৩১ ডিচেম্বৰ
———————
কাইলৈ ফেহুজালি ফালি
উভতি আহিলে
বেলিটো বেলেগ হৈ আহিব নেকি ?
দোকমোকালি বেলিটো ওলালে কওঁ
এটা নতুন দিন ৷
কাইলৈ ক’ম নতুন বছৰ ৷
এটা পুৰণি বেলি
এটা পুৰণি জোন
এখন পুৰণি পৃথিৱী ৷
কিন্তু প্রতিটো দিনেই নতুন দিন ৷
প্রতিটো বছৰেই নতুন বছৰ ৷
যদিও কেৱল নির্ভৰ ভৰ,
নহলে সকলো শূন্য,
ক’ৰবাত এটা ঈশ্বৰ-কণাই
কিবা কৌতুক কৰি আছে ৷ আৰু সেয়েই
পৃথিৱী ঘূৰি আছে,
পুৰণি হৈও নতুন হৈ আছে ৷
—————————
টোকা: ভৰ-mass, ঈশ্বৰ-কণা-higgs particle, যি অন্য কণাক ভৰ দিয়ে।