চলচলি সমবায় সমিতিত বিয়াগোম কেলেংকাৰী; তদন্তৰ দাবী সমিতিৰ সদস্যৰ

Chalchali cooperative society.corruption

ফটো: নৰ্থইষ্ট নাও।

বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ এক গোপন তথ্য সম্প্ৰতি পোহৰলৈ আহিছে চলচলি সমবায় সমিতিত ৷

খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দ্বাৰা আৱন্টিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সামগ্ৰী সমূহ, সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ জৰিয়তে হিতাধিকাৰী ৰাইজৰ মাজত বিতৰণ কৰিবলৈ ৰাজ্যত থকা মধ্যস্থতাকাৰী সমবায় সমিতি সমূহৰ মাজৰে এখন হৈছে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলি সমবায় সমিতি লিমিটেড ৷

সমবায় সমিতিখনত ২০১৭ চনৰে পৰা বিগত তিনি বছৰে নিয়মানুযায়ী অনুষ্ঠিত কৰা হোৱা নাই এখনো সাধাৰণ সভা ৷

চলচলি সমবায় সমিতি লিমিটেডত পূৰ্বৰে জমা টকা আছিল ৭ লাখ ২১ হাজাৰ টকা৷ ২৩৭০গৰাকী অংশীদাৰৰ সমূহীয়া এই জমা টকা ক’ত হৰলুকি হ’ল তাৰ তথ্য  বিচাৰি এতিয়া হাঁহাকাৰ কৰিবলগীয়া হৈছে সদস্য সকলে ৷

এখন সাধাৰণ সভা বিচাৰি সদস্য সকলে সভাপতি, সম্পাদকৰ পাছে পাছে কৰিব লগা হৈছে দৌৰা দৌৰি ৷

আনহাতে, পুৰণিগুদাম গড়মুৰত থকা সমবায়টোৰ ভূমি অংশ ফ’ৰলেণ্ড কৰ্তৃপক্ষই অধিগ্ৰহণ কৰি সমবায়টোক আদায় দিয়া প্ৰায় ১৪ লাখকৈ টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে সভাপতি, সম্পাদক তথা সঞ্চালক মণ্ডলীৰ বিৰুদ্ধে ৷

দুটা কোঠালিৰ সামান্য এখন আধাখনীয়া দোকান ঘৰ নিৰ্মাণ কৰিয়েই হজম কৰিলে বেঙ্ক একাউন্টৰ পৰা ১৪ লাখকৈ টকা ৷

কোন অদৃশ্য শক্তিধৰৰ আঙুলিৰ ঠাৰত নাচিছে সমবায়টোৰ দায়িত্ববাহী সকল। তাৰ উচিত তদন্ত বিচাৰি সচেতন ৰাইজ কাষ চাপিছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ ৷

এ আৰ চি এছ কৰ্য্যালয়ৰো দৃষ্টি গোচৰ হৈছে সমগ্ৰ বিষয় ৷ এতিয়া তদন্তই কেনে ধৰণৰ ৰূপ লয় সেয়া সময়তহে লক্ষণীয় হ’ব।