দেশৰ সীমান্তত যুদ্ধকালীন পৰিস্থিতি। ঘোষণা কৰা হৈছে ব্লেক আউট। যাৰ বাবে বৃহস্পতিবাৰে ৰাজস্থানত হঠাৎ বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে। ব্লেক আউটতেই বিয়াৰ দিন পৰিছিল যোধপুৰৰ এহাল দম্পতীৰ।
যোধপুৰ দম্পতীহালৰ বিয়াৰ মুহূৰ্ত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পিছতে নিমিষতে ভাইৰেল হৈ পৰে। ভিডিঅ’টোত দেখা গৈছে যে চাৰিওফালে আন্ধাৰ। আন্ধাৰতেই বিবাহৰ নিয়ম চলি আছে। পৰম্পৰা অনুসৰি তেওঁ আন্ধাৰতে অগ্নিক সাক্ষী কৰি সাত পাক ঘূৰিছিল দম্পতীহালে।
বিয়াত অতিথিসকলে মোবাইলৰ টৰ্চ জ্বলাই নিজৰ বিয়াখন স্বাভাৱিক কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। পোহৰ নথকা হ’লেও বিয়াৰ অনুষ্ঠান বন্ধ নহ’ল। সেয়েহে এতিয়া চৰ্চিত হৈ পৰিছে এই বিয়াখন।