২০২১ চনৰ জানুৱাৰী মাহৰ প্ৰথমৰ ফালে নীলমণি ফুকনৰ ঘৰলৈ গৈছিলো মই আৰু বন্ধু দুদুলমণি শৰ্মা। আগৰ দৰেই এই সাক্ষাততো আমি ফুকন চাৰৰ সৈতে বিভিন্ন বিষয়ে মুকলিকৈ কথা পাতিছিলো। কি ভাবি জানো দুদুলমণি শৰ্মাই কথোপোকথনখিনি বাণীবদ্ধ কৰিছিল। কথাটো নীলমণি ফুকন আৰু মই অৱশ্যে পিছতহে গম পাইছিলো। নীলমণি ফুকনে এই কথোপকথনটোত কেতবোৰ অতি গুৰুত্বপূৰ্ণ আৰু চিন্তা উদ্ৰেককাৰী কথা কৈছে, কেৱল কবিতা বা সাহিত্য সম্পৰ্কেই নহয়, সমসাময়িক সমাজ সম্পৰ্কেও। প্ৰথমবাৰৰ বাবে কথোপকথনটো নৰ্থ-ইষ্ট নাওত প্ৰকাশ কৰা হ’ল।
পৰেশ মালাকাৰ, দুদুলমণি শৰ্মা: চাৰ, নমস্কাৰ।
নীলমণি ফুকন: বাপ্ ৰে, মালাকৰ আৰু দুদুলমণি দেখোন! বহা, বহা।
(সুবিধাৰ বাবে আমি আমাৰ আটাইকেইগৰাকীৰ নামৰ প্ৰথম আখৰ কেইটাহে ব্যৱহাৰ কৰিম)
প.মা: চাৰ, কেনে আছে?
নী.ফু: কেনে আছোঁ! অন্তিম পৰ্যায়ত উপনীত হৈছোঁ, বুইছা।
প.মা: চাৰ, কি কয় আপুনি? এইটোতো অতি স্বাভাৱিক কথা।
নী.ফু: কথা হ’ল কি জানা? তুমিও জানা, ময়ো জানো; শাৰীৰিক, মানসিক যন্ত্ৰণাৰ মাজত মানুহে মৰিবলৈ টান পায়। আৰু এটা কথা, মৃত্যু আৰু প্ৰেমৰ মাজত এটা সম্পৰ্ক আছে দেই।
প.মা: আচলতে, মই কি ভাবোঁ জানে চাৰ! তত্ত্ব আৰু অভিজ্ঞতা, দুয়োটাৰ মাজত এটা পাৰ্থক্য আছে নহয়!
নী.ফু: আছে, আছে। অভিজ্ঞতা নহ’লে তত্ত্ব হ’বই নোৱাৰে।
প.মা: আপুনি যে কৈছে, মৃত্যুৰ কথা, জীৱনৰ আদিতে মৃত্যুৰ বীজটো অংকুৰিত হৈ থাকে। সেইটো হৈছে এটা তত্ত্ব। কিন্তু যেতিয়া এজন মানুহে যন্ত্ৰণা অনুভৱ কৰে, experiences suffering, uncertainty, আৰু তাৰ লগতে মানুহৰ বৃদ্ধাৱস্থা, যিটোৰ পৰা বুদ্ধৰ গোটেই দৰ্শনটোৰ উৎপত্তি হৈছে, এই অভিজ্ঞতা আৰু তত্ত্ব, দুয়োটাৰ মাজত প্ৰকৃততে যথেষ্ট পাৰ্থক্য থাকে। গতিকে—
নী.ফু: বুদ্ধইটো সেই সত্যটোৱেই কৈ থৈ গ’ল। সেই সত্যটোৱে বাস্তৱত কি ৰূপ লয় সেইটো নিৰ্ভৰ কৰে তোমাৰ অভিজ্ঞতা, জীৱন পদ্ধতিৰ ওপৰত।
প.মা: আপুনি যিটো কৈছে যে মানুহ তো যাবই।
নী.ফু: অঁ, এবাৰ জন্ম হ’লে মৃত্যু হ’বই।
প.মা: জীৱনৰ আৰম্ভণি হ’লে শেষ হ’বই। আৱাহন য’ত আছে, তাত বিসৰ্জনো আছে। কথা হ’ল, আৱাহনৰ বিষয়ে আমি বৰ বেছি নাজানো। কিন্তু মানুহ এজনৰ যিটো suffering, সেইটোতো তেওঁৰ নিজৰ, unique।
নী.ফু: মানুহে suffer কৰে, গোটেই জীৱনটোত বহুত suffer কৰে। আৰু সেইটোৱেইতো জীৱন। sufferingক বাদ দিলে জীৱনৰ অৰ্থই বা কি থাকিব?
