গাঞ্জাসহ নিচা জাতীয় সামগ্ৰী সৰবৰাহ বন্ধ কৰিবলৈ গৈ নিজ ভাতৃ আৰু খুৰাকৰ আক্ৰমণৰ বলি হ’ল মৰিগাঁৱৰ এগৰাকী সাহসী যুৱতী

0edf11eb-indian-hemp

মৰিগাঁও জিলা আৰক্ষীৰ চৰম ব্যৰ্থতা আৰু অসচেতনতাৰ বাবেই মৰিগাঁও জিলাৰ সদৰ স্থানৰ পৰাই গাঞ্জা, নিচাজাতীয় দ্ৰব্যৰ কেনেকৈ ৰমৰমীয়া বেহা চলিছে তাক প্ৰমাণ কৰাৰ লগতে এনে দ্ৰব্যৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অৱশেষত সৰবৰাহকাৰী নিজ ভাতৃৰ আক্ৰোশৰ বলী হৈ চিকিৎসাধীন হব লগা হ’ল মৰিগাঁও জিলাৰ এগৰাকী সাহসী যুৱতী।

ঘটনাৰ বিবৰণী মতে, মৰিগাঁও জিলাৰ হীৰা গাঁৱত দীৰ্ঘ দিনৰ পৰা ব্যাপকভাৱে নিচা যাৱতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা চলি আহিছে।

সৰবৰাহকাৰী সকলে মৰিগাঁও সদৰ স্থানেৰে জিলাখনৰ বিভিন্ন স্থানলৈ নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰে। হীৰা গাঁৱৰ অঞ্জনা মুদক নামৰ যুৱতী গৰাকীৰ ঘৰতো অঞ্জনাৰ সৰু ভাতৃ আৰু খুড়াকে গাঞ্জা, নিচাজাতীয় দ্ৰব্যৰ ঘাটি বহুৱাবৰ মনেৰে তেনে সামগ্ৰী সৰবৰাহ কৰিছিল।

অঞ্জনাই এনে সমাজ ধ্বংসকাৰী বৰ বিহ তাইৰ ঘৰৰ পৰা সৰবৰাহ হোৱা কাণ্ডৰ প্ৰতিবাদ কৰি আহিছিল। যাৰ বাবে অঞ্চলৰ একাংশ আসক্তই তাইক ৰাস্তাই ঘাটে অসৎ ব্যৱহাৰ কৰি আনকি গালৈ থুৱাই দিয়াৰ দৰে নিকৃষ্ট কামো কৰিছিল।

কিন্তু এই বোৰ প্ৰত্যাহ্বানৰ পাছতো অঞ্জনাই সাহসেৰে প্ৰতিবাদ কৰি গৈছিল। যাৰ বাবে তাই মূৰৰ কামোৰণী সৃষ্টি কৰিছিল অঞ্চলটোৰ একাংশ সৰবৰাহকাৰীৰ।

অৱশেষত তাইক মানসিকভাৱে বিকাৰগ্ৰস্ত সজোৱাৰ চেষ্টা কৰিছিল ভাতৃ, খুড়াক আৰু একাংশ  নিচাসক্তই। তদুপৰি তাইৰ প্ৰাণৰ প্ৰতিও ভাবুকি আহিছিল। পৰিস্থিতি এনে পৰ্যায় পাইছিল গৈ যে যিকোনো মুহূৰ্তত তাইক হত্যা পৰ্যন্ত কৰা হ’ব পাৰে!

অৱশেষত গতি বিষম দেখি তাই সামাজিক মাধ্যমৰ সহায় লৈ ফেচবুক লাইভৰ জৰিয়তে গোটেই ঘটনা বিৱৰণ কৰিছিল দুদিনৰ আগত। তাৰ পাছত এই সন্দৰ্ভত কালি অঞ্জনা মৰিগাঁও আৰক্ষীৰ কাষ চাপি অভিযোগ দিয়ে।

মৰিগাঁও থানাত নিজৰ ভাতৃকে ধৰি তিনিজন লোকৰ বিৰুদ্ধে এখন এজাহাৰো দাখিল কৰিছিল অঞ্জনাই। অৱশ্যে অভিযোগ দিবলৈ যোৱাৰ আগতো আন এটা ফেছবুক লাইভ কৰিছিল অঞ্জনাই। কিন্তু ইমানৰ পাছতো যুৱতী গৰাকীক নিৰাপত্তা দিয়াত ব্যৰ্থ হয় মৰিগাঁও আৰক্ষী।

অঞ্জনাৰ ভাষ্য মতে কালি আৰক্ষীক গোচৰ দি উভতি যোৱাৰ পাছত তাইক ভাতৃ আৰু খূড়াকঁহতে মিলি শাৰীৰিক নিৰ্যাতন চলাই গাঁওবাসীৰ ওচৰত মাফ খুজিবলৈ দাবী ধমক দিয়ে। কিয়নো তাই গোটেই গাঁওখনতে নিচা জাতীয় দ্ৰব্য চলে বুলি অপ্ৰিয় সত্য কথাটো কৈছিল ফেচবুক লাইভত।

নিৰ্যাতনৰ বলি হৈ তাই সকলো কৰিম বুলি কোৱাৰ পাছতো তাইক মাৰ ধৰ কৰি আহত কৰা হয় বুলি প্ৰকাশ কৰিছে যুৱতী গৰাকীয়ে।

অৱশেষত একাংশ লোকৰ সহায়ত তাইক মৰিগাওঁ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অঞ্জনা বৰ্তমান মৰিগাঁও চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আনহাতে মৰিগাঁও আৰক্ষীয়ে অঞ্জনাৰ ভাতৃক আজি আটক কৰিছে। এনে এক ঘটনাৰ মাজতে মৰিগাঁও জিলাৰ মৈৰাবাৰী অঞ্চলৰ আন এগৰাকী মহিলা ভুক্তভোগীৰ আন এটা ভিডিঅ কালি ভাইৰেল হৈছে।

উক্ত ভিডিঅ’টোত মহিলা গৰাকীয়ে মৰিগাঁও আৰক্ষীক উদেশ্য কৰি কয় যে – সকলোতে ড্ৰাগছৰ বেহা চলিছে। তেওঁৰ স্বামীয়েও ড্ৰাগছ সেৱন কৰি বৰ্তমান মৃত্যুৰে যুঁজিছে। কিন্তু বহু কষ্ট কৰি চিকিৎসাৰ নামত খৰছ কৰি সকলো শেষ কৰিছে ঘৰৰ।

তেওঁ স্বামীৰ দৰে বহু লোকেই তিল তিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈছে মৈৰাবাৰী ধিং আদি অঞ্চলত।

ইমানৰ পাছতো মৰিগাঁও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁ নিজেই হাতত আইন তুলি ল’ব বুলিও ব্যক্ত কৰিছে মহিলাগৰাকীয়ে।

ড্ৰাগছৰ বিৰুদ্ধে দুগৰাকীকৈ নাৰীয়ে মৰিগাঁও আৰক্ষীৰ বিফলতাৰ স্বৰূপ বাৰুকৈ উদঙাই দিছে।

উল্লেখ্য যে  জিলাখনৰ একাংশ দুধৰ্ষ অপৰাধী মুকলি আকাশৰ তললৈ ওলাই অহাৰ পাছতে জিলাখনত সৰ্বত্ৰে বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা আৰু অনৈতিক অবৈধ ব্যৱসায়ৰ মুকলি বজাৰ।