উৰুকাৰ নিশা শিলচৰৰ হোটেলত যুৱতীক নিচাজাতীয় বস্তু খুৱাই ধৰ্ষণ দুজন লম্পট যুৱকৰ

প্ৰতিনিধিত্বমূলক ছবি।

যোৱা উৰুকাৰ ৰাতি শিলচৰত দুজন দুৰ্বৃত্তই এগৰাকী যুৱতীক হোটেলৰ কোঠাত আবদ্ধ কৰি ধৰ্ষণ কৰা ঘটনা এটা পোহৰলৈ আহিছে। আৰক্ষীয়ে জনোৱা মতে, চহৰখনৰ ৰংগিৰখৰিত থকা শৰৎ ল’জ নামৰ ল’জখনত যুৱক দুজনে ছোৱালীজনক ওৰে ৰাতি ধৰ্ষণ কৰি অচেতন অৱস্থাত এৰি যায়।

পৰিয়ালে আৰক্ষীক যুৱতীগৰাকী নিৰুদ্দেশ হোৱা বুলি খবৰ দিয়াত আৰক্ষীয়ে অভিযান চলাই ল’জখনৰ পৰা অচেতন অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰে।

অভিযোগ মতে, যুৱতীগৰাকীক হোটেললৈ আনি ধৰ্ষণকাৰী দুজনে প্ৰথমে নিচাজাতীয় ঔষধ খুৱাই অচেতন কৰি লয়।

শেহতীয়াকৈ জানিবলৈ পোৱা মতে, আৰক্ষীয়ে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তদন্ত আগ বঢ়াই ল’জখনৰ গৰাকী সুমন শীলক গ্ৰেপ্তাৰ কৰিছে। আনহাতে ধৰ্ষণত জড়িত নিৰ্মল দাস আৰু ৰাজীৱ দাস এতিয়াও পলাতক। সুমন শীলক এতিয়াও জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।