দু.শ: আচলতে sufferingএ জীৱনক একধৰণৰ পূৰ্ণতাহে দিয়ে। Without suffering জীৱনটো উপলব্ধি কৰিবই নোৱাৰি।
নী.ফু: ঠিক কৈছা। জীৱনটো sufferingৰ মাজেদিয়েই যাব লাগিব। কোনেও অমৃত মুখত লৈ নাযায় নহয়!
দু.শ: কিন্তু চাৰ, আপুনিযে ক’লে, মৃত্যু আৰু প্ৰেম, এফালৰপৰা চাবলৈ গ’লে দুয়োটা ইটো সিটোৰ বিপৰীত। কিন্তু দুয়োটাৰ মাজত এটা ঐক্যও আছে। নহয় জানো চাৰ?
নী.ফু: এৰা, এইবোৰ আচলতে বৰ জটিল ধৰণৰ কথা। বুজাবলৈ টান, উপলব্ধি কৰিবলৈ সহজ। এতিয়া ধৰা, সংগীতৰ কথাটোৱেই। সংগীতত এনে কিছুমান কথা আছে সাধ্য নাই তুমি ব্যাখ্যা কৰাটো। অৰ্থ অসম্ভৱ। সেই কাৰণেই সংগীত অনন্য। অমৰ। অমৰত্বৰ অধিকাৰী।
প.মা: চাৰ, এইমাত্ৰ আপুনি সংগীতৰ সন্দৰ্ভত যিটো কথা ক’লে, মই কালি শ্বপেনহাৱাৰ পঢ়ি আছিলোঁ, তেৱোঁ ঠিক একে কথাই কৈছে সংগীতৰ বিষয়ে। শ্বপেনহাৱাৰে কৈছে যে সংগীতে মানুহক ইমান বেছি প্ৰত্যক্ষ ভাৱে প্ৰভাৱিত কৰিব পাৰে যে তাক ব্যাখ্যা কৰাটোৱেই মস্কিল।
নী.ফু: শ্বপেনহাৱাৰৰ সংগীতৰ বিষয়ে এটা বৰ ডাঙৰ ছেপ্তাৰেই আছে। সংগীত সন্দৰ্ভত বহুত মৌলিক কথা পাইথাগোৰাছেও কৈছে। বহুতে কয়, পাইথাগোৰাছে শূন্যৰ ধাৰণাটো ভাৰতৰ পৰাই লৈ গৈছে পশ্চিমলৈ। কয় নহয়, বহুতে মানিও লৈছে। এইখিনিতে মই এটা সাধাৰণ উদাহৰণ দিওঁ দেই। ধৰা, তুমি দুদুলমণিৰ তালৈ গৈছা। দুদুলমণিয়ে কিবা এটা গান গাই আছে। গানটো অলপ বেলেগ ধৰণৰ, classical ৰাগ ভিত্তিক গান। তুমি গানটো শুনি মুগ্ধ হৈ পৰিছা। অলপ পিছত তুমি তাক সুধিছা, এইটো কি গানহে, আনবোৰতকৈ বেলেগ। দুদুলমণিয়ে কৈছে, এইটো বসন্ত ৰাগ। তুমি আকৌ সুধিছা, ইয়াত বসন্তটো ক’ত আছে। দুদুলমণিয়েতো এতিয়া উত্তৰ দিব পৰা নাই। বসন্তটো এটা মুড, এটা পৰিবেশ, ঋতুৰ জীৱন, আনন্দ, বেদনা, এই আটাইবোৰৰ লগত জড়িত। সাধ্য নাই তোমাৰ ব্যাখ্যা কৰাৰ। এইটো হ’ল উপলব্ধিৰ বস্তু। কবিতাৰ ক্ষেত্ৰতো একেই কথা। বুজা-নুবুজাৰ কথাটো আহি যায়। কিছুমান কবিতা বুজিব পাৰি, কিছুমান নোৱাৰি। কবিতাই আকৌ মাৰো খাইছে এইখিনিতে।
প.মা: সমস্যাটো এইখিনিতে। এইটো হ’ল ব্যাখ্যাহীনতাৰ, ব্যাখ্যা কৰিব নোৱাৰা, indescribility ৰ কথা।
নী.ফু: এইটো সংগীতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ। সংগীত, স্থাপত্যত নিহিত আছে pure abstraction। এই ঘৰটোৰ কি অৰ্থ? এই মন্দিৰটোৰ কি অৰ্থ? কি সৌন্দৰ্য নিহিত ইয়াত? অনাখৰী মানুহটোৱে বহাগ মাহৰ কোনোবা এটা দুপৰীয়া বা সন্ধিয়া গাইছে, “কেলৈ ফুলিলি ৰূপহী মদাৰ ঐ, কেলৈ পেলালি কলি; গুৰুতো নালাগে, ভকততো নালাগে থাক তল ভৰি সৰি”। এই যে অনুভৱটো, সাধাৰণ অনাখৰী মানুহটোৱে কবিতাও বুজি নাপায়, পদ্যও বুজি নাপায়, অথচ কি সুন্দৰকৈ প্ৰকাশ কৰিছে নিজৰ অনুভৱ, চোৱাচোন!
প.মা: চাৰ, মই এটা কথা কওঁ, আপুনি শুনিছেনে বাৰু? You are reading an internal book, you are not reading an external book. এইমাত্ৰ আপুনি যিখিনি কথা ক’লে, মই তো সাংঘাতিক ধৰণে মুভ্দ হৈছোঁ। মই ভাবোঁ, কিতাপ পঢ়িব নোৱাৰাটো আপোনাৰ বাবে এতিয়া এটা আশীৰ্বাদ হে।
নী.ফু: ছবছৰ। বিশ্বাস কৰা, ছবছৰ ধৰি মই কিতাপ পঢ়িব পৰা নাই। সমুখত পৰি থাকে, পঢ়িব নোৱাৰোঁ। Indian Literatureখন আহি থাকে, কালি নাতিক কৈছোঁ, তই এটা কাম কৰচোন, মোক Indian Literature খনত কোনে কি লিখিছে, নামবোৰ কৈ যাচোন। সি সেই কামটো সদায় কৰে।
প.মা: It is good for you. আপুনি কিতাপ নপঢ়িব পাৰে, কিন্তু চিন্তা আপুনি ঠিকেই কৰি আছে। কবিতাৰ সন্দৰ্ভত আপুনি যিটো ৰেফাৰেঞ্চ দিলে, বা architecture সন্দৰ্ভত যিটো ক’লে, শ্বপেনহাৱাৰেও exactly সেই কথাই কৈছে। আপুনি যদি ক’ৰবালৈ গৈছে, ধুনীয়া ঘৰ এটা দেখি আপোনাৰ মনত কেনে প্ৰতিক্ৰিয়া হয়? গম নোপোৱাকৈয়ে আপুনি প্ৰভাৱিত নহয়নে?
নী.ফু: Architecture হ’ল এটা ডাঙৰ ভাস্কৰ্য্য। এইবোৰ অন্তহীন কথা। বাৰু কোৱাচোন, তোমালোক দুইটাই ভালে আছা?
দু.শ: আছোঁ চাৰ।
নী.ফু: তোমাৰ ভাল মোৰ ভাল, তোমাৰ বেয়া, মোৰ বেয়া। কোৱাচোন, কি হ’ব এতিয়া?
প.মা: কি হ’ব এতিয়া! এইটোতো এটা বাক্যত কোৱা মস্কিল। যি হ’ব লগা আছিল সেইটোৱেই হ’ব।
নী.ফু: হীৰেনক লগ পাই থাকানে?
প.মা: পাওঁ চাৰ।
নী.ফু: হীৰেন, মই, দুদুলমণি আৰু কেবাজনেও এবাৰ শালবাৰীলৈ গৈছিলোঁ। সংঘৰ্ষপীড়িত মানুহৰ খবৰ লৈছিলোঁ। কেনে এক অভিজ্ঞতা আছিল সঁচাকৈয়ে!
দু.শ: হয় চাৰ বড়ো- অনাবড়োৰ সংঘাত হৈছিল সেই সময়ত।
প.মা: মই নাছিলোঁ তেতিয়া ইয়াত।
নী.ফু: হীৰেনে এটা historic role Play কৰি আছে সম্প্ৰতি। মই এজন সাধাৰণ ছাত্র ইতিহাসৰ। শিক্ষক বুলি নকওঁৱেই। হীৰেনৰ লগত মোৰ বহুদিনৰ সম্পৰ্ক। এতিয়া অহা-যোৱাও নাই, কথা-বতৰাও নহয় তেনেকৈ। মবাইলততো মই কথা নুশুনোৱেই। মবাইল মই চলাবই নাজানিলোঁ। আচলতে মই আধুনিক যুগৰ মানুহ নহয়। তোমালোক হ’লা মডাৰ্ণ মানুহ। তোমালোকে নাজানা, বহু দিনলৈকে মই এইখন ঘৰত কলপাতত ভাত খাইছিলোঁ, চখতে। বাইদেইৰাক সুধিব পাৰা। কিবা এটা ভাল লাগিছিল।
দু.শ: চাৰৰ এতিয়া ৯০ পাৰ হৈ গৈছে নহয়?
নী.ফু: অঁ, যোৱা ছেপ্টেম্বৰত ৯০ পাৰ হ’ল
দু.শ: আপুনিতো জীৱনত বহুত দেখিলে, বহুত অভিজ্ঞতাও হ’ল আপোনাৰ।
নী.ফু: ৬৭ বছৰ লিখিলোঁ। কিন্তু কি লিখিলোঁ বুলি নুসুধিবা দেই। মোৰ শৈশৱটো বৰ ভালদৰে কটাইছিলোঁ। মই গমেই পোৱা নাছিলোঁ কিছুমান বস্তু। পিছত নানান ধৰণৰ কথা আহি গৈছে আৰু। অঁ, কোৱাচোন, কি ক’ব বিচাৰিছিলা!
দু.শ: মই ক’ব বিচাৰিছোঁ এইটোৱেই যে আমি যেতিয়া সোমাই আহিছিলোঁ, আপুনি ওলাই আহিয়েই আমাক কৈছিল যে জীৱনৰ অন্তিম পৰ্যায় পাইছোঁহি। কিন্তু চাৰ আপোনাৰতো আক্ষেপ কৰিব লগা একো নাই! জীৱনটোত বহুত আপুনি পাইছে, বহুত কৰিলে, বহুত কৰিছে।
নী.ফু: দুদুলমণি, এই ঘৰটোৰ ভিতৰত থাকি কৈছোঁ, বহুত ডাঙৰ কবিয়েও কৈ গৈছে, যে এজন কবিৰ দুটা বা তিনিটাহে সাৰ্থক কবিতা, বাকীবোৰ উৎকৃষ্ট নহয়। মোৰ কিন্তু এটাও নাই। মোৰ বিচাৰ মতে, মানে মই যিটো বিচাৰিছিলোঁ, সেই অৰ্থত এটাও নাই। এই আক্ষেপটো মোৰ থাকি গ’ল। এই কথা মই মোৰ সম্পূৰ্ণ কবিতা কিতাপখনতো উল্লেখ কৰিছোঁ। বৰ্হেছে কৈছিল যে এজন কবিৰ মাথো চাৰিটামান কবিতাহে লিখিবলৈ থাকে, বাকীবোৰ এনেয়ে লিখা হয়। তেওঁ চাৰিটা নহয়, দহ-বাৰটা ভাল কবিতা লিখিলে। মোৰ এটাও লিখা নহ’ল।
দু.শ: কিন্তু এইযে চাৰ, আপুনি বিচৰা ধৰণে লিখিব পৰা নাই, এই যে আপোনাৰ ভিতৰৰপৰা হোৱা অনুভৱ, সেই অনুভৱৰপৰা আপুনি নতুন নতুন সৃষ্টিওটো কৰি আহিছে।
নী.ফু: হয়। সেইটোৱেইতো ইমান দিনে কৰি আহিছোঁ। কিন্তু তাৰ পিছতো তোমালোকক কওঁ, সম্পূৰ্ণ অকপট চিত্তে, শুদ্ধ চিত্তে কওঁ, মই কিন্তু লিখিব নোৱাৰিলোঁ। এটা কথা কওঁ দেই। মেথিও আৰ্নল্ডৰ এটা কবিতাৰ লাইন আছিল, তেওঁক অৱশ্যে মই কবি হিচাপে বৰ ভাল নাপাওঁ, তেওঁ কৈছিল, life is short, art is long.শিল্প মানে মই সংগীত, কবিতা, নৃত্য এই আটাইবোৰ দিশ সামৰি কৈছোঁ দেই! মই বাৰু বুজাব পাৰিছোঁ নে?
