NORTHEAST NOW (Assamese)

এইবাৰ সাধাৰণ লোক নহয়, প্ৰৱঞ্চকৰ কৱলত সাংবাদিক : নিজৰ সচেতনতাৰ বাবে পৰিল ৰক্ষা

April 10, 2021 3:31 pm · নীৰ্মলেন্দু পাঠক
Updated: April 10, 2021 7:21 pm

এইবাৰ প্ৰবঞ্চকৰ কৱলত পৰিছে যোৰহাট জিলাৰ টীয়কৰ এজন সাংবাদিক।

এটা বৈদ্যুতিন মাধ্যমৰ টীয়কৰ সাংবাদিক প্ৰাঞ্জল বৰুৱাক কেবিচি বেঙ্কে আয়োজন কৰা লাকী ড্ৰ ২০২১ৰ বিজয়ী হোৱাৰ বাবে পঁচিশ লাখ টকা লাভ কৰা বুলি অৱগত কৰি জনৈক বেঙ্কটোৰ জ্যেষ্ঠ বিষয়া ৰাণা প্ৰতাপ সিঙে 9913636856 নম্বৰৰ পৰা ফোন কৰি বৰুৱাৰ বেঙ্কৰ সবিশেষ তথ্য আৰু একপি ফ’টো বিচাৰে।

বৰুৱাই এই বাৰ্তা পাই আইডিবিআই টীয়ক শাখাত থকা একাউণ্ট নম্বৰ আৰু এখন ফ’টো প্ৰেৰণ কৰে।

পৰৱৰ্তী সময়ত বিগ বি অমিতাভ বচ্চন, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, উদ্যোগপতি মুকেশ আম্বানীৰ ফ’টো সম্বলিত এটা বিজ্ঞাপনত সাংবাদিক বৰুৱাই প্ৰেৰণ কৰা ফ’টোখনো সংযোগ কৰি আৰু পঁচিশ লাখ টকাৰ এখন চেক আৰু দুটা ভিডিঅ’ হোৱাটচ আপত প্ৰেৰণ কৰে।

এই ধন লাভ কৰিবৰ বাবে ফাইল টেক্সৰ বাবদ ১২,১০০.০০ টকা 36320714391 নম্বৰৰ একাউন্টত জমা দিবলৈ বাবে জনায়।

সাংবাদিকগৰাকীৰ এই ঘটনাত সন্দেহ ওপজাত তেওঁলৈ প্ৰেৰণ কৰা বেঙ্ক নম্বৰটোৰ অনুসন্ধান কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী।

বৰুৱালৈ প্ৰেৰণ কৰা বেঙ্ক একাউন্টটো বিহাৰৰ ৰামনগৰৰ পূজাৰী পণ্ডিত নামৰ এজন লোকৰ যিটো একাউন্টত দীৰ্ঘকাল ধৰি লেনাদেনা বন্ধ হৈ আছে।

ইয়াৰ পিছতে উক্ত চক্ৰটোৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাইছে আৰক্ষীৰ দ্বাৰস্থ হৈছে সাংবাদিকগৰাকীয়ে।

Related News