ফেচুবুক কৰ্ণাৰ : আলফাৰ এক কলংকিত অধ্যায়, এগৰাকী লেখিকা আৰু এখন উপন্যাস

ভৰিত সাতটা গুলীৰ আঘাত তেওঁ এতিয়াও কঢ়িয়াই ফুৰিছে। আলফাৰ সাতটা গুলী। আলফাই নিৰ্বাচন বৰ্জনৰ আহ্বান দিয়াৰ সময়ত সেই আহ্বানৰ প্ৰতিমুখে তিনিচুকীয়া কলেজৰ গণিতৰ অধ্যাপক অনিল বৰুৱাই নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছিল সেই সময়ৰ Indian People’s Front ৰ ফালৰ পৰা। নিৰ্বাচনত উঠা অনেক নামী দামী দলৰ দিগগজ প্ৰাৰ্থীক নধৰি আলফাই ধৰিছিল সহজতে পোৱা অনিল বৰুৱাক। বাকীবোৰ প্ৰাৰ্থীক নিৰাপত্তাৰ বেহু ভেদী গুলীয়াবলৈ সাহস, সক্ষমতা একোৱেই হয়তো তেওঁলোকৰ নাছিল। গতিকে দুখীয়া নিচলা মানুহ এমুঠিৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত অনিল বৰুৱাকে উপৰ্যুপৰি ওচৰৰ পৰা গুলীয়াইছিল। তেওঁক ৰক্ষা কৰোঁতা কোনো নাছিল। কাষতে আছিল প্ৰগতিশীল নাৰী সন্থাৰ সেই সময়ৰ সক্ৰিয় কৰ্মী কনকলতা।অমিত সাহসেৰে তেওঁ নিজৰ গাত লোৱা শ্বলখনেৰেই অনিল বৰুৱাক ঢাকি ধৰি আলফাৰ গুলীৰ সন্মুখত থিয় দিছিল। আলফাৰ বীৰকেইজনে সেই অসহায়, নিৰস্ত্ৰ ছোৱালীজনীক গুলীৰে থকা সৰকা কৰি, তেওঁলোকৰ সহজ টাৰ্গেট অনিল বৰুৱাক থিতাতেই নিহত কৰি বীৰদৰ্পে পলায়ন কৰিছিল।যথাৰীতি, আৰক্ষী আহি পাইছিল সকলো শেষ হোৱাৰ বহু পৰ পাছত।

সি যি নহওক, ভৰিত সাতোটা গুলীৰে বহুদিন চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি যুঁজি কনকলতা এদিন থিয় হ’ব পৰা হৈছিল। তাৰ পাছত জীৱনত বহু সংঘাত সংশয় অতিক্ৰম কৰিও এক চুলিও আপোচ নকৰাকৈ এতিয়াও তেওঁ যুঁজি আছে স্থিতাৱস্থাকামী শাসকৰ বিৰুদ্ধে। আপোচ কাক কয় সেইটো যেন তেওঁ নিশিকিলেই। জীৱন সংগী ৰাজীৱ দত্তৰ লগত দুয়ো আন প্ৰগতিশীল কাম কাজৰ লগতে ‘যুক্তি বিকাশ সমিতি, অসম’ৰ আৰম্ভণীৰে পৰা সক্ৰিয়ভাৱে জড়িত হৈ আছে।

শেহতীয়াকৈ কনকলতা দত্তই লিখা এখন উপন্যাস উন্মোচন হ’ল যোৰহাটত। উপন্যাসখনৰ নাম ‘মনাঘাত’।দৰিদ্ৰতাই কঢ়িয়াই অনা সংঘাতে কেনেকৈ এজন শিশুক শৈশৱৰ সোণালী সময়তে জীৱন সংগ্ৰামত জপিয়াই পৰিবলৈ বাধ্য কৰিলে, তাৰ পাছত প্ৰতি পদতে জীৱনে কেনেকৈ সেই শিশুটিক এজন পৰিপক্ক শ্ৰেণী সচেতন মানুহত পৰিণত কৰিলে, মূলত: সেই কাহিনীয়েই বৰ্ণিত হৈছে উপন্যাসখনত।গ্ৰন্থমেলাত জিলিকি থকা বহুবোৰ উপন্যাস দুপাতমান পঢ়িয়েই আগবাঢ়িবলৈ মন নাযায়। জোৰ কৰি ভাষাত কাব্যিকতা অনাৰ প্ৰয়াস, যৌনতাৰ সুৰসুৰণি তুলি বজাৰ দখল কৰাৰ প্ৰয়াস, বঁটাৰ লোভত অৰাজনৈতিক বুলি নিজকে প্ৰদৰ্শন কৰাৰ ৰাজনীতি ইত্যাদি ইত্যাদি সচৰাচৰ দেখা বেমাৰবোৰ উপন্যাসখনত নাই। আনকি উপন্যাসখন লিখি সেইখন কাৰোবাৰ হাতত তুলি দি অ’টগ্ৰাফ দি চেলফি উঠি, পাঠকক আকৰ্ষণ কৰাৰ প্ৰয়াসো তেওঁৰ নাই। এইবোৰ কাৰণতেই বৰ্তমান সময়ত ‘মনাঘাত’ এখন ব্যতিক্ৰমী উপন্যাস।