নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে শ্বিলঙৰ ৰাজপথৰ গণ সমাৱেশত চামিল মেঘালয়ৰ মন্ত্ৰী বিধায়ক

KSU-Motphran-750x375

৩০ জানুৱাৰি বুধবাৰে শ্বিলঙৰ ৰাজপথত দেখা গ’ল এটা অগতানুগতিক দৃশ্য।  মেঘালয় ডেমক্ৰেটিক ফ্ৰণ্ট দলৰ এগৰাকী মন্ত্ৰী আৰু এগৰাকী বিধায়কেও ৰাজ্যখনত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিপক্ষে চলি থকা জনসাধাৰণৰ প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিলে। মন্ত্ৰী বিধায়কৰ সৈতে হাজাৰ হাজাৰ প্ৰতিবাদী জনতাৰ এই প্ৰতিবাদী সমদলটোৱে বিতৰ্কিত নাগৰিকত্ব বিধেয়কখনৰ বিপক্ষে গণ প্ৰতিবাদ আৰু তীব্ৰতৰ কৰি তুলিব বুলি প্ৰতিজ্ঞা কৰে।

এই প্ৰতিবাদী সমদলটোৰ  ‘মেঘালয়ৰ জনসাধাৰণে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰে ‘People of Meghalaya opposes the Citizenship (Amendment) Bill, 2016’ নাম দিয়া হৈছে।

প্ৰতিৱেদনত প্ৰকাশিত হোৱা মতে ডহলিং আৰু মালংগিয়াঙেও (Malngiang) এই প্ৰতিবাদী সমদলত বক্তব্য ৰাখে। ডহলিঙে কয় যে নাগৰিকত্ব বিধেয়কখন আইনত পৰিণত হ’লে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জ্বলি উঠিব।

ডহলিঙে আৰু জনাইছে যে এপ্ৰিলৰ আশে পাশে ৰি ভই জিলাত এটা প্ৰৱেশ-প্ৰস্থান স্থান নিৰ্মাণ কৰা হ’ব।

মালংগিয়াঙে এই বিধেয়কখনক বিজেপিৰ ভোটবেংক ৰাজনীতি হিচাপে অভিহিত কৰে আৰু কয় যে এই বিলখন হৈছে এখন টেক্সি, যিখনেৰে বাংলাদেশৰ পৰা অবৈধ নাগৰিকক মেঘালয় আৰু আন আন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ভাড়াৰ বিনিময়ত কঢ়িয়াব।

খাছী ছাত্ৰ সন্থাৰ (KSU) সভাপতি লম্বকষ্টাৰৱেল মাৰ্নগাৰ আৰু নেছোৰ অধ্যক্ষ ছেমুৱেল বি জাইৰৱাই (Samuel B Jyrwa) সতৰ্ক কৰি দিছে যে ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হ’লে যুদ্ধ সদৃশ পৰিস্থিৰ সৃষ্টি হ’ব। এই বিধেয়কখনৰ বিপক্ষে একত্ৰিত হোৱাৰ বাবে জাইৰৱাই মেঘালয়ৰ খিলঞ্জীয়া লোকসকললৈ আহ্বান জনাইছে।