প.মা: পাৰিছোঁ। আপুনি এইটোৱেই বুজাব খুজিছে যে life is short, but art is long. আৰু সেইটোতো হয়েই। Life means what, এজন মানুহৰ জীৱন মানে জন্মৰ পৰা মৃত্যুলৈকে সমগ্র জীৱনটো। কিন্তু শিল্পৰ মৃত্যু নাই।
নী.ফু: সেইটো মোৰ নহ’ল। যিটোৱে এজন শিল্পীক, এজন সংগীতজ্ঞক, ধৰা বিথোভেন বা মোজাৰ্টৰ নিচিনা, আমাৰ ইয়াতো তেনেকুৱা সংগীতজ্ঞ আছিল বহুত, এতিয়াও হয়তো আছে, সেইটো মোৰ নহ’ল। বৰ্হেছৰ কথাটো উল্লেখ কৰিলোঁ এইবাবেই। বহুতে কৈছেও, বোলে এই দহটা মোৰ শ্ৰেষ্ঠ কবিতা। মোৰ কিন্তু নাই। আৰু মই জানো নহয়, মোৰ লিমিটেশ্যন কিমান! আহিছোঁ ক’ৰপৰা? সাধাৰণ বাগানৰ মহৰীৰ ল’ৰা মই।
প.মা: কিন্তু সেইটো চাৰ আপোনাৰ লিমিটেশ্যন নহয়।
নী.ফু: নাই নাই, কথা আছে বহুত। সেইটো এটা লিমিটেশ্যন হয়। একে সময়তে, কিছুমান ক্ষেত্ৰত মই নিজকে ভাগ্যবান বুলিও ক’ম। এই ধৰা প্ৰকৃতি। প্ৰকৃতি মানে দুদুলমণি, কি ধৰণে যে মই সমৃদ্ধ হৈছোঁ! গোটেই জীৱনটোত কত কি দেখিলোঁ, বুজিলোঁ, শিকিলোঁ, মানে কি ক’ম! প্ৰকৃতি আৰু মানুহ। বিচিত্র। মই তোমালোকৰ নে কাৰোবাৰ এটা সাক্ষাৎকাৰত কৈছিলোঁ, অসমখন ভালদৰে নেদেখাৰ মোৰ এটা দুখ থাকি গ’ল। ভালকৈ চাবৰ এটা মন আছিল। কিন্তু মই বহুত দেখিছোঁও আনৰ তুলনাত। আৰু আমাৰ ভাষাটো। অসমীয়া ভাষাটো আৰু ভালদৰে লিখিবলৈ, উপলব্ধি কৰিবলৈ, চৰ্চা কৰিবলৈ বিচাৰিছিলোঁ। সেইটো মোৰ থাকি গ’ল, বুইছা। আৰ্নল্ড টয়নবী ভাৰতলৈ এবাৰ এটা বক্তৃতা দিবলৈ আহোঁতে কৈছিল, তেতিয়া নেহৰু জীয়াই আছিল, যে ভাৰতবৰ্ষ এনেকুৱা এখন দেশ, ইয়ালৈ উৰাজাহাজত আহি কি লাভ হ’ব, মটৰগাড়ীত ঘূৰি কি লাভ হ’ব, গৰু গাড়ীত উঠি চাব লাগিব। বিচিত্ৰ এই দেশ! আমাৰ অসমখনো তেনেকুৱাই। কিতাপত নোপোৱা তুমি বহুত বস্তু।
দু.শ: এতিয়াতো একধৰণৰ homogenization এ গোটেইখন ধাঁহি-মুহি নোহোৱা কৰি পেলাবলৈ লৈছে। চহৰবোৰততো প্ৰায় নোহোৱাই হৈছে, গাঁওবোৰতহে কিছু ৰৈছেগৈ।
প.মা: তথাপি, এতিয়াও আছে বহুত।
নী.ফু: মালাকৰ, সাংঘাতিক পৰিৱৰ্তন হ’ল। Industrial revolutionৰ পিছত তেনেকুৱা পৰিৱৰ্তন হৈছিল। ইতিহাসৰ ছাত্র হিচাপে সেইবোৰ পঢ়িবলৈ পাইছিলোঁ। আমাৰ ইয়াতো কেনেদৰে ৰেল আহিল, নানানটা পৰিবৰ্তন হ’ল, নিজ চকুৰে দেখা পালোঁ। এতিয়া কিন্তু বৰ বেলেগ ধৰণৰ পৰিবৰ্তন আহি গ’ল। মই আকৌ বিজেপিৰ পৰিবৰ্তনৰ কথা কোৱা নাই দেই।
কালি গোটেই দিনটো তোমালোকৰ কথায়ে পাতি আছিলোঁ বাইদেউৰাৰ লগত। মানুহৰ সংগ বৰ গুৰুত্বপূৰ্ণ। মই সঁচাকৈয়ে কৈছোঁ মালাকৰ, জীৱনটোত এনেকুৱা কিছুমান মানুহক লগ পালোঁ, মানে একেবাৰে সাধাৰণ টাইপৰপৰা বহুত ওখ খাপৰ মানুহলৈকে, জীৱনটো মোৰ বৰ বেলেগ ধৰণে সমৃদ্ধ কৰি থৈ গৈছে বুইছা! কোনোবাই চৰাইৰ নাম মোক শিকাই থৈ গ’ল, কোনোবাই আকৌ কিছুমান লতাৰ নাম কৈ থৈ গ’ল। সেইফালৰপৰা মই বৰ সৌভাগ্যবান। আৰু মই মানে সময় নষ্ট কৰা নাই বুইছা। গুৱাহাটীলৈ অহাৰ পিছত মই একেবাৰে সময় অবাবত কটোৱা নাই। বহুতে জানে কথাটো।
প.মা: চাৰ, আপোনাক দুদুলমণিয়ে যিটো কথা ক’লে, মানে আপোনাৰ আক্ষেপৰ কথা, আৰু আপুনি তাৰ যিটো উত্তৰ দিলে, এফালৰপৰা চাবলৈ গ’লে দুয়োটাৰ মাজত মিলো আছে যথেষ্ট। পৃথিৱীত এনেকুৱা এজন সজাগ, সচেতন মানুহ নোলাব, যিজনে ক’ব যে মোৰ হৈ গ’ল, মোৰ আৰু এতিয়া কোনো আক্ষেপ নাই। আৰু, মানুহ এজন সম্পৰ্কে তেওঁ নিজে কি ভাবে তাৰ লগতে তেওঁৰ সম্পৰ্কত আনে কি ভাবে, আনৰ judgement কি, আনে কেনেকৈ appreciate কৰে, সেই কথাটোও গুৰুত্বপূৰ্ণ। এতিয়া আপোনাৰ তালৈ ইমান দিন আমি অহা নাছিলোঁ। কিন্তু আজি আপুনি আমাক যিখিনি কথা ক’লে, মনটো আমাৰ ভৰি গ’ল। সেই কাৰণে মই কৈছিলোঁ যে কিতাপ পঢ়িব নোৱৰাটো আপোনাৰ বাবে একো অসুবিধা নহয়, বৰং ভাল হে হৈছে। মনটো আপোনাৰ এতিয়াও সাংঘাতিক active হৈ আছে।
নী.ফু: মই বাহাদুৰি কৰি কোৱা নাই দেই। শূন্য মন লৈ মই এক মিনিটো কটোৱা নাই। কিবা এটা ভাবি থাকোঁ অনবৰতে।
প.মা: আৰু কি জানে চাৰ? ইয়াৰ লগত এটা neurological কথাও জড়িত হৈ আছে।
নী.ফু: হেৰা দুলু, মালাকৰে আজিকালি বৰ ডাঙৰ ডাঙৰ কথা কয় হে!
প.মা: মই কৈছোঁ যে আপোনাৰ চকু কেইটা অকামিলা হৈ পৰিলেও আপোনাৰ চকুৰ যি শক্তি আছিল সেইখিনি এতিয়া মনলৈ divert হৈছে। গতিকে আপুনি এতিয়া বাহ্যিক ভাৱে দেখা নোপোৱা বস্তু এটাও আপুনি আপোনাৰ অন্তৰ্দৃষ্টিৰে দেখা পাইছে। আগতে ভালদৰে ধৰিব নোৱৰা কথাবোৰ এতিয়া আপোনাৰ মনত স্পষ্ট হৈ পৰিছে।
নী.ফু: ৰবীন্দ্ৰনাথৰ “চোখেৰ বাইৰে” বুলি কথা এষাৰেই আছিল।
দু.শ: মই এটা কথা কওঁ। বহুদিন আমি আপোনাৰ তালৈ অহা নাই। কিজানি দুবছৰ মানেই হ’ল। যোৱা সময়ছোৱাত চকুৰ আগতে দেখি আছোঁ কি হৈ আছে আমাৰ অসমখনত। একো এটা কৰিবও পৰা নাই। মনৰ ভিতৰত এটা খং, একধৰণৰ ক্ষোভ।
