ধুমুহা-বৰষুণত ভাঙি পৰিল গুৱাহাটী বিমানবন্দৰৰ চিলিং; বিপৰ্যয়ক লৈ আদানী গোষ্ঠীক কটাক্ষ কংগ্ৰেছৰ

ধাৰাসাৰ বৰষুণৰ মাজতে দেওবাৰে গুৱাহাটীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিতৰত ফলছ চিলিঙৰ এটা অংশ ভাঙি পৰে। এই ঘটনাৰ বাবে বহু বিমানৰ পথ সলনি কৰা হয়। ইপিনে, বিমানবন্দৰৰ ভিতৰৰ ফলছ চিলিং ভাঙি পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আদানী গোষ্ঠীৰ নিয়ন্ত্ৰণত আছে। আদানী গোষ্ঠীৰ হৈ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱাই বিষয়টো সন্দৰ্ভত বক্তৱ্য ৰাখিছে।

ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ ফলত বিমান যাতায়ত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে বৰুৱাই। লগতে সংলগ্ন অঞ্চলত গছ উভালি পৰাৰ বাবে এপ্ৰ’চ ৰোডটো ৩০ মিনিটৰ বাবে বন্ধ কৰি দিয়া হয়।

লগতে পঢ়কঃ মেচ ফিক্সিং হ’ব, নিৰ্বাচনৰ বাবে আম্পায়াৰ ঠিক কৰি ৰাখিছে মোদীয়ে! আক্ৰমণ ৰাহুলৰ

ইতিমধ্যে এই তাণ্ডৱৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেলহৈ পৰিছে। ফলছ চিলিং ভাঙি পৰা মুহূৰ্তৰ ভিডিঅ’ বহু ঠাইত দেখা গৈছে। স্বাভাৱিকতে এই ঘটনাত বিমানবন্দৰটোত থকা লোকসকল আতংকিত হৈ পৰে। বিমানবন্দৰৰ ভিতৰৰ পৰা অতিৰিক্ত পানী আঁতৰোৱাৰ প্ৰচেষ্টা চলোৱা হয়।

উৎপল বৰুৱাই কয়, “টাৰ্মিনেল বিল্ডিঙৰ ভিতৰত বৰষুণ আৰু পানী জমা হোৱাৰ বাবে বিমানবন্দৰৰ ছাদৰ আউটলেটবোৰ প্ৰচণ্ডভাৱে ওফন্দি উঠিছিল। টাৰ্মিনেল বিল্ডিং, ফ’ৰক’ৰ্ট এলেকাৰ ফলছ চিলিঙৰ এটা সৰু অংশ পানী আৰু বতাহৰ চাপৰ বাবে ভাঙি গৈছিল। এই কাণ্ডত কোনো লোক আহত হোৱা নাই।”

জানিব পৰা মতে, এই ঘটনাৰ বাবেই বিমানবন্দৰত ৪৫ মিনিটৰ বাবে বিমান যাতায়ত বন্ধ হৈ পৰে। এয়াৰ ইণ্ডিয়া। এয়াৰ ইণ্ডিয়া, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, ইণ্ডিগ’ৰ মুঠ ৬খন বিমান ডাইভাৰ্ট কৰি আগৰতলা আৰু কলকাতা বিমানবন্দৰত অৱতৰণ কৰোৱা হয়। পিছত সেই বিমানবোৰ পুনৰ গুৱাহাটী পায়হি।

ইপিনে, আদানী গোষ্ঠীৰ নিয়ন্ত্ৰণত থকা বিমানবন্দৰত সংঘটিত হোৱা ঘটনাক লৈ কংগ্ৰেছে আদানী গোষ্ঠীক কটাক্ষ কৰিছে। কংগ্ৰেছৰ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে এক্স হেণ্ডেলত কয়, “প্ৰবল বৰষুণৰ বাবে গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ছাদ ভাঙি পৰাৰ কথা শুনি অত্যন্ত হতাশ হৈছো, আদানিৰ মালিকানাধীন বিমানবন্দৰটোৱে খুচুৰা বিপণী সম্প্ৰসাৰণৰ পৰিৱৰ্তে মানসম্পন্ন আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়ক।”