আজি ২০ ডিচেম্বৰ বৃহস্পতি বাৰে শৈল চহৰ হাফলঙত পুৱাৰ ভাগৰ পৰা দিনৰ ১২-০০ বজালৈকে এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিনিৰ্বাপক বাহিনীৰ জৰুৰীকালীন সেৱাৰ গাড়ী আহিল লগতে আহিল আৰক্ষী বাহিনী। সকলোৰে মাজত লৰা-ঢপৰা লাগিল।
হাফলং চহৰৰ হোলি স্পিৰিট হস্পিটাল, চৰকাৰী ছোৱালী এইচ এছ স্কুল, জিলা উপায়ুক্ত কাৰ্যালয়, ৱাইমিজিং ক্লাব আৰু হাফলং অসামৰিক হস্পিটালত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়।কিন্তু কাণে কাণ মাৰিহে যেন জুইত জাহ যোৱাৰ পৰা ৰক্ষা পায় উক্ত স্থানসমূহ। কাৰণ সময়ত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী বাহিনী আৰু নামি পৰিল উদ্ধাৰ অভিযানত।
তৎমূহুৰ্তত সমগ্ৰ চহৰৰ ৰাইজৰ মাজত সৃষ্টি হ’ল হাহাকাৰ। চাৰিওফালে ছাইৰেনৰ শব্দ। ক’ত কি হৈছে উমান লওঁতেই পোহৰলৈ আহিল এইয়া কোনো প্ৰাকৃতিক দুৰ্যোগ বা অঘটনৰ উদ্ধাৰ অভিযান নহয়।
এয়া আছিল ডিমা হাচাও জিলা দূৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ঊদ্যোগত ডিমা হাচাও জিলা অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগ আৰু আৰক্ষী বাহিনীৰ সহযোগত দূৰ্যোগ প্ৰশমনৰ বাবে কৰা অনুশীলনৰ অংশহে আছিল। অৰ্থাৎ তেনে জুই লগা বা জৰুৰীকালীন পৰিস্থিতিত কি ধৰণেৰে মোকাবিলা কৰিব লাগে এয়া আছিল আগতীয়া তাৰ অনুশীলন মাত্ৰ।
এই অনুশীলনত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগৰ এই অনুশীলনত ৰাজ্যিক আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাৰ এটা পুনৰীক্ষণ কৰা হৈছিল। ইয়াতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থপনা বাহিনী, সেনা, অগ্নি আৰু জৰুৰীকালী সেৱা বিভাগ, গৃহৰক্ষী বাহিনী, ভাৰতীয় ৰেডক্ৰছ ছচাইটী, পৰিয়াল কল্যাণ বিভাগডিফু অসামৰিক চিকিৎসালয় জড়িত আছিল।