ৰঙাপৰা ৰে’লৱে জংছনত অসম আৰক্ষী আৰু জিআৰপিএফৰ উচ্চস্তৰীয় নিৰাপত্তা গোট

IMG-20181202-WA0086

অসম আৰক্ষী আৰু জিআৰপিএফৰ এটা উচ্চস্তৰীয় গোট আহি ৰঙাপৰা ৰে’লৱে জংছনত উপস্থিত হৈছে। উল্লেখ্য যে হৰিশিঙাত ১ ডিচেম্বৰ শনিবাৰে নিশা ৭-০৪ বজাত কামাখ্যা-ডেকাৰগাঁও ইণ্টাৰছিটি এক্সপ্ৰেছৰ এটা যাত্ৰীবাহী ডবাত হোৱা বিষ্ফোৰণৰ অনুসন্ধান কৰাৰ বাবে এই গোটটো আহি উপস্থিত হৈছে।

কোব্ৰা দলৰ বোমা এটা বিশেষজ্ঞৰ দল যোৱা নিশা ৰঙাপৰা জংছনত আহি উপস্থিত হয় আৰু ডবাটোত অনুসন্ধান সম্পন্ন কৰে। ৰঙাপৰা জংছনত পৰিত্যক্ত অৱস্থাত থকা যাত্ৰাবাহী দবাটোত অনুসন্ধান সম্পন্ন কৰা আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) দীপক কুমাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে যে ফটকা আৰু কেৰাছিনেৰে চিমেণ্টেৰে পেষ্টিং কৰি এই নিম্ন প্ৰাৱল্যৰ বোমাটো বোনোৱা হৈছিল।

তেওঁ আৰু কৈছে যে কোব্ৰাৰ বিশেষজ্ঞৰ দলে অনুসন্ধানত ধৰা পেলাইছে যে এইটো এটা অপটু হাতেৰে নিৰ্মাণ কৰা বোমা। সেনাৰ বোমা বিশেষজ্ঞসকলে আজি ৰঙাপৰা জংছনত পৰিত্যক্ত অৱস্থাত থকা বোমাটোত এটা অনুসন্ধান সম্পন্ন কৰে।

অৱশ্যে আৰক্ষী মহাপৰিদৰ্শকগৰাকীয়ে (আইন-শৃংখলা)এই বোমা বিষ্ফোৰণ কোনে সংঘটিত কৰিছে সেই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে। তেওঁ কয় যে অনুসন্ধান প্ৰাথমিক পৰ্যায়তেই আছে আৰু এই সম্পৰ্কে কোনো কথা সেয়েহে ক’ব পৰা নাযাব। তেওঁ আৰু কৈছে যে যাত্ৰীসকলৰ নিৰাপত্তা বঢ়াই তোলাৰ বাবে যাত্ৰীবাহী ট্ৰেইনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

ৰে’লৱেৰ মহাপ্ৰৱন্ধক, জিআৰপিএফৰ উপ মহাপৰিদৰ্শকেও ঘটনাস্থলী পৰিদৰ্শণ কৰিছে। আনহাতে বিষ্ফোৰণৰ পাছত ইয়াৰ আঁৰত আলফা (স্বাঃ) জড়িত থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল যদিও এটা বিবৃতিযোগে আলফাই (স্বাঃ)এয়া অস্বীকাৰ কৰিছে।