NORTHEAST NOW (Assamese)

প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰৰ জৈৱ-বৈচিত্ৰ্যৰ বিষয়ত গৱেষণা

September 29, 2018 2:15 pm · এন ই নাও নিউজ
Updated: September 29, 2018 3:27 pm

‘হেল্প আৰ্থ’ নামৰ বেচৰকাৰী সংস্থাটোৰ পৰা জয়াদিত্য পুৰকায়স্থই ৬ বছৰ ধৰি চলোৱা বন্যপ্ৰাণীৰ বিষয়ত সম্পন্ন কৰা এটা গৱেষণাত পোৱা গৈছে যে গুৱাহাটী মহানগৰত ২৬ টা প্ৰজাতিৰ উভচৰ, ৫৭ প্ৰজাতিৰ সৰীসৃপ, ২১৪ টা চৰাইৰ প্ৰজাতি ৩৬টা স্তন্যপায়ী প্ৰজাতি আছে।

পুৰকায়স্থই ২০১১ৰ পৰা ২০১৬ চনলৈকে গুৱাহাটীত থকা মেৰুদণ্ডী প্ৰাণীৰ বিষয়ত গৱেষণা কৰিছিল।

পুৰকায়স্থই কৈছে যে নগৰীয়া পাৰিপাৰ্শ্বিকতা পৰিৱৰ্তন সংঘটিত হোৱাৰ লগে লগে জৈৱ-বৈচিত্ৰ্যতো পৰিৱৰ্তন হয়। মানুহৰ কাম-কাজৰ বাবে পৰিৱেশ প্ৰদুষণেই জৈৱ-বৈচিত্ৰ্যৰ ক্ষতি আৰু আৱাসভূমিৰ ধ্বংসকাৰ্য অধিকতৰ সংঘটিত হয় তাত নগৰীয়া এলেকাৰ পৰিৱেশতত্ৰ সলনি হয়। অৱশিষ্ট প্ৰজাতিসমূহক ৰক্ষা কৰাৰ বাবে জৈৱ-বৈচিত্ৰ্যৰ এটা মূল্যায়ন কৰাটো আৱশ্যকীয়।

যিহেতু এনেধৰণৰ গৱেষণা পূৰ্বতে কৰা হোৱা নাছিল, সেয়েহে গুৱাহাটীৰ জৈৱ-বৈচিত্ৰ্য পৰিৱৰ্তনৰ অধিক নথি উপলব্ধ নহয়।

এই গৱেষণাৰ ফল জাৰ্নেল ‘অব থ্ৰিটেনড টেক্সা’ৰ শেহতীয়া সংস্কৰণত প্ৰকাশিত হৈছে। গৱেষণাত ‘ভিজুৱেল-এনকাউণ্টাৰ ছাৰ্ভে’ গৱেষণা প্ৰণালীবিজ্ঞান মানি চলা হৈছে। বিশেষকৈ সৰীসৃপ আৰু উভচৰ প্ৰাণীৰ ওপৰত জৰীপ চলোৱাৰ বাবে ‘এক্টিভ ছাৰ্চ’ উপায় অৱল্বন কৰা হৈছিল।

উভচৰসমূহৰ  ২৬ বিধ প্ৰজাতি আছে আৰু ইয়াৰে ৭ বিধক বিচাৰি পোৱা গৈছে। এইবোৰৰ ভিতৰত এবিধ হৈছে সংকটাপন্ন, ৪ বিধৰ বিষয়ে তথ্যৰ অভাৱ আৰু ২১ বিধৰ বিলুপ্তিৰ আশংকা নাই। ইয়াৰে ১১ বিধক ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন-১৯৭২ৰ অনুসূচী-৪ৰ অন্তৰ্ভুক্ত কৰা হৈছে। বাকীসমূত অনুসূচীৰ বাহিৰৰ প্ৰজাতি।

সৰীসৃপৰ ভিতৰত ৫৩ বিধ আছে। ইয়াৰে ১১ বিধক পোৱা গৈছে। এইবোৰৰ ভিতৰত এবিধ বন্য অৱস্থাত অৱলুপ্ত (ক’লা কোমল চলং বিশিষ্ট কাছ) ২ বিধ বিপদাপন্ন, ৫ বিধ সংকটাপন্ন, ৩১ বিধক মূল্যায়ন কৰা হোৱা নাই আৰু ১৪ বিধ প্ৰাণীৰ অদূৰ ভৱিষ্যতে আশংকা নাই। ইয়াৰ অধিকাংশ কাছই কামাখ্যা আৰু উগ্ৰতাৰা মন্দিৰৰ পুখুৰীত বৰ্তি আছে।

পুৰকায়স্থই তেওঁৰ গৱেষণাত প্ৰতিটো প্ৰজাতিৰ বাবে উপযুক্ত আৱাসৰ বিষয়ে ব্যাখ্যা কৰিছে।

তেওঁ আৰু জনাইছে যে বিদ্যালয় পাৰিপাৰ্শ্বিক ক্লাব কাৰ্যসূচীৰ অন্তৰ্গত জৈৱ-বৈচিত্ৰ্য ভ্ৰমণ আৰু জিলা প্ৰশাসনে গুৱাহাটীৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত সচেতনতা জগাই তোলাত সহায় কৰিব পাৰে।

Related News