নী.ফু: আমাৰ এওঁৰো সেইটো হৈছে। এওঁতো মোতকৈও বেছি socio-politically active. কথাবোৰ বুজি পায়।
বাইদেউ: এওঁৰ লগত একেলগে পঢ়োঁতে পঢ়োঁতে কথাবোৰ বুজি পোৱা হৈছোঁ।
দু.শ: মই ক’ব বিচাৰিছোঁ এইটোৱেই যে মনৰ ভিতৰত খং-ক্ষোভ থাকিলেও আপোনাৰ ইয়ালৈ আহি, আপোনাৰ সৈতে কথা পাতি একধৰণৰ relief অনুভৱ কৰিছোঁ, এটা inspiration পাইছোঁ। এইটো বৰ ডাঙৰ কথা।
বা: ঋতুৱে এওঁক কি কয় জানা? তই এশ বছৰ জীয়াই থাকিবি। তোৰ চব ঠিক আছে। মেমৰি বহুত ভাল।
প.মা: আপোনাৰ কথা কোৱাৰ ধৰণ, বা চিন্তা, এইবোৰ দেখি আমাৰ অনুভৱ হৈছে যে আপোনাৰ বিশেষ একো পৰিবৰ্তন হোৱা নাই। Even after 90 years you are still young and active. এইটো ধেমালি কথা নহয়।
দু.শ: নলিনী ভট্টাচাৰ্য চাৰ কিমান বছৰ জীয়াই আছিল? ৯৩ নে ৯৪।
প.মা: ৯৪ বছৰ। তেখেত এজন অতি পৰিষ্কাৰ, নিকা মনৰ মানুহ আছিল। কোনো মলিনতা নাছিল মনত।
নী.ফু: মই তেখেতক এজন দেৱতুল্য মানুহ বুলি গণ্য কৰোঁ।
দু.শ: চাৰ, এইটো বয়সত শাৰীৰিক অসুবিধা দুই-এটা থাকিবই। কিন্তু মন আৰু মগজু দুয়োটাই সক্ৰিয় আৰু সক্ষম কৰি ৰাখিব পৰাটোহে আচল কথা।
বা: এইটো বয়সত মানুহৰ কিবা এটা থাকেই। তথাপি তেখেতৰ ডায়েবেটিচ নাই, হাৰ্টৰ অসুখ নাই।
দু.শ: খোৱাত বাচ-বিচাৰ আছে নেকি কিবা?
বা: চব বাচি দিওঁ। দুপৰীয়া জীয়া মাছ বা লোকেল মূৰ্গী সিজাই দিওঁ। ৰাতিপুৱা ওট্ছ। ৰাতি দাইল-ভাত অলপ।
নী.ফু: ৰাতি মই কেৱল দাইল আৰু ভাতৰ মণ্ড খাওঁ।
প.মা: ঠিকেই আছে। তাতকৈ বেছি এই বয়সত খোৱাটো উচিত নহয়। কাৰণ আপোনাৰ বিশেষ activityও নাই নহয়। খোজ কাঢ়ে নে?
নী.ফু: ৫০০ৰপৰা ৬০০. । সদায় নহয়। কেতিয়াবা ভাগৰ লাগে। আচলতে মানুহৰ সংগই মোক বহুত অনুপ্ৰাণিত কৰি ৰাখে। বিশেষকৈ পুৰণা মানুহখিনিৰ কথা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। কি এক আন্তৰিকতা! অ’ বৰ, ভালে আছনে? মোৰ মাৰ নাম আছিল বৰদা। এওঁক কৈছিল, অ’ ন আইটি, কি কৰিছ? সেই জীৱনটো কিন্তু লাহে লাহে নোহোৱা হৈ আহিছে। সহজ, সৰল, অকৃত্ৰিম জীৱন। এই জীৱনৰ অমিয়া আজিকালিৰ মানুহে বুজি নাপায়। মই ক’লোঁ নহয়, এই ধৰা বিহু মাৰি আছে। মাৰি থাকোঁতে অলপমান সময় ৰ’ল। এজনে আনজনৰ খবৰ ল’লে। আনন্দ চন্দ্ৰ বৰুৱাই দেখুৱালেহে ভাল লাগে। কি লাগে নো মানুহক? অলপ সংগ, ইজনে সিজনৰ খবৰ লোৱা, সুখ-দুখৰ, আনন্দ-বেদনাৰ অংশীদাৰ হোৱা। এইবোৰ নহ’লে জানো মানুহে জীয়াই থাকিব পাৰিব?
প.মা: মানুহে গণ্ডগোলটো কৰে তাতেই। মানুহে এইবোৰৰ মাজত কিবা এটা স্বাৰ্থ আনে। আৰু স্বাৰ্থ আনিলেই বস্তুটো নষ্ট হৈ যায়। আপুনি যে কৈছে, এই বস্তুবোৰ এতিয়া নোহোৱা হৈ গৈছে বুলি, তাৰ মূলতে আছে স্বাৰ্থ। স্বাৰ্থ নোহোৱাকৈ আজিকালি কোনো কাৰো ঘৰলৈ নাযায়।
নী.ফু: শুনিবলৈ বেয়া, কিন্তু একেবাৰে সঁচা। এনেকুৱা এটা জীৱন আছিল, যেতিয়া মই দেখিছিলোঁ, ২৭/২৮ ঘৰ মানুহৰ এখন গাঁও, ডেৰ কিলোমিটাৰ মানৰ এলেকা। সেৰেঙা বসতি। কাৰোবাৰ ঘৰত কোনোবা এজনৰ কিবা এটা বেমাৰ হৈছে, পাঁচ মিনিটৰ ভিতৰতে গোটেই গাঁওখনৰ মানুহে গম পাই যায়। বোলোঁ শুনিছনে? পিছফালৰ জেওৰাখনৰ গুৰিলৈ গৈ কৈছে, আমাৰ প্ৰেমদাৰ ল’ৰাটোৰ বোলে বৰ টান অ’?
প.মা: বতাহেৰে গুচি যায় কথাটো।
নী.ফু: কাৰোবাৰ ঘৰত এজন ঢুকাল। কোনেও খবৰ দিবলৈ নাযায়। কিন্তু সকলোৱে গম পাই যায়। এইটোৱেই আছিল জীৱন।
প.মা: সেইটোৱেই প্ৰকৃত জীৱন।
নী.ফু: সেই জীৱনটো তুমি এতিয়া নোপোৱা।
প.মা: এই দিয়া-লোৱা, আদান-প্ৰদানৰ মাজেৰেই মানুহ বাচি থাকে।
নী.ফু: সেইটোৱেই। তোমালোকৰ সংগ মই নাপাহৰোঁ। আৰু বহুত মানুহৰ সংগ মই পাহৰিব নোৱাৰোঁ। এইটো ঘৰলৈ হাজাৰ হাজাৰ মানুহ আহিছে। কিয় আহিছে মই নাজানো। আৰু তেওঁবিলাকে ইয়ালৈ আহি মোৰ জীৱনটো ধন্য কৰি থৈ গৈছে।
দু.শ: অকল আপুনিয়েই ধন্য হোৱা নাই, তেওঁলোক নিজেও ধন্য হৈছে।
নী.ফু: সেইটো মই নাজানো। তোমালোকে লালন ফকীৰৰ নাম শুনিছা নহয়! লালন ফকীৰৰ বাউল গীত মোৰ বৰ প্ৰিয়। তেখেতৰ গীতৰ এটা কলি আছিল এনে ধৰণৰ: মনেৰ মানুষ জিন্দা থাকে, মৰে না”। মই এতিয়া মা-দেউতাক, পুৰণা মানুহবোৰক ঘনে ঘনে দেখি থাকোঁ।
দু.শ: আমাৰ মাৰো exactly সেইটো হৈছে। পুৰণা মানুহবোৰক দেখি থাকে।
নী.ফু: এবাৰ আমি পীতাম্বৰ দেৱ গোস্বামীৰ সৈতে ট্ৰাক এখনত উঠি অস্পৃশ্যতা নিবাৰণী সভা এখনলৈ গৈছোঁ। সেয়া আছিল অষ্টম নে নৱম শ্ৰেণীৰ কথা।
প.মা: These are actually not unreal things. These are unreal reality.
নী.ফু: আমাৰ art historyত এতিয়া নতুন বস্তু এটা ওলাইছে- irreality। Surrealist ধৰণৰ। দুখন ভৰিৰ এখন ঠিকেই আছে, আনখন ভৰি তিনি হাত দীঘল। এতিয়া বহু পুৰণি কথা মনলৈ আহি থাকে। সেই বাস্তৱ এতিয়া আৰু কেতিয়াও নাপাওঁ। তোমাৰ লিখা এটা ওলাইছে গৰীয়সীত। মই মুভ্দ হৈ গৈছোঁ পঢ়ি, নিজেতো পঢ়িব নোৱাৰোঁৱেই। বাইদেউৰাই পঢ়ি দিলে। তুমি এটা কাম কৰা। লিখাবোৰ গোটাই তিনিটা মান ভাগত ভাগ কৰি কিতাপ এখন কৰা।
প.মা: কৰিব লাগিব। বাইদেউ, চাৰক বহুত ভাগৰুৱা যেন লাগিছে। আৰু আমনি নকৰোঁ। আজিলৈ উঠোঁ।