কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ মৃত্যু; আত্মহত্যাৰ সন্দেহ

forester death kaziranga

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ ডাফলাং বন শিবিৰৰ এজন বনকর্মীৰ যোৱা নিশা বন শিৱিৰতে মৃত্যু হয় ৷

মৃত্যু হোৱা বনকৰ্মীজনৰ নাম প্ৰবীন শইকীয়া ৷ ঘৰ ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰে কুঠৰীৰ বাঘমাৰী গাওঁত ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে বন শিৱিৰত নিজৰ বন্দুকেৰে নিজকে গুলীয়াই আত্মহত্যা কৰে প্ৰবীন শইকীয়াই ৷

ঘটনাৰ সময়ত বন শিৱিৰত থকা সহযোগী দুজন বনকৰ্মী অন্য কামত ব্যস্ত থকাৰ সময়তেই প্ৰবীন শইকীয়াই আত্মহত্যা কৰে বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷

ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ হাতত এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ উপৰিও দণ্ডাধীশৰ উপস্থিতিত আজি পুৱা ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰিছে ৷

ডাফলাং বনশিৱিৰৰ দুই বনকৰ্মীৰো ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