ৰাজহুৱা স্থানত মহিলাক সুৰক্ষা দিব কোনে?

দেশৰ আনবোৰ চহৰৰ দৰেই জ্যোতি-বিষ্ণুৰ বৈপ্লৱিক চিন্তাৰ আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নাৰীবাদী সংগ্ৰামৰ উত্তৰাধিকাৰ তেজপুৰ চহৰখনো মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে

প্ৰতিনিধিত্বমূলক ফটো।

সাংস্কৃতিক, ৰাজনৈতিক আৰু বৌদ্ধিক কাৰ্যকলাপৰ বাবে অতীজৰেপৰা পৰিচিত তেজপুৰ আজিও সাংস্কৃতিকভাৱে চহকী আৰু এখন ক্ৰমবৰ্ধমান চহৰ। শোণিতপুৰ জিলাৰ সদৰ হোৱাৰ বাবে এই চহৰ বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষা প্ৰতিষ্ঠানেৰে শৈক্ষিক, গৱেষণামূলক কাম, কলা-সাহিত্য, চলচ্চিত্ৰ নিৰ্মাণ আদিত আগৰণুৱা। ইয়াৰ উপৰিও তেজপুৰ কেইবাখনো মহাবিদ্যালয়ৰ লগতে সুনাম থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবেও পৰিচিত। আৰু সেইবাবেই চহৰখনে মাজুলী, কাৰ্বি আংলঙ, ডিমা-হাছাও আদিৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমূহৰপৰাও এক বৃহৎ সংখ্যক যুৱক-যুৱতীক আকৰ্ষণ কৰে। তেজপুৰৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে চহৰখন এতিয়া অসংখ্য শ্বপিং মল, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু খাদ্য-সম্ভাৰৰ দোকানেৰে ভৰি পৰি এখন সদাব্যস্ত চহৰলৈ পৰিৱৰ্তিত হৈছে। দিনক দিনে বৃদ্ধি পোৱা বাহন, ই ৰিক্সা/টম টম, অটো আৰু বাইকৰ ক্ষেত্ৰতো একেই কথা।

সম্প্ৰতি অতি উদ্বেগজনক কথাটো হৈছে, দেশৰ আনবোৰ চহৰৰ দৰেই জ্যোতি-বিষ্ণুৰ বৈপ্লৱিক চিন্তাৰ আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নাৰীবাদী সংগ্ৰামৰ উত্তৰাধিকাৰ এই চহৰখনো মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। ইয়াৰ বিভিন্ন ৰাজহুৱা স্থান, আলিবাট, যান-বাহন আদিত মহিলা আৰু যুৱতীসকলৰ ওপৰত পুৰুষৰ দ্বাৰা হোৱা নানা ধৰণৰ যৌন নিৰ্যাতনৰ ঘটনা ক্ৰমে বাঢ়ি আহিছে। ছোৱালী আৰু মহিলাসকলৰ শৰীৰ, চেহেৰা, জাতিগত পৰিচয়, আৰু সাজপোছাক সম্বন্ধে বিভিন্ন ধৰণৰ যৌনগন্ধী অশ্লীল মন্তব্য, অশালীন ভাষাৰ প্ৰয়োগ এতিয়া চহৰখনৰ ৰাস্তাই-ঘাটে, দিনে-পোহৰে অতি সুলভ। লগতে ই-ৰিক্সা, টমটম আদিতো যৌন নিৰ্যাতন কৰাৰ অভিযোগ আহিছে।

তেজপুৰত পঢ়িবলৈ বা চাকৰি-সূত্ৰে অহা অসমীয়া, অনা-অসমীয়া যুৱতী/মহিলাবোৰক ৰাজহুৱা স্থানত বিভিন্ন পুৰুষে কৰা যৌন নিৰ্যাতনসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে – যৌন ইংগিতধৰ্মী মন্তব্য, অশালীন শব্দৰ ব্যৱহাৰ, সুহুৰি বজোৱা, যৌনাংগ প্ৰদৰ্শন কৰা, বলপূৰ্বক শাৰিৰীক স্পৰ্শ, অনুসৰণ আদি। তেজপুৰত কৰ্মৰত মহিলা/যুৱতীসকলে আমাৰ আগত বৰ্ণনা কৰা কিছুমান যৌন নিৰ্যাতনৰ ঘটনাৰ উদাহৰণ ইয়াত উল্লেখ কৰা হ’ল –

১. যোৱা কেইমাহমানৰপৰা মন কৰিছোঁ, মই যেতিয়াই চিভিল চক বা বজাৰৰ দৰে ৰাজহুৱা স্থানলৈ যাওঁ তেতিয়াই কিছুমান পুৰুষে বেয়াকৈ চাই থাকে। এনেকুৱা আচৰণ দিনে দিনে বাঢ়ি আহিছে। মই আজিকালি মন গ’লেই যিকোনো পোছাক পিন্ধিব নোৱাৰোঁ। নিজে বিচৰাধৰণে সাজ-পোছাক পিন্ধিলে মই অসুৰক্ষিতহে অনুভৱ কৰোঁ। কিন্তু ২০১৭ চনত প্ৰথম তেজপুৰলৈ আহোঁতে এনেকুৱা অৱস্থা নাছিল। পাৰ্বতী নগৰত (নেফা অঞ্চল) দুটা অতি বেয়া ঘটনা ঘটিছিল। চাইকেল চলাই আহি থকা মানুহ এটাই মোৰ বুকুত আঘাত কৰি দ্ৰুত গতিৰে পলাই গৈছিল। দ্বিতীয়বাৰ আন এটা মানুহে পাৰ্বতী নগৰ তিনিআলিৰপৰা ঘৰলৈকে মোৰ পাছ লৈছিল। মই ঘৰ সোমাই আগফালৰ চোতালৰ লাইটটো জ্বলাই দিয়াত সি থিতাতে পলাই গৈছিল। এই দুয়োটা ঘটনা ঘটাৰ ঠাইত কোনো ষ্ট্ৰীট লাইট নাছিল। ই এটা অতি ভয় আৰু চিন্তাজনক কথা। মই অতি অসুৰক্ষিত অনুভৱ কৰিছোঁ।

২. সাধাৰণতে নিশা ৮ বজাৰ পিছত তেজপুৰৰ কিছুমান বিশেষ অঞ্চল যেনে চান্দমাৰী বা চিভিল চকত কিছুমান ই-ৰিক্সা চালকে মদ্যপান কৰি থাকে। মই দুই-তিনিবাৰ এনেকুৱা পৰিস্থিতিত পৰিছোঁ য’ত ড্ৰাইভাৰ সকলে মোলৈ ইংগিত কৰি ৰোমাণ্টিক গীত গায় বা ৰিক্সাৰপৰা নামিলে ডাঙৰকৈ অশ্লীল মন্তব্য কৰে।

৩. দৰং কলেজৰ ওচৰত ডেকা ল’ৰাৰ এটা দলে কলেজলৈ যোৱা উত্তৰ-পূৱৰ আন ৰাজ্যৰ বা  অসমৰ জনজাতীয় ছোৱালীক উদ্দেশ্যি অশালীন মন্তব্য দিয়ে। তেওঁলোকক ‘চাইনীজ’ বুলিও ঠাট্টা কৰে। এই ছোৱালীসকল বৰ্ণবাদী নিৰ্যাতনৰ বলি হয়। ল’ৰাবোৰে মহাভৈৰৱ অঞ্চলৰ ওচৰত বা আনকি মূল বজাৰ এলেকাত ছোৱালীবোৰলৈ থৰ লাগি বেয়াকৈ চাই থাকে যাৰ ফলত মুকলিমূৰীয়াকৈ আৰু নিৰ্ভয়ে অহা-যোৱা বা কাম-কাজ কৰাৰ ক্ষেত্ৰত ছোৱালীবোৰ বাধাৰ সন্মুখীন হয়।

৪. কিছু সপ্তাহ আগতে এগৰাকী কৰ্মৰত যুৱতীয়ে এটা সংস্থাৰ ওচৰত অভিযোগ দিছিল। সেইসময়ত তেওঁ খুব বিচলিত হৈ পৰিছিল কাৰণ অফিচৰপৰা ঘৰলৈ উভতি অহাৰ সময়ত কিছুমান ল’ৰাই অশালীনভাৱে তাইক স্পৰ্শ কৰিছিল। তেওঁ আৰু জনাইছিল, এবাৰ বাৰহলীয়াত ল’ৰাকেইটামানে তেওঁক অনা-অসমীয়া বুলি ধৰি লৈ “হায় হায় অসম বৰবাদ হো গয়া” বুলি তিতকাৰী মাৰিছিল। তেওঁ দুৰ্বলভাৱে ইয়াৰ বিৰুদ্ধে মাত মাতিছিল যদিও ল’ৰাকেইটাই হাঁহি উৰাই দিছিল। তাৰ পিছতে দলটোৰ মাজৰ এটাই তাইক কেইবাদিনো অনুসৰণ কৰিছিল।

৫. আন এটা ঘটনাত এগৰাকী যুৱতীয়ে জনোৱা মতে এদিন তেওঁ বন্ধুৰ সৈতে নিজৰ ঘৰৰ পিছফালৰ বাট এটাইদি খোজ কাঢ়ি গৈ থাকোঁতে দুজন ল’ৰা তেওঁৰ কাষেৰে পাৰ হৈ গ’ল আৰু তেওঁৰ ভৰিত থুৱাই দিলে। তেওঁ ল’ৰাদুটাক গালি পাৰোঁতে সিহঁতে ক’লে,  “এইখন এখন গাঁও আৰু এইটো এটা সৰু ৰাস্তা, উপায় নাই”। ঠাট্টা আৰু হাঁহিৰ সৈতে এটা স্মাৰ্ট উত্তৰ।

৬. গেটৰ বাহিৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক স্থানীয় ল’ৰাই কৰা হাৰাশাস্তিৰ বাবে ভুক্তভোগীৰ বন্ধুসকলে আপত্তি কৰাত নিৰ্যাতনকাৰীসকল কাজিয়াত লিপ্ত হোৱাৰো উদাহৰণ আছে। তাতোকৈ বেয়া কথাটো হ’ল আফ্ৰিকাৰপৰা আহি তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীসকলে প্ৰায়ে ৰাজহুৱা স্থানত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হয়। তেওঁলোকক উদ্দেশ্যি প্ৰয়োগ কৰা মৌখিক অশ্লীল ভাষা তেওঁলোকে বুজি নাপায় গতিকে প্ৰতিবাদো কম হয়।

৭. কৰ্মসূত্ৰে বা শিক্ষা গ্ৰহণৰ কাৰণে তেজপুৰলৈ আহি ভাড়াঘৰত বা ব্যক্তিগত ছাত্ৰী নিৱাসত থকা যুৱতীসকলো সুৰক্ষিত নহয়। এই যুৱতীসকল ঘৰৰ মালিক, প্ৰতিৱেশী আদিৰ দ্বাৰা সততে যৌনভাৱে নিগৃহীত হোৱাৰ ঘটনাও পোহৰলৈ আহিছে। এগৰাকী ছাত্ৰীয়ে আমাক জনোৱা মতে তেওঁলোকৰ ছাত্ৰী নিৱাসৰ চৌহদৰ সিপাৰে চুবুৰীয়া মধ্যবয়সীয়া পুৰুষ এজনে ৰাতিপুৱাৰেপৰা উদং গাৰে কেৱল হাফ পেণ্ট বা গামোচা এখন পিন্ধি থিয় হৈ ছোৱালীবোৰলৈ অনবৰতে চাই থাকে যাৰ ফলত কলেজ, টিউশ্যন বা বজাৰলৈ অহা-যোৱা কৰা, কাপোৰ-কানি ধোৱা আদি দৈনন্দিন কাম কৰিবলৈ তেওঁলোকে অস্বস্তি পোৱাৰ লগতে ৰাতি নিৰাপদো অনুভৱ নকৰে। বহুবাৰ কোৱাৰ পাছতো ছাত্ৰী নিৱাসৰ মালিক ইয়াৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত নিমাত। ওপৰত উল্লেখ কৰা আনবোৰ ঘটনাতো দোষীয়ে কোনো ধৰণৰ শাস্তি নোপোৱাকৈয়ে সাৰি গৈছে।

ওপৰত উল্লেখিত উদাহৰণবোৰত বেছিভাগ ক্ষেত্ৰতে উৎপীড়নকাৰীৰ ৰূপত ৰাস্তাই-ঘাটে আড্ডা মাৰি থকা আৰু টহল দি থকা যুৱক, ই-ৰিক্সা চালক আদিক দেখা যায়। মহিলা বা ছাত্ৰীসকলৰ বেছিসংখ্যকেই দৈনন্দিন যাতায়তৰ কাৰণে টমটম বা ই-ৰিক্সাৰ ওপৰত নিৰ্ভৰশীল। বিভিন্ন বয়সৰ ছাত্ৰী/যুৱতীয়ে আমাৰ আগত প্ৰকাশ কৰা মতে হোৱাই-নোহোৱাই ই-ৰিক্সাচালকসকলে তেওঁলোকক ৰিক্সাত উঠিবলৈ মাতি থাকে। তেওঁলোকে নাযাওঁ বুলি ক’লেও চালকসকলে বিভিন্ন ধৰণৰ কথাৰে জোৰ কৰে। এই কথাবোৰ প্ৰায়েই যৌনগন্ধী হয় আৰু যুৱতীসকলৰ কাৰণে অতিকৈ অপমানজনক হয়। ই-ৰিক্সাৰ চালকবোৰৰ বেছিভাগেই কম বয়সৰ যুৱক। এই ৰিক্সাবোৰ কোনো আনুষ্ঠানিক নিয়ন্ত্ৰণ ব্যৱস্থাৰ অধীন নহয় আৰু হয়তো টেক্সি আৰু আন বাহনৰ দৰে কোনো সন্থাৰ অধীনত পঞ্জীয়নো কৰা হোৱা নাই। আমি টেক্সিৰ ক্ষেত্ৰত দেখাৰ দৰে আনুষ্ঠানিক ই-ৰিক্সা এছ’চিয়েচন নাই। সৰু সৰু অনানুষ্ঠানিক গোটবোৰহে চহৰখনৰ বিভিন্ন কোণত দেখা যায়, যিটো আচলতে এছ’চিয়েশ্যন হোৱাতকৈ আড্ডাথলীৰ দৰেহে।

সমাজে স্বাভাৱিক বুলি গণ্য কৰা যৌন নিৰ্যাতনৰ এই বিষয়টো আচলতে অতি গুৰুতৰ আৰু ই মহিলাৰ মানৱ অধিকাৰ খৰ্ব কৰে। তেজপুৰৰ শতাধিক যুৱতী/মহিলাৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে। নিৰাপত্তাৰ অভাৱে যুৱতীসকলৰ বাবে বহুসময়ত শিক্ষা গ্ৰহণ, চাকৰিলৈ যোৱাত আৰু অন্যান্য যাৱতীয় কাম কৰাত বাধাৰ সৃষ্টি কৰিছে। মৰ্যাদা আৰু সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এনে আচৰণৰ সন্মুখীন হোৱাৰ ফলত তেওঁলোক হতাশা আৰু উদ্বিগ্নতাৰ বলিও হ’ব লগা হৈছে। তেজপুৰত কৰ্মৰত মহিলাৰ মানৱ অধিকাৰ-কৰ্মী এগৰাকীয়ে প্ৰকাশ কৰামতে তেওঁ নিজেও বহুবাৰ ৰাজহুৱা স্থানত এনেকৈ যৌন নিৰ্যাতনৰ বলি হৈছে যাৰ ফলত তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। সুৰক্ষা আৰু মৰ্যাদাৰে জীয়াই থকাটো এই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ মৌলিক অধিকাৰ। ভাৰতৰ সংবিধানে আমাক এই অধিকাৰ প্ৰদান কৰিছে। ঘৰেই হওক বা ৰাজহুৱা স্থান – মহিলাসকল অসুৰক্ষিত আৰু লাঞ্ছিত হৈ থকাটো সাধাৰণ বা স্বাভাৱিক ঘটনা হিচাপে মানি লোৱাটোৱে আমাৰ সমাজৰ দুমুখীয়া চৰিত্ৰ আৰু পিতৃতান্ত্ৰিক ভণ্ডামিকেই উন্মোচন কৰে। মহিলাৰ অধিকাৰ আৰু সুৰক্ষাৰ প্ৰশ্নটো আহিলেই সমাজ-ব্যৱস্থাটো নিমাত হৈ পৰে। সমস্ত দোষ জাপি দিয়ে নিৰ্যাতিতাৰ ওপৰত। ফলত সকলোৰে চকুৰ আগতে দোষীয়ে দপদপাই থকাৰ সুবিধা পায়। এনে ঘটনাৰ সন্মুখীন হৈ যিসকল যুৱতী/মহিলাই প্ৰতিবাদ কৰে তেওঁলোকে কিন্তু খুব এটা সঁহাৰি নাপায়। থানাত গোচৰ দিবলৈ গ’লে পুলিচে সহায় কৰে যদিও বহুসময়ত ইয়াৰ ওলোটাটোও দেখা যায়। কেতিয়াবা পুলিচেই মহিলাৰ সাজ-পোছাক, চলন-ফুৰণ আদিক লৈ বৈষম্যমূলক মন্তব্য দিয়াৰ লগতে সহযোগ কৰিবলৈও অমান্তি হোৱাৰ উদাহৰণো নোহোৱা নহয়।

ভাৰতত ব্যক্তিগত আৰু ৰাজহুৱা ঠাইৰ লগতে কৰ্মক্ষেত্ৰত মহিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতন ৰোধ কৰিবলৈ আইন আছে। ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (ক, খ, গ, ঘ) ধাৰাৰ অধীনত ৰাজহুৱা স্থানত মহিলাৰ শালীনতা আৰু মৰ্যাদা ভংগ কৰা যিকোনো আচৰণ, যৌনগন্ধী মন্তব্য, যৌন সম্পৰ্কৰ দাবী বা বলেৰে সুবিধা গ্ৰহণ, মহিলাক বলেৰে বিৱস্ত্ৰ কৰা, অনুসৰণ কৰা, গোপন বা ব্যক্তিগত কৰ্ম (যৌন কৰ্ম, কাপোৰ সলোৱা, গা ধোৱা আদি)ক লুকাই চোৱা, ভিডিঅ/ফটো তোলা আদি অপৰাধৰ কাৰণে ১ৰপৰা ৭বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমনাৰ বিধান আছে। ভাৰতীয় দণ্ডবিধিৰ ৫০৯ নং ধাৰাৰ অধীনতো মহিলাৰ প্ৰতি স্পষ্টভাৱে যৌন সম্পৰ্কীয় ইংগিত, শব্দ উচ্চাৰণ কৰিলে আৰু মহিলাৰ মৰ্যাদা আৰু সন্মান হানিকাৰক যিকোনো আচৰণৰ বাবে শাস্তি নিৰ্ধাৰণ কৰিছে।

তথাপিও ন্যায় লাভৰ বাট মহিলাসকলৰ বাবে সহজ হয়নে? চহৰ এখন মহিলা আৰু ছোৱালীৰ কাৰণে নিৰাপদ কৰি তোলাটো বৰ কঠিন নেকি? কিয় বাৰে বাৰে আমাৰ সমাজ ব্যৱস্থাটো মহিলা এগৰাকীক প্ৰাপ্য অধিকাৰ আৰু মৰ্যাদা দিয়াৰ ক্ষেত্ৰত হাৰি যায়? চৰকাৰ আৰু প্ৰশাসনৰ এইক্ষেত্ৰত দায়িত্ব কি? নাগৰিক সমাজে কেনেধৰণৰ ভূমিকা পালন কৰা উচিত? বিভিন্ন সময়ত স্বেচ্ছাসেৱী সংগঠন, মহিলা অনুষ্ঠানসমূহে মহিলা নিৰ্যাতনৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী, কৰ্মশালা আদি পাতি আহিছে যদিও গৰিষ্ঠ সংখ্যক অংশীদাৰক সামৰি ল’বলৈ সক্ষম হোৱা নাই। প্ৰশাসনে এনে সংগঠনসমূহৰ সৈতে লগ লাগি চহৰখনৰ ৱাৰ্ড পৰ্যায়ত বিভিন্ন কৰ্মকৰ্তাসকলৰ কাৰণে লিংগ সংবেদনশীলতাৰ কৰ্মশালা অনুষ্ঠিত কৰিব লাগে। এনে কৰ্মশালাত ই-ৰিক্সাকে ধৰি চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ যান-বাহনৰ চালক, ছাত্ৰ-ছাত্ৰী, পুলিচ আদিকো সামৰি লোৱাটো খুবেই দৰকাৰী। লগতে চহৰখনৰ বাটপথবোৰত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা, পুলিচ পেট্ৰলিং বৃদ্ধি কৰা, আন্ধাৰৰ সুযোগত গঢ় লৈ উঠা মদ-ভাঙ-জুৱাৰ আড্ডাবোৰ উৎখাত কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ’লে অসুৰক্ষিত বাট-পথত মহিলাৰ ওপৰত বাৰে বাৰে নিৰ্যাতন চলি থাকিব আৰু ‘বেটী বচাও বেটী পঢ়াও’ বা মহিলা সশক্তিকৰণৰ চৰকাৰী অভিযানবোৰ এইদৰেই কেৱল প্ৰহসনত পৰিণত হৈ থাকিব। বৰ্তমানৰ চৰকাৰে ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা কমোৱাৰ প্ৰতিশ্ৰুতি দিছে, ই ভাল কথা। কিন্তু তেজপুৰকে ধৰি অসমৰ নগৰ-চহৰ, গাওঁ-ভূঁইৰ বাটপথ, শিক্ষানুষ্ঠান, বজাৰ আদি ৰাজহুৱা স্থান, ঘৰ আৰু কৰ্মক্ষেত্ৰবোৰত সকলোৰে অগোচৰে বা বহুসময়ত সকলোৰে সমুখতে মহিলাৰ বিৰুদ্ধে ঘটি থকা কিন্তু পুলিচৰ খাতাত পঞ্জীয়নভুক্ত নোহোৱা অসংখ্য অপৰাধ নিৰ্মূল কৰাত প্ৰশাসনে কি ভূমিকা লয় সেয়া লক্ষ্যনীয় হ’ব।