কৰ্ণাটকৰ এজন মুছলমান ধৰ্মগুৰুৰ বিৰুদ্ধে মছজিদৰ ভিতৰত পাঁচ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ২০২৩ চনৰ অক্টোবৰ মাহত ৰাজ্যখনৰ বেলাগাৱী জিলাৰ এটা মছজিদত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড! শেহতীয়াকৈ এই ঘটনাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে আৰক্ষী সক্ৰিয় হৈ পৰে।
আৰক্ষীয়ে জনোৱা মতে, ধৰ্ষণ কাণ্ডৰ অভিযুক্ত হৈছে মহালিংগাপুৰৰ বাসিন্দা তুফাইল আহমেদ দাদাফিৰ। শেহতীয়াকৈ এগৰাকী সমাজকৰ্মীয়ে শিশুটিৰ অত্যাচাৰৰ ভিডিঅ’ আৰু তথ্য ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত কৰি অপৰাধস্থলী আৰু দোষীক চিনাক্ত কৰে। মছজিদৰ ভিতৰৰ ভিডিঅ’ পোহৰলৈ আহিলেও পৰিয়ালৰ লোকে ভয়ত আৰু শিশুটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি থানাত এজাহাৰ দাখিল কৰা নাছিল।
এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে আৰক্ষীয়ে ভুক্তভোগীৰ পিতৃৰ সৈতে যোগাযোগ কৰে। তেওঁক লিখিত অভিযোগ দাখিল কৰিবলৈ কোৱা হৈছিল। অৱশ্যে আৰক্ষীৰ অনুৰোধ তেওঁ নাকচ কৰে। তেওঁ কয় যে, তেওঁ এই গোচৰৰ সৈতে জড়িত হ’ব নিবিচাৰে। যদিও বিষয়টোত বেলাগাভি জিলা শিশু সুৰক্ষা আয়োগে হস্তক্ষেপ কৰে। সংগঠনটোৱে ভুক্তভোগীৰ হৈ গোচৰ ৰুজু কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মৌলবী তুফাইল আহমেদ দাদাফিৰক।