অসম চৰকাৰৰ অধীনৰ যিকোনো চাকৰিত নিযুক্তিৰ বয়সৰ ন্যূনতম সীমা ১৮ বছৰ হোৱাৰ সময়তে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগত ১৫-১৬ বছৰতে নিযুক্তি লাভ কৰি শিক্ষকতা কৰি থকাৰ ঘটনা পোহৰলৈ আহিছে।
উল্লেখযোগ্য যে অসম নৱ নিৰ্মাণ সেনা নামৰ সংগঠনটোৱে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এই কথা পোহৰলৈ আনিছে।
শিৱসাগৰ জিলা শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত জামুগুৰি প্ৰাথমিক বিদ্যালয়ত ১৯৮৫ চনৰ এক এপ্ৰিলত যোগদান কৰা এগৰাকী শিক্ষয়িত্ৰীৰ বয়স জন্ম বয়স ১ এপ্ৰিল, ১৯৬৯।
এতিয়া মন কৰিব লগীয়া যে শিক্ষয়িত্ৰী গৰাকীয়ে চাকৰিত যোগদান কৰোতে উল্লেখ কৰা অনুসৰি যোগদানৰ সময়ছোৱাত তেওঁৰ বয়স হ’ব ১৬ বছৰ।
৫৬২ নং নৰাকোঁৱৰ বাইলুং এল পি স্কুলৰ এজন শিক্ষকে ১৯৯৬ চনৰ ২৭ জানুৱাৰীত যোগদান কৰোতে তেওঁৰ জন্মৰ তাৰিখ দিয়া আছে ২ মাৰ্চ, ১৯৭৯। এই অনুসৰি সেই সময়ত তেওঁৰ বয়স ১৬ বছৰ।
এনেদৰেই শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অধীনৰ কেইবাখনো বিদ্যালয়ত জালিয়াতিৰে ১৫/১৬ বছৰ বয়সতে শিক্ষকতাৰ চাকিৰ লোৱাৰ কথা পোহৰলৈ আহিছে।
আনহাতে যোৱা ৫ অক্টোবৰত প্ৰশান্ত শইকীয়া নামৰ এজন ব্যক্তিয়ে শিৱসাগৰ সদৰ থানাত এই অনিয়ম তথা জালিয়াতি সন্দৰ্ভত এজাহাৰ দাখিল কৰে।
আৰু পিছত শইকীয়াই দাখিল কৰা এজাহাৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ১০৩৬/১৮ নম্বৰত গোচৰ ৰুজু কৰি এই জালিয়াতি সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে।
ইফালে নৱ নিৰ্মাণ সেনাই এই জালিয়াতিৰ সন্দৰ্ভত এই উচিত তদন্ত কৰাৰৰ বাবে আহ্বান জনোৱাৰ লগতে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগত বিভিন্ন সময়ত হোৱা নিযুক্তি সন্দৰ্ভত দুৰ্নীতিৰ দাবী তুলি শিক্ষা মন্ত্ৰী, মুখ্য মন্ত্ৰীলৈ তথ্যসহ ইয়াৰ প্ৰতিলিপি প্ৰেৰণ কৰে।