বৰপেটা দৌল উৎসৱক মূলত চাৰিটাভাগত ভগাব পাৰি – ১) দেউল চাচা ২) গন্ধোৎসৱ ৩) ভৰদেউল ৪) সুঁৱেৰী বা সৌৰী। বৰদোৱাত আৰম্ভ হোৱা দৌল উৎসৱ, মথুৰাদাস বুঢ়া আতা সত্ৰাধিকাৰ হৈ থকা সময়ত প্ৰথমবাৰৰ বাবে বৰপেটা সত্ৰত অনুষ্ঠিত কৰা হৈছিল। এই ‘দুৰ্লভ কেলি’ৰ অৰ্থে মাধৱদেৱে বিশেষভাৱে সিন্ধুৰা, ভাটিয়ালী, আৰু তুৰ বসন্ত ৰাগত দৌলৰ গীত ৰচনা কৰে। বৰপেটা সত্ৰত প্ৰসংগ দুই ৰূপত প্ৰচলিত -এক নিত্য আৰু আনটো নৈমিত্তিক। বৰ্তমানো নৈমিত্তিক প্ৰসংগত এই গীত সমূহ ওজাপালি, ঘোষাকীৰ্তন, গায়ন-বায়নৰ অনুষ্ঠানত স্বকীয় ৰূপত পৰিৱেশিত হৈ আহিছে। ইয়াৰ উপৰিও এইবোৰ গীত হোলীগীতৰ ছন্দতো গোৱা হয় ।
এতিয়া আমি দৌল উৎসৱ উদযাপনৰ চমু আভাসলৈ যাওঁ – দেউল চাচা হৈছে দৌল উৎসৱ উপলক্ষে প্ৰস্তুতি পৰ্ব। চাচা শব্দৰ অৰ্থ মসৃন কৰা। আচলতে আগতে দৌলগৃহটো পকী নাছিল বাবে তাত ঘাঁহ – বন গজিছিল যিহেতু দৌলগৃহটো বছৰত এবাৰহে ব্যৱহাৰ কৰা হয় গতিকে ইয়াক ‘চাচি’ ব্যৱহাৰোপযোগী কৰি লোৱা হৈছিল। দেউল চাচা কেৱল দৌলগৃহৰ নিকাকৰণ -সজোৱা আদিৰ লগত জড়িত হৈ থকা নাই, দৌল উপলক্ষে গোটেই সত্ৰখন ধুই -পখালি -ৰং দি দেখাত আকৰ্ষণীয় কৰি তোলা হয়। আনহাতে, বৰপেটাৰ মানুহেও দেউল বুলি নিজৰ ঘৰ চাফ-চিকূণ কৰে, ৰং দিয়ে। গতিকে দৌল উৎসৱ যদিও সত্ৰকেন্দ্ৰিক উৎসৱ ই গোটেই বৰপেটা অঞ্চলকে সামৰি লৈছে।
চৰিতপুথি মতে যদিও দৌল উৎসৱ উদযাপন ভিন্ন ৰূপত অনুষ্ঠিত হোৱা বুলি পোৱা যায় । দৌল গোৱিন্দ আৰু শ্যামৰায়ৰ বিগ্ৰহ প্ৰতিষ্ঠা কৰা দিনৰে পৰা বৰপেটাত বিগ্ৰহকেন্দ্ৰিকভাৱে দৌলউৎসৱ পালন হৈ আহিছে। সেইকাৰণে নক্ষত্র স্থান (মঘা,পুৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী আৰু হস্তা নক্ষত্র) অনুযায়ী গন্ধযাত্ৰা বা বহ্নোৎসৱ, ভৰদৌল আৰু সুঁৱেৰী অনুষ্ঠিত হয় আৰু এই সকলো মিলিয়েই দৌল উৎসৱ।
প্ৰথম দিনা গন্ধোৎসৱ। সেইদিনা দৌলগোবিন্দ আৰু শ্যামৰায়(কৈইলা বাবা বুলি বিখ্যাত) বিগ্ৰহক সত্ৰৰ বাহিৰতে পদ্ধতিগত ভাৱে গায়ন-বায়নে ‘চলে কানু বিৰিন্দাবনে’ বৰগীত গাই উলিয়াই আনি মঠৰ চোতালত বৰ শৰাইত ৰাখে। দুয়োটা বিগ্ৰহকে ভিন ভিন পথেৰে অনা হয়। তাৰ পিছত পূজা-অৰ্চনা কৰা হয়। এইখিনি কাৰ্যক্ৰমতে গায়ন-বায়নে আঠোটা ৰাগত (অহিৰ, ললিত, মালসী,বৰাড়ী কামোদ, বসন্ত, ভৈৰৱী আৰু মল্লাৰ) গীত জুৰিব লাগে। কিন্তু বৰ্তমান এই ৰাগ কেইটাৰ কিছু ৰাগ দুষ্প্রাপ্য হোৱা বাবে তুৰ বসন্ত – বসন্ত আদি ৰাগতহে গীত গোৱা হয়। যেনে – প্ৰাণগোপাল তোমাৰ বিনোদ হৰি, হৰি হেৰোৰে বাপ আদি। বসন্তকালত বসন্ত ৰাগৰ গীত গোৱাতো মনকৰিবলগীয়া। আৰু এই পূজা-অৰ্চনা কৰা সময়তে সত্ৰৰ আইসকলে বিয়া নাম গায়। আচলতে লোকমানসত সমগ্র দৌল উৎসৱটো কলীয়া ঠাকুৰৰ বিবাহ উৎসৱ হিচাপে বিশ্বাস কৰা হয়। ইয়াৰ পাছত টুপৰচোতালত বনাই থোৱা মেজিত জুই লগাই ইয়াক কেন্দ্ৰ কৰি দুয়োটা গহেক ( গোঁসাইক) সাংস্কৃতিক শোভাযাত্ৰাৰে সাতপাক ঘূৰোৱা হয়। ইয়াকে স্থানীয় ভাষাত ‘গহেক মাগ্ ( মাঘ) পুওৱা’ বুলি কোৱা হয়। এইখিনি সময়তে দৌলগৃহ থকা চোতালখনত অৰ্থাৎ সত্ৰৰ পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ সন্মুখত বৰপেটাৰ থলুৱা আতচবাজীৰ প্ৰদৰ্শন কৰা হয় আৰু ফানুচ উৰুওৱা হয়। ইয়াৰ পিছত গোসাঁইক জগমোহন গৃহত ৰখা হয়। ইয়াকে ‘গহে জিৰণি লোৱা’ বুলি কয়। গন্ধৰ নিশাই নিৰ্দিষ্ট সময়ত নক্ষত্র মিলিলে গোসাঁইক দৌলগৃহত উঠায় আৰু তেতিয়াৰ পৰাই ভৰদৌল আৰম্ভ। ভৰদৌলৰ পুৱা নিত্য – নৈমিত্তিক প্ৰসংগ কৰা হয়। প্ৰসংগত দৌলৰ গীত, উৰেষা বৰ্ণনৰ ঘোষা আদি অতিৰিক্তভাৱে গোৱা হয়। এনেদৰে ভৰদৌল উদযাপন হয়। ভৰদৌলক কেন্দ্ৰ কৰিয়েই দৌল তিনিদিনীয়া, চাৰিদিনীয়া আৰু পাঁচদিনীয়াকৈ অনুষ্ঠিত হয়। ‘হৰিপ্ৰসংগ’ত উল্লেখিত মতে ভৰদৌল এদিন অৰ্থাৎ গন্ধ-সৌৰী (সুঁৱেৰী) মিলি তিনিদিন দৌল হ’লে ডেকা দেউল আৰু ভৰদৌল তিনিদিন হ’লে বুঢ়া দেউল কিন্তু এইবাৰ দৌল উৎসৱ চাৰিদিনীয়া হৈছে যদিও ইয়াক ডেকা দেউল বোলা হৈছে চ’ত মাহত অনুষ্ঠিত হোৱা বাবে। অৱশ্যে লোকবিশ্বাস আৰু ‘হৰিপ্ৰসংগ’ মতে ডেকা দেউল আৰু বুঢ়া দেউল বিষয়টো বিতৰ্কিত। দৌলউৎসৱৰ সত্ৰীয়া পদ্ধতিখিনিৰ বাদেও সত্ৰই যাত্ৰীসকল ( দূৰৰ পৰা অহা দৰ্শনাথী) ভোজনৰ বাবে সিধা দিয়াৰ ব্যৱস্থা কৰা হয় ,আগতে যাত্ৰীসকলৰ মনোৰঞ্জনৰ উদ্দ্যেশে যাত্রানাটৰ আয়োজন (বৰপেটা যাত্ৰাৰ নাটত বিশেষভাৱে সুখ্যাত) কৰিছিল বৰ্তমান কেইবছৰমান ধৰি কৰা হোৱা নাই।
দেউলৰ শেষৰ দিনটো সুঁৱেৰী। সেইদিনা গোসাঁইদ্বয়ক সৌৰী (সুঁৱেৰী) ফুৰাবলৈ লৈ যোৱা হয়। এইদিনটোত বিশেষ হিচাপে হেকেতা খোৱা, বাঁহ ভঙা, বোলবোলনি আদি অনুষ্ঠান অনুষ্ঠিত হয়। হেকেতা খোৱা হ’ল সৌৰীৰ দিনাখন নিৰ্দিষ্ট সময়ত ( আবেলি) গোঁসাইদ্বয়ক দোলাত উঠাই বৰপেটা সত্ৰৰ পৰা দক্ষিণ পিনে থকা কলবাৰীসত্ৰলৈ হেকেতা (লতাজাতীয় এবিধ উদ্ভিদ) খুৱাবলৈ লৈ যোৱা হয়। তাৰ পৰা পুনৰ বৰপেটা সত্ৰলৈ ওভতাই অনা হয়। সভাৰ দৰে সত্ৰীয়াই এই কলবাৰী সত্ৰতে ৰাইজক উদ্দেশ্যি দৌলযাত্ৰা সম্পৰ্কে কয়। গোসাঁইদ্বয় যেতিয়া বৰপেটা সত্ৰ আহি পায় লক্ষ্মীপক্ষৰ ভক্তসকলে গোসাঁইদ্বয়ক বাটচৰাতে চাৰিডাল ভলুকা বাঁহেৰে ভেটা দিয়ে। ইয়াৰ কাৰণ হ’ল শ্ৰীকৃষ্ণই ঘুনুচাবাৰীত লক্ষ্মীৰ অলক্ষিতে থাকি অহাটো । তেতিয়া কৃষ্ণপক্ষৰ লোকে বাঁহ ভাঙি হেঙাৰ গুচাই আহে। এই অনুষ্ঠানটোৱেই বাঁহ ভঙা অনুষ্ঠান। বাঁহ ভঙা অনুষ্ঠানত টনা-আঁজোৰা কৰা হয় যদিও ইয়াত ভক্তিৰস আছে এইবাবেই যে বাঁহ কেৱল হাতেৰেহে ভঙা হয় কোনো লোকে বাঁহ ভৰিৰে স্পৰ্শ নকৰে। বাঁহৰ টুকুৰাবোৰ ৰাইজে নিজৰ ঘৰলৈ পবিত্র মান কৰি লৈ যায়। ইয়াৰ লগতো এক জনবিশ্বাস জড়িত হৈ আছে-বাঁহৰ টুকুৰা ঘৰত ৰাখিলে চ’তৰ বৰদৈচিলাই ঘৰৰ হানি-বিঘিনি ঘটাব নোৱাৰে। ইয়াৰ পাছত গোসাঁইদ্বয়ক (কেতিয়াবা বাৰাদি সত্ৰৰ পৰাও গোসাঁই বৰপেটা সত্ৰলৈ অনা দেখা যায়) কীৰ্তন ঘৰৰ চাৰিওফালে সাতপাক প্ৰদক্ষিণ কৰোৱা হয়। আৰু এই তিনিপাক প্ৰদক্ষিণ কৰাৰ পাছত মঠৰ চোতালত নাটকীয় ৰূপত আৰম্ভ হয় মনোৰঞ্জনধৰ্মী ‘ বোলবুলনি’ অনুষ্ঠান। বোলবুলনি অনুষ্ঠান কৃষ্ণ আৰু লক্ষ্মীৰ বাদ-বিবাদৰ অনুষ্ঠান। সত্ৰৰ সেৱায়িত কৰ্মত নিয়োজিত বংশৰাৰ দুজন ভকতে কৃষ্ণ আৰু লক্ষ্মীৰ চৰিত্ৰ ৰূপায়িত কৰি এই অনুষ্ঠান পৰিবেশিত কৰে। অনুষ্ঠানৰ শেষ বিচাৰত কৃষ্ণই তিনিশ টকাৰ দৰকৰ দি লক্ষ্মীৰ গৃহত প্ৰৱেশৰ অনুমতি লাভ কৰে আৰু গোসাঁইদ্বয়ক উত্তৰ দুৱাৰেদি নি মণিকূটত প্ৰতিষ্ঠা কৰে। এইখিনিতে এটা কথা -মাধদেৱৰ দৌলৰ গীতত আমি বৃন্দাবনৰ শ্ৰীকৃষ্ণ গোপ-গোপীৰ লগত ‘ফাগুৰ বিহাৰ’ কৰা উল্লেখ পাওঁ-‘গোকুলে মিলিয়া আছে বৈকুন্ঠ উৎসৱ ‘ কিন্তু বৰপেটা সত্ৰৰ দৌল উৎসৱত ঘুনুচা চৰিত্ৰৰ প্ৰাসংগিকতা দেখা যায়। গতিকে ইয়াত ‘ঘুনুচাকীৰ্তন’ৰ প্ৰভাৱ মন কৰিবলগীয়া। এই দিশটোত গৱেষণাৰো প্ৰয়োজন আছে।
দৌল উৎসৱ কেন্দ্র কৰি বৰপেটাত বিশেষ কিছু খাদ্যৰো প্ৰচলন আছে – ৰাঙাডিমা , বগৰীৰ চপ, আলু ভাজি ।
দৌল উৎসৱ যদিও সত্ৰীয়া নিয়মেৰে আয়োজন কৰা হয়, তথাপিও ইয়াৰ এক সামাজিক দিশ আছে আৰু এই উৎসৱৰ লগত জড়িত গীতবোৰৰ পৰিৱেশনত ইয়াৰ সামূহিক আৰু সামাজিক ৰূপটো দেখা পোৱা যায় যদিও ইয়াক পাঠক এজনৰ দ্বাৰাহে প্ৰতিনিধিত্ব কৰা হয়। এই অৱস্থাত বৈষ্যমৰ ভেটা ভাঙি সকলোৱে ‘ৰঙে ৰঙে একাকাৰ হৈ পৰে’।দৌল উৎসৱত গোৱা এই হোলীগীত সমূহ আচলতে দৌল উৎসৱৰ জনমুখী চমকপ্ৰদ অনুষ্ঠান (বিশেষকৈ সুঁৱেৰীৰ দিনা)। বৰপেটাৰ দৌল উৎসৱত উপস্থিত থকা যিকোনো দৰ্শকে হোলীগীতৰ এই জনমুখী সামাজিক বৈশিষ্ট্য লক্ষ্য নকৰাকৈ নাথাকে। হোলীগীত বোৰৰ বিকাশৰ মূল উৎস যদিও মাধৱদেৱৰ দৌলৰ গীত কেইটা আৰু গুৰুদুজনাৰ ঘোষা –পদ, তথাপিও আধুনিক হোলীগীতবোৰত বাসন্তীৰ বিনন্দীয়া চিত্ৰ -‘মধু বসন্ত গুঞ্জৰে মধুকৰে ফুলে ফুলে/ জ্বলে প্ৰভাতে ৰঙা বেলি উদয়াচলে’, তৰুণ ফাগুনৰ লাস্যতা -‘ তৰুণী ফাগুনে নাচে যাচে অমিয়া ‘ আৰু অন্যান্য বিষয় আদিয়েও ভুমুকি মাৰিছে। সচেতন বৰপেটাবাসীৰ মনত দুটা কথাই গুৰুত্ব লাভ কৰে-ভগৱান ওচৰত আত্মসমর্পণৰ ভক্তি-‘তযু পাৱে পশিলো শৰণ ‘আৰু সমভাৱ -‘আহা ভাই খেলো হোলী/ মিলি সবে প্ৰাণে প্ৰাণ ‘।
তথ্য সংগ্রহৰ উৎস :
১।বৰপেটা সত্ৰ আৰু লোকজীৱনৰ উৎসৱ-পাৰ্বণ, ড° বাবুল চন্দ্র দাস।
২। ‘এনাজৰী’ৰ দৌলবিষয়ক পুস্তিকা।