লিডু টিকক পাহাৰত অবৈধ কয়লা খনিত পুনৰ শ্ৰমিকৰ মৃত্যু! লিডু-মাৰ্ঘেৰিটা অঞ্চলত প্ৰতিক্ৰিয়া

প্ৰতিনিধিত্বমূলক ফটো।

শেহতীয়াকৈ তিনি কয়লা শ্ৰমিকে চোৰাং কয়লা সংগ্ৰহ কৰিবলৈ গৈ লিডু মালৌ পাহাৰত মৃত্যু ঘটাৰ পাছত কয়লা চোৰে পৰিয়ালক মৃতদেহ চমজাই দিয়াৰ পৰিৱৰ্তে জেচিবিৰে পাহাৰত গাত খান্দি পুতি ৰাখিছিল। এই ঘটনাৰ পিছতে অসম বিধান সভাত বিৰোধীয়ে প্ৰশ্ন কৰাৰ লগতে সমগ্ৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পোৱাত মৃতদেহ দণ্ডাধীশৰ উপস্থিতিত খান্দি ওলোৱাৰ বাতৰিয়েও চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

কিন্তু সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁ‌তে পুনৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত টিকক পাহাৰৰ পৰা দেওবাৰে পুৱতি নিশা চোৰাং কয়লা সৰবৰাহ কৰিবলৈ গৈ এজন শ্ৰমিকে কৰুণভাবে মৃত্যুক আকোৱালি লোৱা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: Microplastics in human breast milk: মাতৃদুগ্ধত প্লাষ্টিক! মাতৃসকলে শীঘ্ৰেই কি কৰা উচিত? কি পৰামৰ্শ বিজ্ঞানীসকলৰ?

প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে পুৱতি নিশা প্ৰায় ৩ মান বজাত বৰগোলাই পাৰিগাৱঁৰ এজন আদিবাসী সম্প্ৰদায়ৰ লোকে চোৰাংভাবে কয়লা সৰবৰাহ কৰিবলৈ বুলি ওলাই গৈছিল। শ্ৰমিকজন কুখ্যাত কয়লা চোৰ কিষাণ গুৰুঙৰ বাগানত কৰ্মৰত শ্ৰমিক হোৱাৰ উপৰিও নিয়মিতভাবে কিষাণৰ হৈ চোৰাংভাবে কয়ল সৰবৰাহ কৰি যোগান ধৰি আহিছিল বুলি সূত্ৰত প্ৰকাশ।

ইপিনে, টিকক পাহাৰৰ পূৱ প্ৰান্তত পাহাৰৰ ওপৰৰ পৰা মাটি খহি দুৰ্ঘটনা হোৱা লোক জনক লগত যোৱা চাৰিজনকৈ শ্ৰমিকে ভাৰ কৰি নামনিলৈ আনি থকা অৱস্থাতে জনৈক শিৱাকালু নামৰ এজন লোকৰ ঘৰৰ সমীপতে শেষ নিশ্বাস ত্যাগ কৰে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে।

পৰৱৰ্তী সময়ত খৰখেদাকৈ টিকক কালিৱাড়ী শ্মশানত লোক জনৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় যদিও শ্মশানৰ পঞ্জীয়ণ বহীত নাম পঞ্জীয়ণ নকৰাত আন এক ৰহস্যৰ গোন্ধ পোৱা গৈছে।

লগতে পঢ়ক: বিজেপি চৰকাৰৰ বিকাশৰ ছবি! ‘সময় পালে আমাৰ পিনে এবাৰ আহি চাবা’

উল্লেখ্য যে, একাংশ চোৰাং কয়লা চোৰে মানৱ জীৱনকলৈ হেতালি খেলাৰ অভিযোগ উঠিছে। লিডু পাৰিগাওঁ‌ৰ ভুক্তভোগী পৰিয়ালটোক ভয় ভাবুকিৰে কয়লা চোৰ চক্ৰই সামান্য ধন দি সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলোৱাৰো আন এক অভিযোগ উত্থাপন হৈছে।

মৃতদেহ মৰণোত্তৰ পৰীক্ষা বা আৰক্ষীক অৱগত নকৰাকৈ গোপনে মৃতদেহ সৎকাৰ কৰাকলৈ লিডু-মাৰ্ঘেৰিটা অঞ্চলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আনহাতে, সমগ্ৰ ঘটনাৰ আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত কৰিবলৈ দাবী জনোৱাৰ লগতে কয়লা চোৰ কৃষাণ গুৰুঙক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে সচেতন মহলে।