• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2025 8:52 pm
দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত দেশৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আৰু দুশৰো অধিক নাগৰিকৰ সহযোগিতাৰে হোৱা এখন গাম্ভীৰ্যপূৰ্ণ সভাত দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতিৰ ওপৰত এক মনোজ্ঞ আলোচনা অনুষ্ঠিত হয় । কালিয়েই সৰ্বশ্ৰী প্ৰশান্ত ভূষণ, জৱাহৰ চিৰকাৰ, চৈয়দা হামীদ আৰু হৰ্ষ মান্দেৰ অসমত উপস্থিত হৈ গোৱালপাৰাত হোৱা উচ্ছেদ আৰু বৰদুৱাৰত হ’বলগীয়া উচ্ছেদ পৰিদৰ্শন কৰে আৰু আৰু কাৰ্বি আংলঙৰ প্ৰতিনিধিৰ লগত আজি আলোচনা কৰে ।

আজি ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অসম নাগৰিক সন্মিলনৰ তৰফৰ পৰা পৰেশ মালাকাৰে সকলোকে আদৰণি জনায় আৰু তেখেতসকলৰ অসম ভ্ৰমণৰ উদ্দেশ্যৰ বিষয়ে বিবৰি কয় যে অসমত বৰ্তমানে সকলো আইন কানুন জলাঞ্জলি দি চলাই থকা উচ্ছেদ আৰু অন্যান্য কামকাজবোৰে দেশজুৰি দৃষ্টি আকৰ্ষণ কৰিছে আৰু ইয়াৰ বিষয়ে এটা চৰজমিন অধ্যয়ন চলাবৰ বাবেই এই বিশিষ্ট ব্যক্তিৰ দলটোৱে ৰাজ্যখন ভ্ৰমণ কৰিলে ।

সভাত ভাষণ দি প্ৰখ্যাত আইনবিদ প্ৰশান্ত ভূষণে কয় যে অসম এতিয়া বিজেপি-শাসিত ৰাজ্যবিলাকৰ ভিতৰতো অতি কুশাসিত ৰাজ্যৰ মৰ্যাদা পাইছে । কোনো বিকল্প সংস্থাপন নিদিয়াকৈয়ে দুখীয়া ৰাইজক উচ্ছেদ কৰি সেই মাটি কৰ্পোৰে’ট গোষ্ঠীৰ হাতত তুলি দিয়া হৈছে । দেশৰ সকলো সাংবিধানিক অনুষ্ঠানকে চৰকাৰে অন্যায়ভাৱে নিয়ন্ত্ৰণত ৰাখিছে । স্বতন্ত্ৰ সংবাদ মাধ্যমৰ অস্তিত্বই বিলুপ্ত হৈছে । তেখেতে ট্ৰোল আৰ্মীৰ ঠাইত ট্ৰুথ আৰ্মীৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে । চৰকাৰী খণ্ডত এক কোটি চাকৰি খালী হৈ পৰি থকা সময়ত, চৰকাৰে নিকা উপায়েৰে এই পদসমূহ পূৰণ কৰিবৰ বাবে কোনো ব্যৱস্থা কৰা নাই । স্বাস্থ্যসেৱা, শিক্ষা আৰু বেংকিঙৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহকো চৰকাৰে ব্যক্তিগতকৰণ কৰিছে ।

আগৰ পৰিকল্পনা আয়োগৰ সদস্য চৈয়দা হামীদে অসমৰ লগত তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা সুঁৱৰে আৰু ধৰ্ম-ভাষা নিৰ্বিশেষে এখন সমতাপূৰ্ণ সমাজৰ কাৰণে সংগ্ৰাম অসমৰ পৰাই আৰম্ভ হ’ব পাৰিব বুলি তেওঁ আশা ব্যক্ত কৰে ।

প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰাক্তন ৰাজ্যসভাৰ সদস্য জৌহৰ চিৰকাৰে তেওঁৰ দীৰ্ঘ দিনৰ প্ৰশাসনীয় অভিজ্ঞতাৰ ভাগ দি কয় যে চৰকাৰৰ কুকৰ্মবোৰৰ প্ৰতিৰোধ কৰিবই লাগিব । তেওঁ অসমৰ সভ্যতা দেশৰ অন্য কেইবাখনো ৰাজ্যতকৈ পূৰণা আৰু সমৃদ্ধ বুলি অভিহিত কৰি অসমৰ ৰাইজে সাহসেৰে আইনবিৰোধী কামকাজবোৰৰ বিৰুদ্ধে থিয় হব পাৰিব বুলি আশা প্ৰকাশ কৰে ।

প্ৰাক্তন ভাৰতীয় প্ৰসানীয় সেৱাৰ বিষয়া আৰু সংখ্যালঘুৰ অধিকাৰৰ বাবে নিৰলস কৰ্মৰত সমাজকৰ্মী হৰ্ষ মান্দেৰে কয় যে তেওঁৰ অসমৰ লগত সম্পৰ্ক বহুদিনীয়া । অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত তেওঁৰ জন্ম হৈছিল । তেওঁ যোৱা দহ এঘাৰ বছৰ ধৰি দেশত দ্ৰুতভাৱে  আইনৰ শাসনৰ অৱনতি হোৱাৰ কথা উল্লেখ কৰি অসমৰ লগতে দেশৰ অন্য ঠাইতো পৰিলক্ষিত হোৱা ইয়াৰ প্ৰতিফলনসমূহৰ বিষয়ে বিবৰি কয় ।

বিশিষ্ট ব্যক্তিসকল সভাৰ পিছতে দিল্লীলৈ ঘূৰি যাবলগীয়া হোৱা বাবে সভাৰ প্ৰশ্নোত্তৰ শিতানটো বাদ দিব লগীয়া হয় । সভাপতিৰ মন্তব্যত, অজিত কুমাৰ ভূঞাই সভাখন চুটি হ’লেও অতি তাৎপৰ্যপূৰ্ণ আৰু লাভদায়ক হৈছে বুলি উল্লেখ কৰে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

কাৰ্যালয়ত প্ৰৱেশ কৰি দলিত অভিযন্তাক জোতাৰে প্ৰহাৰ : বিজেপি নেতা গ্ৰেপ্তাৰ

August 24, 2025 8:12 pm
গৰ্ভধাৰণৰ অজুহাতত নিঃসন্তান মহিলাক ধ*ৰ্ষণ! উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ তান্ত্ৰিক

গৰ্ভধাৰণৰ অজুহাতত নিঃসন্তান মহিলাক ধ*ৰ্ষণ! উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ তান্ত্ৰিক

August 24, 2025 7:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

দেশৰ সামগ্ৰিক পৰিপ্ৰেক্ষিতত অসমৰ পৰিস্থিতি : দুই শতাধিক নাগৰিকৰ উপস্থিতিত গুৱাহাটীত নাগৰিক সভা

August 24, 2025 8:52 pm
পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

পাকিস্তান–বাংলাদেশৰ সৈতে মিলি অসমক অস্থিৰ কৰাৰ চেষ্টা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ

August 24, 2025 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd