• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মনৰ মিলন

ডালিম দাস by ডালিম দাস
January 3, 2023 1:13 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মনৰ মিলন

বিয়া হেনো দুটি মনৰ মিলন l ইমান সহজ নে? এটা মনৰ মিলনেই বাৰু সহজ নে? হয়, এটা মনৰ মিলন l আজিৰ মনটোৰ সৈতে কাইলৈৰ মনটোৰ মিলন l আজি ভাল পাওঁ‌ বিজেপিক l কাইলৈ কংগ্ৰেছক l আজি মিহি হিন্দুত্ববাদী, কাইলৈ কট্টৰ হিন্দুত্ববাদী, পৰহিলৈ অলপ লিবাৰেল l আজি ভাল পালোঁ‌ নাৰীমুক্তিৰ ধাৰণাক, কাইলৈ (‘দুটি মনৰ মিলন’ৰ ফলশ্ৰুতি) শুভবিবাহৰ পিছত ভাল পালোঁ‌ ‘তিৰোতাই ঘৰৰ কাম তো কৰিবই লাগিব না!’-ধাৰণাক l এইখিনিতে কোনোবাই ক’বঃ ভাই,  মনটো কি এটা ফিক্সড বস্তু ? মনৰ বিকাশ নহয় নেকি? এশবাৰ হয় l কিন্তু গুজৰাটৰ পাইপলাইনৰপৰা ‘সভ্যতাৰ শত্ৰু’ৰ আখ্যানলৈ, আজি আঠ মাৰ্চ পালি কাইলৈ ‘ধৰ্ষণৰ মূলতে নাৰীৰ সাজ’-ধাৰণালৈ হোৱা হেজাৰ বিজাৰ shift ক ‘মনৰ বিকাশ’ বা ‘মনৰ গতি’ বোলা নাযায় l ‘মনৰ contradiction ৰ হৰিবোলেৰে এই কথাবোৰ সামৰি বহি থাকিব নোৱাৰি l ক্ষমতাসীন চামৰ কথা বেলেগ l তেওঁ‌লোকে কোৱা মনৰ কথাৰ আঁ‌ৰত সংকীৰ্ণ ৰাজনৈতিক অভিপ্ৰায় থাকে l কিন্তু সৰহভাগৰেই মনটো জীৱনৰ উপৰিভাগত নিৰ্বোধৰ দৰে যেনি-তেনি ভাহি ফুৰে l সেই মনটোৰ লগত তেনেকৈ ভাহি ফুৰা আন এটা মনৰ মিলন কেনেকৈ হ’ব ? ধৰক গছৰপৰা সৰি পৰা দুটা পাত l সিহঁ‌তে হাতে-হাত ধৰি একেলগে উটি ভাহি ফুৰিব নে সোঁ‌তৰ বিপৰীত গতিত না-পাত্তা হৈ ছিন্ন-ভিন্ন হৈ যেনি-তেনি উটি যাব? (ভুটুংকৈ হয়তো ক’ৰবাত লগ লাগিব, পিছমুহুৰ্ততে আঁ‌তৰি যাব l)

হয়, দুটা পুৰঠ ( stable) মনৰ মিলন সম্ভৱ l ধৰা হ’ল– উভয়েই চুঢ়ান্ত বস্তুবাদীঃ চিনি পায় কেৱল আৰু কেৱল পইছা আৰু মাটি আৰু ফ্লেট আৰু বজাৰ আৰু — l কোনো পিতৃমাতৃ নাই, ওচৰ চুবুৰীয়া নাই, কোনো সা-সম্পৰ্কৰ টান নাই l তেনে এহাল দম্পত্তী মনৰ মিলনেৰে সুখী হ’ব পাৰে l ( পাৰে নে?) বা উভয়েই কট্টৰ হিন্দুত্ববাদী ঃ “মুছলীমৰপৰা হোৱা (হ’ব পৰা) হিন্দুৰ বিলৈ”ত দুয়োৰে মনে কান্দে (মূল্যবৃদ্ধি, পুষ্টিহীনতা, দাৰিদ্ৰ্য, কৰ্মহীনতা, বানপানী– এইবোৰ অ-মুছলীমজনিত আৰু সৰ্বজনপীঢ়িত দুৰ্গতিত নহয় l ) তেতিয়াও পতি পত্নীৰ মনৰ মিল সম্ভৱ l ( সম্ভৱ নে?)

