NORTHEAST NOW (Assamese)

মল্লিকাৰ্জুন খৰ্গেৰ জোঁৱায়েকৰ বিৰুদ্ধে চিবিআইত ৮০০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ

May 7, 2024 6:26 pm · এন ই নাও নিউজ, গুৱাহাটী

এইবাৰ চৰ্চাত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ জোঁৱায়েক। খৰ্গেৰ জোঁৱাই তথা কৰ্ণাটকৰ কলাবুৰাগী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাধাকৃষ্ণ দোদ্মণিকে ধৰি আন পাঁচগৰাকীৰ বিৰুদ্ধে ৮০০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। বিজেপিৰ বেংগালুৰু দক্ষিণ জিলাৰ সভাপতি এন আৰ ৰমেশে চিবিআই আৰু কৰ্ণাটক লোকায়ুক্তত লিখিত এজাহাৰ দাখিল কৰিছে।

দোদ্মণি ডাঃ বি আৰ আম্বেদকাৰ চিকিৎসা মহাবিদ্যালয় আৰু বি আৰ ডেন্টাল কলেজৰ পৰিচালনা সমিতিৰ মুৰব্বী। তেওঁৰ বিৰুদ্ধে দুৰ্নীতি, প্ৰৱঞ্চনা, জালিয়াতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে।

এন আৰ ৰমেশে অভিযোগ কৰে যে দোদ্মণিয়ে আনসকলৰ সৈতে অনৈতিকভাৱে ধন সংগ্ৰহ কৰি ধনী পৰিয়ালৰ অযোগ্য ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ বাবে ধন সংগ্ৰহ কৰিছিল। ইয়াৰ বাবে তেওঁলোকে ভুৱা নথি-পত্ৰ তৈয়াৰ কৰিছিল। এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমত নামভৰ্তি কৰি শ শ কোটি টকা পকেটত ভৰোৱা বুলি অভিযোগ উত্থাপন কৰে বিজেপি নেতাগৰাকীয়ে।ৰমেশে আৰু অভিযোগ কৰে যে চিকিৎসা আৰু দন্ত চিকিৎসাৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আনুমানিক ৮০০ কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰা হৈছে। তেওঁ কয় যে মহাবিদ্যালয়ৰ একাংশ কৰ্মী সংগঠন, সমাজকৰ্মী আৰু প্ৰশাসনিক সমিতিয়ে ৰাজ্যপালৰ কাৰ্যালয়, ৰাজ্যিক মুখ্য সম্পাদকলৈ অভিযোগ দাখিল কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ২০০৮-০৯ চনৰ পৰা ৬ মে’লৈ হাজাৰ হাজাৰ অনৈতিক কাৰ্য পোহৰলৈ আহিছে।

অভিযোগৰ সমৰ্থনত প্ৰমাণৰ সৈতে বাংগালুৰুৰ কলেজীয়া ছাত্ৰৰ উদাহৰণ দিয়া হৈছে। ৰমেশে অভিযোগ কৰে যে বিগত ১৫ বছৰ ধৰি চলি আছে এই দুৰ্নীতি। লগতে তেওঁ কয় যে অমানুল্লাহ খানে বৰ্তমান তামিলনাডুৰ কৃষ্ণগিৰি জিলাত ৫০০ কোটি টকা ব্যয় সাপেক্ষে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰি আছে।

বিজেপি নেতাজনে অভিযোগত লিখিছে, মল্লিকাৰ্জুন খাৰ্গেৰ জোঁৱাই ৰাধাকৃষ্ণই এমবিবিএছ উত্তীৰ্ণ হ’বলৈ ৯ বছৰ সময় লৈছিল। ১৮ বাৰ পৰীক্ষা দিছিল। লগতে বিজেপি নেতাগৰাকীয়ে এম ডি ডিগ্ৰীক লৈ সন্দেহ প্ৰকাশ কৰে।

Related News