয়োজন হৈছিল। ইয়াৰে এটা বেগহে তৈয়াৰ কৰা হৈছে।

বেগটো বনাবলৈ ৮৮০০ ঘণ্টা সময় লাগিছিল। ২০১১ চনৰ পৰা ২০১৯ চনলৈকে বিশ্বৰ আটাইতকৈ দামী বেগ আছিল। এই বেগটোৰ দাম ডেৰ মিলিয়ন ডলাৰ, অৰ্থাৎ ভাৰতীয় মূল্য ১২ কোটিতকৈয়ো অধিক।

আৰ্মেজ বাৰ্কিন বেগ
এই বেগটোৰ ডিজাইন কৰিছে এগৰাকী জাপানী ডিজাইনাৰ গিঞ্জা তানাকাই। গোটেই বেগটোত মুঠ ২০০০ হীৰা ব্যৱহাৰ কৰা হৈছে।বেগটোৰ ঠিক মাজতে ১৮ কেৰেটৰ হীৰা এটা জিলিকি আছে। ইচ্ছা কৰিলে ব্ৰচ হিচাপে ব্যৱহাৰ কৰিব পাৰে বা নেকেলেচ বনাব পাৰে।

আৰ্মেজ চেইন এংকৰ বেগ
এই বেগটো দেখাত হুক এটাৰ দৰে। মূল্য ১৪ লাখ ডলাৰ। পেৰিছৰ বিখ্যাত বিলাসী ব্ৰেণ্ড আৰ্মেজে এই বেগটো নিৰ্মাণ কৰিছে।

এই বেগৰ কাষৰ শিকলি ১১৬০ টা সৰু সৰু হীৰা টুকুৰাৰে তৈয়াৰ কৰা হৈছে। এই বেগটো সৃষ্টি কৰিছিল বিশ্ববিখ্যাত ফেশ্বন ডিজাইনাৰ পিয়েৰ কাৰ্ডিনে। মাত্ৰ ৪টা এনে বেগহে তৈয়াৰ কৰা হৈছিল।

নিলোটিকাছ বাৰ্কিন বেগ
ঘৰিয়ালৰ ছালৰে নিৰ্মিত এই বেগটো বিশ্বৰ আটাইতকৈ দামী বেগৰ তালিকাত পঞ্চম স্থানত আছে। চামৰাৰ প্ৰাকৃতিক ৰং ধৰি ৰাখিবলৈ বেগটো এটা নিৰ্দিষ্ট উষ্ণতাত বহু সময়লৈকে শুকুৱাই ল’ব লাগে। বেগটোৰ বাহিৰৰ ডিজাইন বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালা হিমালয়ৰ প্ৰাকৃতিক দৃশ্যৰ পৰা অনুপ্ৰাণিত।