• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৮ মাহত ৪৬ কিলোগ্ৰাম ওজন কমাই পুৰস্কাৰ লাভ কৰিলে দিল্লী পুলিচ বিষয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2022 6:30 pm
145
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰিয় শাসিত ৰাজ্য দিল্লীৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই ৮ মাহত কমালে শৰীৰৰ ৪৬ কিলোগ্ৰাম অতিৰিক্ত ওজন। ইয়াৰ বাবে তেওঁক তেওঁৰ উচ্চতম আৰক্ষী বিষয়াই বঁটা প্ৰদান কৰিছে বিশেষ পুৰস্কাৰ।

দিল্লী আৰক্ষী বুলিয়েই নহয়, ভাৰতৰ সকলো ৰাজ্যত আছে শাৰীৰিক ফিটনেছ নথকা তথা অতিৰিক্ত ওজন থকা বহু আাৰক্ষী বিষয়া-কৰ্মী। যাৰ বাবে যথেষ্ট সমস্যা আৰু সমালোচনাৰ সন্মুখীন হয়।

ওজন কমাবলৈ বঁটা লাভ কৰা আৰক্ষী বিষয়াগৰাকীৰ নাম জিতেন্দ্ৰ মণি। তেওঁ দিল্লী মেট্ৰ’ আৰক্ষীৰ উপ আয়ুক্ত।

জিতেন্দ্ৰ মণিৰ ওজন ৮ মাহ পূৰ্বতে আছিল ১৩০ কেজি। ৮ মাহৰ কঠোৰ অধ্যৱসায়, ব্যায়াম, জীৱন শৈলী আৰু খাদ্যাভাসৰ বাবে এতিয়া তেওঁৰ ওজন ৮৪ কেজিলৈ হ্ৰাস পাইছে।

অতিৰিক্ত ওজনৰ বাবে জীতেন্দ্ৰ মণিয়ে একাধিক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল। ডায়েবেটিছ, উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল আদি সমস্যাই তেওঁৰ স্বাস্থ্যক বেৰি ধৰিছিল।

এই সমস্যা সমূ্হৰ পৰা পৰিত্ৰাণ পাবলৈ এটা সময়ত জিতেন্দ্ৰই ওজন কমোৱাৰ সিদ্ধান্ত ল’লে। ইয়াৰ বাবে তেওঁ নিজৰ জীৱনশৈলীত আমূল পৰিৱৰ্তন আনিলে।

জিতেন্দ্ৰই প্ৰতিদিনে ১৫ হাজাৰ খোজ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে। লগতে তেওঁ স্বাস্থ্যকৰ খাদ্য খাবলৈ আৰম্ভ কৰিলে।

আৰক্ষী বিষয়াগৰাকীয়ে ওজন কমাবলৈ কঠোৰ খাদ্যাভ্যাস মানি চলিছিল। ইয়াৰ ফলত মাত্ৰ ৮ মাহত তেওঁৰ কঁকালৰ ব্যাস ১২ ইঞ্চি হ্ৰাস পায়। লগতে তেওঁৰ কলেষ্টেৰলৰ মাত্ৰাও যথেষ্ট হ্ৰাস কৰিবলৈ সক্ষম হয়।

জিতেন্দ্ৰই কয় যে তেওঁ নিজৰ জীৱনশৈলী সলনি কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ প্ৰতিমাহে ৪৫ লাখ খোজ খোজ কাঢ়ি যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। যোৱা ৮ মাহত তেওঁ ৩২ লাখতকৈ অধিক খোজ খোজ কাঢ়িছে।

দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই জীতেন্দ্ৰৰ ওজন কমাবলৈ কৰা ধাৰাবাহিক প্ৰচেষ্টাক প্ৰশংসা কৰে। ব্যাপক পৰিমাণৰ ওজন কমোৱাৰ ক্ষেত্ৰত সফলতা লাভ কৰাৰ পিছত হাজাৰ হাজাৰ আৰক্ষীয়ে অংশগ্ৰহণ কৰা এক অনুষ্ঠানত আৰক্ষী আয়ুক্তই তেওঁক বঁটা প্ৰদান কৰে।

জিতেন্দ্ৰই নিজৰ এই সফলতাৰ বাবে তেওঁৰ উৰ্দ্ধতম বিষয়া আৰু সহকৰ্মীসকলক কৃতিত্ব দিয়ে। কাৰণ, তেওঁলোকে তেওঁক ওজন কমাবলৈ অনুপ্ৰাণিত কৰিছিল। অহৰহ সহায় আৰু সমৰ্থন দিছিল।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd