“আমোলাসকল হ’ল ৰাষ্ট্ৰৰ প্ৰতিনিধি। ৰাষ্ট্ৰৰ সন্মান আৰু মৰ্যাদা তেওঁলোকেই ৰক্ষা কৰে। জনসাধাৰণেও সেয়ে ৰাষ্ট্ৰক আমোলাৰ ৰূপতহে দেখা পায়। আজিকালি কৰ্তৃত্ত্বত থকা ক্ষমতাৰ সৰ্বোচ্চ পদাধিকাৰীসকলেই সংবিধান আৰু আইন-কানুনক মৰ্যাদা নিদিয়া হৈছে। তাত হাত মিলাইছে একাংশ স্বাৰ্থান্ধ আমোলাই। এই প্ৰক্ৰিয়া বৰ্তমান অতি কুৎসিৎ আৰু লজ্জাকৰভাৱে দৃশ্যমান হৈছে। আইন-কানুন, ন্যায়-অন্যায়ৰ ধাৰণা এতিয়া নিস্তেজ হৈ পৰা দেখা গৈছে। বহুতে ক্ষমতাকে গুৰুত্ব দিয়া হৈছে। ইয়াৰ শেষ পৰিণতি হ’ল গণতন্ত্ৰৰ পতন আৰু স্বৈৰতন্ত্ৰ প্ৰতিষ্ঠা।‘’
শনিবাৰে উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰত ‘অন্বেষা’ৰ উদ্যোগত আয়োজিত বিচক্ষণ আৰু ন্যায়নিষ্ঠ প্ৰবীণ আমোলা যতীন হাজৰিকাৰ চাকৰি জীৱনৰ স্মৃতিচাৰণ ‘সিংহাসনৰ পিছৰ ছাঁ: অসম প্ৰশাসনত মোৰ দিনবোৰ’ গ্ৰন্থখন উন্মোচন কৰি এই মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁয়ে।
তেওঁ লগতে কয় যে আমোলাসকলৰ ভিতৰত কুশাগ্ৰ বুদ্ধি, মেটমৰা অভিজ্ঞতা, বাচালতা বা আত্মপ্ৰদৰ্শনৰ ঠাইত বাক সংযম আৰু কঠোৰ আত্মসংযমৰ বাবে খ্যাত যতীন হাজৰিকা ছগৰাকীকৈ মুখ্যমন্ত্ৰীৰ আস্থা আৰু বিশ্বাসৰ পাত্ৰ হৈছিল। প্ৰচুৰ ক্ষমতাৰ অধিকাৰী হোৱা সত্ত্বেও বাতৰি কাকতত তেনেকৈ তেখেতৰ নাম নোলাইছিল। এনে এগৰাকী লোকে নিজৰ কৰ্মজীৱনৰ স্মৃতিচাৰণ হিচাপে লিখা এই কিতাপখন নিজ গুণে মহীয়ান হোৱাৰ উপৰি পাঠক সমাজৰ কৌতূহল পূৰণ কৰাত নিশ্চয় সফল হ’ব।
গ্ৰন্থখন উন্মোচনৰ পিছতে যতীন হাজৰিকাৰ বাণীবদ্ধ ভাষণ প্ৰজেক্টৰত বাজি উঠে। তেখেতে কয় যে এই কিতাপখন তেওঁৰ আত্মজীৱনী নহয়, তেওঁৰ দীঘলীয়া চাকৰি জীৱনৰ অভিজ্ঞতাৰ বিষয়েহে। দেশ স্বাধীন হোৱাৰ পিছতে তেওঁ যিহেতু চাকৰিত সোমাইছিল আৰু ছজনকৈ মুখ্যমন্ত্ৰীৰ লগত কাম কৰাৰ সুবিধা পাইছিল সেয়ে এই কিতাপখন গৱেষক সকলৰ কামত আহিব পাৰে বুলি তেওঁ মন্তব্য কৰে। হাজৰিকাৰ বয়স এতিয়া ৯৪ বছৰ। তেওঁ আবেগসিক্ত কন্ঠেৰে কয় যে তেওঁ অসমীয়া মানুহৰ পৰা যথেষ্টখিনি পাইছে। এতিয়া আৰু তেওঁক একো নালাগে।মৃত্যু পৰ্যন্ত মৰম আদৰ পালেই যথেষ্ট।
উন্মোচনী অনুষ্ঠানৰ অংশ হিচাবে আয়োজন কৰা ‘আইনৰ শাসন আৰু সুশাসনত আমোলাৰ ভূমিকা’ শীৰ্ষক আলোচনাত ভাগ লৈ হৰেকৃষ্ণ ডেকাই কয় যে তাৎক্ষণিকভাৱে সিদ্ধান্ত ল’ব পৰাটো হ’ল এজন বিচক্ষণ আমোলাৰ এটা ডাঙৰ গুণ। যতীন হাজৰিকাৰ সেই গুণ পূৰামাত্ৰাই আছিল। তেওঁ লগতে কয় যে যতীন হাজৰিকা আছিল অসমৰ বহু আমোলাৰ বাবে আদৰ্শস্বৰূপ। বৰ্তমান সময়ত এনে আমোলাৰ অতি প্ৰয়োজন হৈ পৰিছে।
আন এগৰাকী আলোচক অসম চৰকাৰৰ প্ৰাক্তন গৃহসচিব ধীৰেন্দ্ৰনাথ শইকীয়াই কয় যে আইন সদায় সমাজৰ মংগলৰ বাবে প্ৰণয়ন কৰা হয়। সমাজৰ প্ৰগতিত হেঙাৰ সৃষ্টি কৰাৰ বাবে নহয়। আইনৰ শাসন আৰু সুশাসনৰ এইটোৱেই হ’ল মূল কথা। জনসাধাৰণক ন্যায় প্ৰদান কৰাই হ’ল আইনৰ মূল উদ্দেশ্য আৰু আমোলাসকলৰ ওপৰতে নিৰ্ভৰ কৰে ন্যায় প্ৰদানৰ কথাটো।
আলোচনাত অংশ গ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তই স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ছোৱাত ৰাজ্যখনৰ উন্নয়নৰ হকে গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধিকে ধৰি নেতাসকলে কিদৰে অহোপুৰুষাৰ্থ কৰিছিল আৰু বিশেষকৈ সেই সময়ত বিধানসভাত হোৱা বিভিন্ন গঠনমূলক বিতৰ্কত কিদৰে শাসক – বিৰোধী উভয়পক্ষই সমিলমিলেৰে ভাগ লৈ ৰাজ্যখনৰ হকে কাম কৰিছিল সেই বিষয়ে উল্লেখ কৰে।
আন এগৰাকী আলোচক অসম লোকসেৱা আয়োগৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ দীপক কুমাৰ শৰ্মাই যতীন হাজৰিকাৰ সৈতে সান্নিধ্যৰ বিষয়ে সোঁৱৰে। যতীন হাজৰিকাৰ পৰিয়ালৰ হৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা গীতা বৰুৱাই অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি এক মনোগ্ৰাহী ভাষণ প্ৰদান কৰে।
ইয়াৰ পূৰ্বে যতীন হাজৰিকালৈ অন্বেষাৰ ফালৰপৰা প্ৰস্তুত কৰা সম্বৰ্ধনা পত্ৰ পাঠ কৰে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক জয়দীপ বৰুৱাই আৰু অন্বেষাৰ হৈ আদৰণি ভাষণ প্ৰদান কৰে অন্বেষাৰ সভাপতি পৰেশ মালাকাৰে।