NORTHEAST NOW (Assamese)

টীয়কৰ চাহ বাগিচাৰ হাতখোলাত অগ্নিকাণ্ডত ভষ্মীভূত চাহ শ্ৰমিকৰ বাসগৃহ

January 23, 2022 10:19 am · এন ই নাও নিউজ, টীয়ক
ফটো: নৰ্থইষ্ট নাও।

টীয়কৰ চাহ বাগিচাৰ হাতখোলাত চাহ শ্ৰমিকৰ বাসগৃহত যোৱা নিশা এক অগ্নিকাণ্ড সংঘটিত হয় ।

এই অগ্নিকাণ্ডত জুইত জাহ গ’ল সুভদা মাহিলি নামৰ শ্ৰমিক গৰাকীৰ বাহগৃহৰ সা-সম্পত্তি ।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই।

ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বহিনীয়ে নিৰ্বাপিত কৰে জুই। অগ্নিকাণ্ডৰ সময়ত ঘৰত নাছিল কোনো লোক।

লগতে পঢ়ক: মহানগৰীত গ্ৰেপ্তাৰ হাৰিয়ানাৰ দুজন ATM প্ৰৱঞ্চক

স্থানীয় ৰাইজে দেখি ততাতৈয়াকৈ আৰক্ষী তথা অগ্নিনিৰ্ব্বাপক বাহিনীক খবৰ দিয়ে।

অগ্নিকাণ্ডটোত সম্পূৰ্ণৰূপে জলি চাৰখাৰ হৈ পৰে বাসগৃহটো। 

Related News