বাগৰিত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহৰ চতুৰ্থ দিনৰ কাৰ্যসূচীত চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন 

IMG-20181005-WA0049

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত আজি ৫ অক্টোবৰত বন্যপ্ৰাণী সপ্তাহৰ  চতুৰ্থ দিনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ এই উপলক্ষে আজি বাগৰি বনাঞ্চলৰ সভাগৃহত দাঁতি-কাষৰীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাঙ্কন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এখন বিশেষ সজাগতা সভাও অনুষ্ঠিত কৰা হয় ৷

কাজিৰঙাৰ সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰাৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাত কাজিৰঙাৰ জেষ্ঠ সাংবাদিক স্বপন নাথ,  গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া,  বন বিভাগৰ পশু চিকিৎসক ডা৹ দেবব্ৰত ফুকন,  বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ পানজিত বসুমতাৰী , আৰণ্যকৰ প্ৰকল্প বিষয়া আৰিফ হুছেইন আৰু কৰবেট ফাউণ্ডেচনৰ যদুমণি গোস্বামী উপস্থিত থাকে৷

ভাৰ আৰম্ভনীতে বাগৰিৰ বনাঞ্চলিক বিষয়া পঙ্কজ বৰাই সকলোকে আদৰণি জনাই সভাৰ উদেশ্য বাখ্যা কৰে৷ সভাত বনাঞ্চলৰ দাঁতি কাষৰীয়া বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে শিক্ষক শিক্ষয়ত্ৰীও উপস্থিত থাকে ৷