শিৱসাগৰত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতিৰ সন্দৰ্ভত সভা: শ্ৰেষ্ঠ আলোকসজ্জাৰ বাবে ১০ হাজাৰ পুৰস্কাৰ

সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পৰ্কত বিতংভাৱে আলোচনা কৰাৰ বাবে বিভিন্ন বিভাগৰ বিষয়াসকলৰ মাজত জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাক্ষত আজি এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকত উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে আগন্তুক স্বাধীনতা দিৱস সুচাৰু ৰূপে উদযাপন কৰাৰ বাবে সকলো চৰকাৰী বিভাগ, বিভিন্ন সামাজিক সন্থা, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, স্থানীয় ৰাইজৰ লগতে আৰক্ষীৰ পূৰ্ণ সহযোগিতা কামনা কৰাৰ লগতে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিভিন্ন বিভাগৰ দায়িত্ব সম্পৰ্কত বিষদ আলোচনা কৰে।

১৫ আগষ্টৰ দিনা পুৱা ৫ বজাৰ পৰা ৬ বজালৈ প্ৰভাত ফেৰী, ৬ বজাৰ পৰা ৭ বজালৈ দেশপ্ৰেমমূলক গীত প্ৰচাৰ, পুৱা ৭ বজাত নিজ নিজ গৃহত পতকা উত্তোলন, পুৱা ৭.৩০ বজাত শিক্ষানুষ্ঠান, চৰকাৰী,  বেচৰকাৰী অৰ্ধচৰকাৰী কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতকা উত্তোলন কৰা হ’ব। পুৱা ৯ বজাত চহৰৰ ব’ৰ্ডিং খেলপথাৰত আনুষ্ঠানিকভাৱে বিশিষ্ট অতিথিৰ দ্বাৰা ৰাষ্ট্ৰীয় পতকা উত্তোলন কৰা হ’ব। ইয়াৰ পিছতেই আৰক্ষী , স্কাউট আৰু গাইড, এন চি চি,  গৃহৰক্ষী বাহিনী, অৰ্দ্ধ সামৰিক বাহিনীৰ দ্বাৰা কুচ কৱাজ প্ৰদৰ্শন কৰাৰ লগতে অভিবাদন গ্ৰহণ আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হব।

ইয়াৰ পিছতেই ১০ বজাৰ পৰা ১২ বজালৈ জিলা কাৰাগাৰৰ কয়দী,  শিলসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰোগী, ন পুখুৰীত অৱস্থিত প্ৰতিবন্ধীসকলৰ কেন্দ্ৰ আৰু কৈমুদালয়ত জিলা প্ৰশাসনৰ তৰফৰ পৰা ফলমূল, কিতাপ-পত্ৰ আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, কুইজ আৰু তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

বিয়লি ৩ বজাত শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ মাজত এখনি প্ৰীতি ফুটবল খেল অনুষ্ঠিত হ’ব। বিয়লি ৪.৫৫ বজাত যথাৰীতি অনুসৰি জাতীয় পতকা অৱনমন কৰা হ’ব।

আনহাতে স্বাধীনতা দিৱসত নগৰখন আলোকসজ্জাৰে জিলিকাই তুলিবলৈ জিলা প্ৰশাসনে সকলো চৰকাৰী কাৰ্যলয়ক দুদিনৰ পূৰ্বৰ পৰা বন্তি প্ৰজ্বলন আৰু আলোক সজ্জাৰে সজাই তুলিবলৈ আহ্বান জনোৱাৰ লগতে শ্ৰেষ্ঠা আলেকসজ্জাৰ বাবে দহ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

সভাত জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে অৰক্ষী বিভাগে গ্ৰহণ কৰিবলগীয়া নিৰাপত্তা আৰু আইন সম্পৰ্কীয় ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে।