NORTHEAST NOW (Assamese)

৩২ লাখ টকাৰ লোভত মাতৃক হত্যা তোলনীয়া পুত্ৰৰ : অক্ষমনীয় গণ্য কৰি মৃত্যুদণ্ডৰ ঘোষণা আদালতৰ

July 24, 2025 5:41 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

মাকৰ ৩২ লাখ টকাৰ ফিক্সড ডিপজিটৰ ওপৰত চকু আছিল পুত্ৰৰ।  যাৰ বাবে মাতৃ হত্যা কৰিলে দত্তক সন্তানে। মধ্যপ্ৰদেশৰ শ্বেওপুৰত সংঘটিত হৈছে এই ঘটনা।

শ্বেওপুৰ বিচাৰ আদালতে ইতিমধ্যে দোষী পুত্ৰক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।

জানিব পৰা মতে, মহিলাগৰাকীয়ে বহু বছৰ তোলনীয়া সন্তান হিচাপে গ্ৰহণ কৰিছিল অভিযুক্ত যুৱকজনক।

এই গোচৰৰ ৰায়ৰ সময়ত আদালতে কয় যে মাকক হত্যা কৰাৰ কোনো ‘অজুহাত গ্ৰহণযোগ্য নহয়।

অতিৰিক্ত অধিবেশন ন্যায়াধীশ এল ডি সোলংকিয়ে যোৱা বছৰ মাতৃ উষা দেৱীক হত্যা কৰাৰ অপৰাধত শ্বেওপুৰ ৰেলৱে কলনীৰ বাসিন্দা দীপক পাচৌৰীক মৃত্যুদণ্ডৰ ঘোষণা কৰিছে।

বিশেষ ৰাজহুৱা অভিযুক্তৰ মতে, ২০২৪ চনৰ ৮ মেত শ্বেওপুৰ কোতৱালি থানাত মাতৃৰ নামত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে দীপকে। কিন্তু তেওঁৰ বক্তব্যত অসামঞ্জস্যতা লক্ষ্য কৰি আৰক্ষী সন্দেহজনক হৈ পৰে। পিছত জেৰাৰ সময়ত দীপকে নিজেই মাতৃক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

আৰক্ষী অধীক্ষকে জনোৱা মতে, ২০ বছৰ পূৰ্বে উষা দেৱী আৰু তেওঁৰ স্বামী ভূৱেন্দ্ৰ পচৌৰীয়ে গ্ৱালিয়ৰৰ এখন অনাথ আশ্ৰমৰ পৰা দীপকক তোলনীয়া সন্তান হিচাপে গ্ৰহণ কৰিছিল।

২০২১ চনত পিতৃৰ মৃত্যুৰ পিছত দীপকে ফিক্সড ডিপজিটৰ পৰা প্ৰায় ১৭ লাখ টকা উলিয়াইছিল। উদ্দেশ্য আছিল শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা। একেদৰেই তেওঁ ১৪ লাখ টকা শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰি বাকী ধন উৰুৱাই দিছিল।

গুৰুতৰ লোকচানৰ সন্মুখীন হৈ দীপকে মাতৃৰ ৩২ লাখ টকাৰ ফিক্সড ডিপজিটৰ ওপৰত চকু দিয়ে। চৰকাৰী অধিবক্তাগৰাকীয়ে কয় যে যিহেতু এই ধনৰ একমাত্ৰ উত্তৰাধিকাৰী ব্যক্তি দীপক, গতিকে সেই ধন অতি সোনকালে তেওঁৰ হাতত পোৱাটোৱেই আছিল মূল উদ্দেশ্য।

কিন্তু যেতিয়া উষা দেৱীয়ে পুত্ৰক টকাখিনি দিবলৈ মান্তি নহল, তেতিয়া দীপকে ঠাণ্ডা মগজুৰে মাকক হত্যা কৰাৰ পৰিকল্পনা কৰিলে। পৰিকল্পনা অনুসৰি ৬ মেত মাকক চিৰিৰ পৰা ঠেলি দিলে। তেতিয়াও যেতিয়া উষা দেৱীৰ মৃত্যু নহল, তেতিয়াও দীপকে লোহাৰ ৰডেৰে মাকক হেঁচা মাৰি ধৰিলে।

দীপকে মাকক ৰঙা কাপোৰেৰে মেৰিয়াই চিৰিৰ তলৰ টয়লেটৰ বেৰ ভাঙি মাকৰ মৃতদেহটো পুতি দিয়ে।

জেৰাৰ অন্তত আৰক্ষীয়ে তাৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো। সকলো প্ৰমাণ আৰু তথ্যৰ ভিত্তিত ইয়াৰ পিছতে আৰক্ষীয়ে দীপকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

Related News