মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থীৰ পৰিশ্ৰমৰ ফল ভৈৰবকুণ্ড সংৰক্ষিত বনাঞ্চল

Bhairabkunda Reserve Forest

মানৱসৃষ্ট ভৈৰবকুণ্ড সংৰক্ষিত বনাঞ্চল হৈছে ৩৫জন মূলসুঁতিলৈ উভতি অহা উগ্ৰপন্থীৰ প্ৰায় ১০ বছৰৰ কঠোৰ পৰিশ্ৰমৰ ফচল।

অস্ত্ৰ সম্বৰণ কৰাৰ পাছত চৰকাৰৰ সাহাৰ্য শিবিৰত বাস কৰাৰ পৰিৱৰ্তে এই গোটটোৱে চৰকাৰৰ পৰা ৫০ বছৰৰ লীজত বিচাৰিছিল এটুকুৰা অনুৰ্বৰ ভূমি। এই গোটটোক নেতৃত্ব প্ৰদান কৰিছে ইছমাইল দৈমাৰীয়ে।

বড়ো সম্প্ৰদায়ৰ এই প্ৰাক্তন উগ্ৰপন্থী সদস্যকেইজনে তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰামৰ পন্থা পৰিত্যাগ কৰি ১৯৮০ চনৰ পৰা অনুৰ্বৰ হৈ পৰি থকা এটুকুৰা ভূমিক বিভিন্ন প্ৰজাতিৰ গছ আৰু প্ৰাণীৰে আৱাসস্থল অৰণ্যলৈ ৰূপান্তৰিত কৰাৰ এটা মহৎ পদক্ষেপ হাতত লয়।

২০০৩ চনত এই ৩৫জনীয়া সদস্যৰ গোটটোৱে সোণাইগাঁও মাল্টিপাৰ্পজ ফাৰ্ম হিচাপে পঞ্জীয়ন কৰায়। তাৰ পাছত এই লোকসকল ভৈৰবকুণ্ড সংৰক্ষিত বনাঞ্চলৰ তদানিন্তন ফৰেষ্ট ৰেঞ্জ অফিচাৰ নব কুমাৰ বৰদলৈ সম্পৰ্কলৈ আহে।

বৰদলৈয়ে ফাৰ্মখনৰ সদস্যসকলক যুটীয়া বন ব্যৱস্থাপনা ((Joint Forest Management) আঁচনিৰ অন্তৰ্গত বৃক্ষৰোপণ কৰাৰ বাবে মান্তি কৰায়। ২০০৫ চনত নথিভুক্তিকৰণ, জৰীপ আদি সম্পন্ন কৰা হয় আৰু কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ৰ ওচৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰা হয়।

তাৰ পাছত ২০০৭ৰ পৰা ২০১১ চনলৈকে বৃক্ষৰোপণ কৰা হয়। ইয়াত প্ৰচুৰ সংখ্যক ৰবৰৰ গছ ৰোপণ কৰাৰ উপৰিও নেউল, নাহৰফুটুকী বাঘ, হৰিণ, হাতী আৰু বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আশ্ৰয়স্থল হিচাপে হৈ পৰে।

সোণাইগাঁও, ভৈৰবপুৰ, গৰৈমাৰী, ছেপনগাঁও, মাজৰগাঁও-১ আৰু মাজৰগাঁও-২— এই ৬খন গাঁওৰ সাহাৰ্যত এই ৩৫জনীয়া গোটটোৱে ভৈৰবকুণ্ডক এখন অৰণ্যলৈ পৰ্যৱসিত কৰে।

অস্ত্ৰ সম্বৰণকাৰী উগ্ৰপন্থীৰ এই গোটটোৱে এইবাৰ বন সম্পদৰ ওপৰত ভিত্তি কৰা কুটীৰ শিল্প গঢ়ি তোলাৰ ওপৰত মনোযোগ দিছে আৰু এই অৰণ্যখনক পৰিৱেশ পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে। ইয়াৰ দ্বাৰা স্থানীয় জনসাধাৰণৰ আৰ্থিক অৱস্থা উন্নত হ’ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে।

উল্লেখ্য যে যধে-মধে কাঠ কটাৰ ফলত ভৈৰবকুণ্ড অনুৰ্বৰ হৈ পৰিছিল আৰু হাতী-মানুহৰ সংঘাত বাঢ়ি আহিছিল। প্ৰাক্তন উগ্ৰপন্থী সদস্যসকলৰ কঠোৰ পৰশ্ৰমে এলেকাটোক সেউজীয়া কৰি তোলাৰ লগতে হাতী-মানুহৰ সংঘাতো হ্ৰাস কৰিছে।