‍‘মোক পুনৰ নাচিব পৰা কৰি দিয়ক’, এগৰাকী নৃত্যশিল্পীৰ কাতৰ অনুৰোধ

‍‘মোক সুস্থ কৰি দিয়ক৷ মোক পুনৰ নাচিব পৰা কৰি দিয়ক’, এক ভিডিঅ’ যোগে এই কাতৰ অনুৰোধ ৰাজ পাল নামৰ এগৰাকী নৃত্যশিল্পীৰ৷

ৰাজ গুৱাহাটী মহানগৰীৰ শিলপুখুৰীৰ বাসিন্দা। মিউজিকৰ স্নাতক মহলাৰ ছাত্ৰ তথা নৃত্য বিশাৰদ, কৰিঅ’গ্ৰাফাৰ ৰাজৰ অৱস্থা এতিয়া তথৈবচ।

এবছৰৰ আগলৈকে তিনিখনকৈ নিজা নৃত্য স্কুলত প্ৰশিক্ষণ দিয়া নৃত্য বিশাৰদগৰাকীৰ সংগ এতিয়া বিচনা।

২০১৯ বৰ্ষৰ জুন মাহত এক ভয়ংকৰ ৰেইল দুৰ্ঘটনাত পতিত হৈছিল ৰাজ। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত দুটাকৈ অস্ত্ৰোপ্ৰচাৰ কৰাত কিছু পৰিমাণে সুস্থ হয় যদিও আজি পৰ্যন্ত যন্ত্ৰণা উপশম হোৱা নাই নৃত্য শিল্পীগৰাকীৰ৷

ইপিনে তেওঁৰ যন্ত্ৰনা সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ সীমা ৰেখা দেৱীৰ সৈতে যোগাযোগ কৰে আৰু তেখেতে প্লাষ্টিক চাৰ্জাৰী কৰাৰ পৰামৰ্শ দিয়ে।

চিকিৎসকৰ এই পৰামৰ্শৰ পিছতে এতিয়া বিমোৰত পৰিছে নৃত্য শিল্পীজন৷ যিহেতু চিকিৎসাত প্ৰায় আনুমানিক ৪লাখ টকা খৰছ হ’ব৷

উল্লেখযোগ্য যে দুবেলা দুসাজৰ বাবে হাহাকাৰ কৰিব লগা ঘৰখনে এতিয়া ৪ লাখকৈ টকা ব্যয় কৰি চিকিৎসা কৰিব নোৱাৰাৰ বাবে এতিয়া অসমবাসী ৰাইজ আৰু অসম চৰকাৰক সহায় আগবঢ়াবলৈ অনুৰোধ কৰিছে।

ৰাজে ভিডিঅ’যোগে কয়, “মোক সুস্থ কৰি দিয়ক৷ মোক পুনৰ নাচিব পৰা কৰি দিয়ক৷ যাতে মই ঘৰখনৰ বাবে কিবা অলপ উপাৰ্জন কৰিব পাৰো”৷

এই নৃত্য শিল্পীগৰাকীক সহায় কৰিব বিচাৰিলে বেংক অফ ইণ্ডিয়াত ধন আগবঢ়াব পাৰে।

Bank of India ৰ একাউণ্ট নম্বৰ হৈছে : 502910110002199, IFSC BKID0005029।