কিন্তু বহুক্ষেত্ৰত দেখা যায়, পতি ‘কিবা’-পন্থী, পত্নী পতিপন্থী (চাহ-ভাত দিয়া, কাপোৰ কানি ধুই দিয়া, পৰনাৰীৰ বিপদৰপৰা সজাগ দৃষ্টিৰে পতিক ‘ৰক্ষা’ কৰা) l পতিয়ে বিচাৰে (যদি লেখক হয়)ঃ এই নিৰিবিলি ৰ’দালী পুৱা, মনত নানা ভাৱৰ জোৱাৰ, এওঁ‌ যদি চাহকাপৰ সৈতে দুখিলা উকা কাগজ আগবঢ়াই দিলেহেতেন মিঠা হুকুম– লিখক (বা লিখা)! গায়ক পতিয়ে ভাবেঃ আদা দিয়া চাহকাপ প্ৰদান কৰি ভবানীয়ে যদি ক’লেহেতেন– গোৱাচোন সেইটো– সেই যে কিবা ‘লিহিৰি বনৰে’!

মাথো ৱাছিং মেছিনৰ ঘৰ্ ঘৰ- আৱাজ, ‘তোমাৰ টিফিনটো ক’ত থলা? ইহঁ‌তৰ কাৰণে মই মৰিলেহে হ’ব!’

এটা শূণ্যতা l পতিৰ সকৰুণ হাতৰ আঙুলি হাৰ্মনিয়ামত– ‘তুমি অনেক কথা গোপনে ৰাখিলা’–

পতিয়ে বিচাৰে বিষণ্ণ বদনে দুখিলা উকা পাত l ‘ উৰ্মিমালা, উদ্ভিন্ন অতীতৰ বিভিন্ন বিহংগম অৱলোকি আমি যে উক্ত আবেলিত /দিশহাৰা /জীৱনৰ কল্লোলিত— (ভাষা শেষ!)

যাহওক,  কৈ আছিলোঁ‌– এটি মনৰ মিলন l ন-ন বিন্যাসেৰে বিকাশমান সামগ্ৰিকতাৰ মাজেদি, জীৱন্ত পৃথিৱীৰ সৈতে খুন্দা-খুন্দলি খাই খাই, অভিজ্ঞতা-অধ্যয়ন-যুক্তি-দৃষ্টিৰ পোহৰত এটি মন grow কৰে l এতিয়াৰ দৃশ্য বেলেগ l খালৰ পানীত ভাহি থকা অজস্ৰ ভেটফুলৰ পাতৰ মাজে মাজে ভেকুলীৰ দৰে মনবোৰে জপিয়াই ফুৰেঃ এটি অৱস্থানৰ পৰা আন এটি অৱস্থানলৈ, এটি দৰ্শনৰপৰা আন এটি দৰ্শনলৈ, এটি সংবেদনাৰ পৰা আন এটি সংবেদনালৈ, এটি চমকৰ পৰা আন এক চমকলৈ l

অথচ এটি মনৰ মিলন কিমান জৰুৰী!মোক মোৰ সৈতে লগ লাগিবলৈ দিয়াটো কিমান জৰুৰী! ৰ’দ-বতাহৰ  হলিগলিৰ মাজেৰে,  শিয়াৰৰ পুষ্টিৰ মাজেৰে,  উদ্ভিদৰ দৰে বাঢ়ি অহাটো কিমান জৰুৰী!

আটাইলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ‌ l

ডালিম দাস

ডালিম দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

ধৰ্ষণৰ গোচৰত দিল্লী বিমানবন্দৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ললিত মোডীৰ ভাতৃ সমীৰ মোডীক

September 19, 2025 11:26 am
অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

অসমৰ কনচাৰ্ট পৰ্যটন নীতি উন্মোচন, অহা ৮ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব পোষ্ট মেলনৰ অনুষ্ঠান

September 19, 2025 10:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

২১ দিনত ২৫৭ কোটি টকা উপাৰ্জন! অভিলেখৰ অপেক্ষাত এই চমক দিয়া ছবিখন

September 19, 2025 12:49 pm
আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

আদানীৰ মানহানিৰ গোচৰত সাংবাদিকৰ বিৰুদ্ধে দিয়া নিৰ্দেশ বাতিল দিল্লী আদালতৰ

September 19, 2025 11:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd