• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী বিষয়াৰ মহানুভৱতা! দুৰ্ঘটনাত পতিত হৈ অমানিশা নামি অহা যুৱকক দিলে এটি নতুন জীৱন

আৰক্ষী বিষয়া নিলভজ্যোতিৰ বাবে পুনৰ এক নতুন জীৱন লাভ কৰিলে এটা দুৰ্ভগীয়া পৰিয়ালে

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 11, 2021 6:41 pm
police personel help the helpless family

মহানুভৱ আৰক্ষী বিষয়া নিলভজ্যোতি নাথ আৰু দুৰ্ভগীয়া পৰিয়ালটো। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰাৰ সময়তে আন এগৰাকী আৰক্ষী বিষয়াই দেখুৱাইছে মহানুভৱতাৰ এক বিৰল নিদৰ্শন।

দুৰ্ঘটনাত পতিত হৈ চিকিৎসাৰ নামত সৰ্বস্ব হেৰুওৱা মনোজ টিকদাৰক অসম আৰক্ষীৰ এগৰাকী বিষয়াই দিলে এটি নতুন জীৱন।

সততা আৰু দায়বদ্ধৰ মাজতে সমাজ সেৱাত ব্ৰতী এইগৰাকী আৰক্ষী বিষয়াক এতিয়া ধন্যবাদ আৰু প্ৰশংসাৰে ওপচাই পেলাইছে অঞ্চল আৰু গাঁওবাসীয়ে।

যুৱকজনৰ নাম মনোজ টিকদাৰ। ঘৰ তামুলপুৰ মহকুমাৰ কাউলিত।

আজিৰে পৰা প্ৰায় তিনিটা বছৰ আগত এক পথ দুৰ্ঘটনাত পতিত হৈ দুয়োখন ভৰি বিকল হৈ পৰাৰ পিছত মনোজৰ চিকিৎসাৰ নামত সকলো ধন-সম্পত্তি হেৰুৱালে পৰিয়ালটোৱে।

পৰিয়ালৰ একমাত্ৰ উপার্জনকাৰী মনোজ টিকদাৰে দুয়োখন ভৰি হেৰুৱাৰ লগে লগে যেন চাৰিওফালে অন্ধকাৰে আৱৰি ধৰে পৰিয়ালটিক।

এসাজ খোৱাৰ পিছত আন সাজ ভাতৰ বাবে বাট চাব লগা হৈছিল কোনো হৃদয়বান লোকৰ মুখলৈ।

কণমানি সন্তান আৰু পত্নীক লৈ চিন্তিত হৈ পৰা মনোজে লাহে লাহে সহায়ৰ হাত বিচাৰিলে বিভিন্নজন লোকৰ।

তেনে সময়তে অপৰাধী আৰু বিভিন্ন অনৈতিক কামৰ বিৰুদ্ধে অনবৰত যুঁজি ব্যস্ত হৈও তামুলপুৰ মহকুমাৰ কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথে হঠাৎ এদিন উপস্থিত হয় হুইল চেয়াৰত জীৱন কটোৱা মনোজৰ বাসগৃহত।

মনোজৰ দুৰৱস্থা দেখি আৰক্ষী বিষয়াজনে তেওঁৰ পৰিয়ালটিক আশ্বাস দিলে কিবা এটা সহায় কৰাৰ।

তেনেদৰেই মনোজৰ নিজ বাসগৃহৰ সম্মুখত দোকান দিয়াৰ বাবে সাজি দিলে এটি পকী ঘৰ। আনি দিলে দোকানৰ বিভিন্ন সামগ্ৰী।

লাহে লাহে অৰ্থনৈতিকভাৱে ভালৰ দিশে গতি কৰিলে মনোজৰ জীৱন।

দুৰ্ঘটনাত পতিত হোৱাৰ পিছত আৰ্থিক অৱস্থা জুৰুলা হোৱাৰ বাবে থমকি ৰৈছিল মনোজৰ সন্তানৰ শৈক্ষিক জীৱন।

কিন্ত আৰক্ষী বিষয়াগৰাকীয়ে সাজি দিয়া মনোজৰ দোকানত এতিয়া বাঢ়িছে গ্ৰাহকৰ সংখ্যা।

আৰ্থিক অৱস্থাৰ বাবে থানাবান হোৱা পৰিয়ালটিয়ে এতিয়া নতুন কৈ দেখিছে জীয়াই থকাৰ সপোন।

মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভূপেন হাজৰিকাৰ এই গীতৰ দ্বাৰাই যেন আৰক্ষী বিষয়াগৰাকীয়ে দেখুৱালে মানুহে মানুহৰ বাবে কৰিবলগীয়া এই মহান দায়িত্ববোধৰ নিদৰ্শন।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd