NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ উত্তৰ-পূব চাহ উৎপাদক সন্থাৰ অনুদান

August 1, 2019 7:22 am · ঋতুপল্লব শইকীয়া
ফটো : নর্থ-ইষ্ট নাও

উত্তৰ পূৰ্বাঞ্চলৰ চাহ উদ্যোগ ক্ষেত্ৰৰ নৱগঠিত এক সংগঠন উত্তৰ-পূব চাহ উৎপাদক সন্থাই  ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত লোক সকলক সহায় কৰাৰ উদ্দেশ্যে যোৱা ৩০ জুলাইত মুখ্য মন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ তিনি লাখ পাঁচ হাজাৰ টকাৰ অনুদান আগবঢ়ায়।

সন্থাৰ বিষয় ববীয়া সকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰি চেকযোগে উক্ত অনুদান প্ৰদান কৰে। সন্থাটোৰ এনে মহানুভৱতাক মুখ্য মন্ত্ৰী সোণোৱাল কৃতজ্ঞতা জনায়।

উক্ত অনুষ্ঠানত সন্থাৰ সভাপতি বিশ্বজিত ফুকন, কাৰ্যকৰী সভাপতি অমিত মালপানী, উপ সভাপতি ৰাজকুমাৰ গুপ্তা , কোষাধক্ষ্য মনোজ চোমানি আৰু সদস্য ৰাজেশ বাজাজ, অজয় কানৈ উপস্থিত থাকে।

উল্লেখযোগ্য যে যোৱা জুন মাহত গোলাঘাট নগৰত এই নতুন সন্থাটো গঠন কৰা হৈছিল। নৱগঠিত সন্থাৰ উক্ত সামাজিক দায়বদ্ধতামূলক পদক্ষেপত গোলাঘাটৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

Related News