কাইলৈ নিৰ্বাচন : আজি বিজেপি নেতাৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছে ২৪ লাখ নগদ টকাৰ বাণ্ডিল

শনিবাৰে অনুষ্ঠিত হ’ব লোকসভাৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ। কিন্তু তাৰ এদিনৰ পূৰ্বে ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগা সমষ্টিত বিজেপি নেতাৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছে লাখ লাখ টকা।

শুকুৰ বাবে পশ্চিমবংগৰ দাসপুৰত বিজেপি নেতাৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছে প্ৰায় ২৪ লাখ টকা।
আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটাল লোকসভা সমষ্টিৰ অন্তৰ্গত দাসপুৰৰ খুকুৰদাত নাকা চেকিং চলি আছিল। সেই সময়ত আৰক্ষীয়ে স্থানীয় বিজেপি নেতা প্ৰশান্ত বেৰাৰ গাড়ীখনত তালাচী চলাই উদ্ধাৰ কৰে প্ৰায় ২৪ লাখ টকা।

আৰক্ষীৰ সূত্ৰ অনুসৰি প্ৰশান্ত বেৰাই সেই ধনৰ বৈধ নথি-পত্ৰ দেখুৱাব পৰা নাই। গতিকে সেই ধন জব্দ কৰা হৈছে। আৰক্ষীয়ে ধনৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে।

এইদৰে বিজেপি নেতাৰ গাড়ীত বিশাল পৰিমাণৰ ধন উদ্ধাৰক লৈ সৰৱ হৈ পৰিছে তৃণওমূল কংগ্ৰেছ। তৃণমূল ঘটালৰ সাংগঠনিক জিলা সভাপতি আশীষ হুদৈতে কয় যে এই ধন বিভিন্ন অঞ্চলৰ ভোটাৰক উৎকোচ দিবলৈ লৈ যোৱা হৈছিল।

আনহাতে বিজেপিৰ নেতাই কয় যে আমাৰ ঘৰ-গাড়ীত টকা, বন্দুক, বোমা ভৰাই বিজেপিৰ নেতা-কৰ্মীক ফাঁচী দিয়াৰ চেষ্টা চলোৱা হৈছে। ভুৱা অভিযোগত বহুকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে । নিশ্চিত পৰাজয় উপলব্ধি কৰি তৃণমূক কংগ্ৰেছে এইবোৰ ষড়যন্ত্ৰ চলাইছে।

আনহাতে বিজেপিৰ জিলা সভাপতি তন্ময় দাসে উদ্ধাৰ হোৱা ধন দলৰ বুলি দাবী কৰে। তেওঁ ক’লে, “এয়া দলৰ টকা। সেই ধন দলৰ কাৰ্যালয়ৰ ৰক্ষণাবেক্ষণৰ বাবে লোৱা হৈছিল। সেই ধন একাউণ্টৰ পৰা উলিওৱাৰ পিছত দলটোৱে অফিচত ৰাখে। এই ধন ৭টা বিধানসভা সমষ্টিৰ দলীয় কাৰ্যালয়লৈ দিবলৈ লৈ যোৱা হৈছিল। আমাৰ হাতত এই ধনৰ সকলো নথি-পত্ৰ আছে। ইতিমধ্যে নথি পত্ৰ আৰক্ষীক দেখুওৱা হৈছে।”