ছবিখনৰ বিষয়ে নতুনকৈ কিবা কোৱাৰ নিশ্চয়কৈ কোনো প্ৰয়োজন নাই। মুক্তিৰ দুসপ্তাহৰ ভিতৰতেই ব্যৱসায়িক দিশত ইতিমধ্যেই অসমত এক অভিলেখৰ সৃষ্টি কৰিছে এই ছবিখনে। ১৯৬৯ চনতেই মুক্তিপ্ৰাপ্ত প্ৰয়াত নিপন গোস্বামী অভিনীত ছবি ডক্তৰ বেজবৰুৱাৰ পৰৱৰ্তী ৰূপ বা চিকুৱেল ডক্তৰ বেজবৰুৱা-২। ছবিখনৰ পৰিচালনা নিপন গোস্বামীৰ আৰু কাহিনী, চিত্ৰনাট্য, সংলাপ লিখিছে ৰাজদ্বীপে। ছবিখনক উৎকণ্ঠাময় আৰু শিহৰণধৰ্মী ছবি বুলি কোৱা হৈছে। গত ৩ ফেব্ৰুৱাৰীত মুক্তিপ্ৰাপ্ত এই ছবিখন বৰ্তমান অসমৰ বিভিন্ন ছবিগৃহত চলি আছে।
চিনেমাৰ আৰম্ভণি ঘটে অসমলৈ দীৰ্ঘকালৰ মূৰত উভতি অহা শান্তনু চৌধুৰী (সিদ্ধাৰ্থ নিপন গোস্বামী)ক নিজ ঘৰত নাটকীয় মমতাৰে আদৰাৰ দৃশ্যৰে, যি সাধাৰণতে বলীউডী ছবিবোৰত দেখা যোৱা এক সুলভ দৃশ্য। কাহিনীৰ গতি অতি ক্ষীপ্ৰ। ক্ষীপ্ৰ গতি হোৱা ভাল কথা, পিছে ডক্তৰ বেজবৰুৱা-২ৰ কাহিনীৰ ইমানেই বেছি ক্ষীপ্ৰ গতি আৰু ঘটনাবহুলতাৰ পয়োভৰ যে আচলতে কাহিনীটো নো কি, সেই কথা বহুপৰলৈকে অস্পষ্ট হৈ থাকিল।
অৰ্থাৎ, আৰম্ভণি হিচাপে, কাহিনীৰ গতি অত্যধিক ক্ষীপ্ৰ হোৱাতকৈ, অলপ মন্থৰ কৰিলে দৰ্শক কাহিনীৰ লগত সংযুক্ত হ’ব পাৰিলেহেঁতেন, যিটো সমগ্ৰ চিনেমাখনতেই বিচাৰি থাকিও অনুভৱ নকৰিলো। অত্যধিক চাকচিক্য, গ্লেমাৰৰ পয়োভৰ হে অধিক দেখা গ’ল। অতি প্ৰত্যশিতভাৱেই ডি এছ পি মহাদেৱ বৰুৱা (জুবিন গাৰ্গ)ৰ দাবাঙৰ দৰে ছবিত চলমান খানৰ প্ৰবেশৰ দৰেই নায়কসুলভ প্ৰবেশ। যিকেইটা খলনায়ক ৰাজনীতিবিদৰ চৰিত্ৰ আছিলে, আটাইকেইজনৰেই পেশীবহুল দেহবল্লৰীৰ বাদে অভিনয়ৰ দিশত আন একো দেখিবলৈ পোৱা নগ’ল।
কাহিনীৰ অত্যধিক তীব্ৰ গতিৰ লগতে ইটোৰ পিছত সিটোকৈ পৰিস্থিতিৰ কোনো দাবী নোহোৱাকৈয়ে উপস্থাপন কৰা গীত-নৃত্যৰ পয়োভৰেৰে ছবিখনৰ সাৱলীলতাত প্ৰতিবন্ধক হৈছে। সাজ-পোচাক, আভিজাত্যৰ প্ৰদৰ্শনত অতি গুৰুত্ব প্ৰদান কৰা হৈছে। ইয়াৰেই এটি অতি কৰুণ পৰিণতিৰূপে হস্পিটেলত সন্তান প্ৰসৱৰ পিছত মাধুৰীমা চৌধুৰীয়ে যেতিয়া কোলাত কেঁচুৱা লৈ হস্পিটেলৰ বেডৰ পৰা নামে তেতিয়াও তেওঁৰ মুখমণ্ডলত সম্পূৰ্ণ সুস্থ অৱস্থাৰ নিখুঁত মেক-আপ আৰু খুবেই পৰিপাটিকৈ পিন্ধা এযোৰ মেখেলাচাদৰ যি এগৰাকী সদ্য-প্ৰসূতিৰ ৰূপ হিচাপে অতিশয় দৃষ্টিকটু হৈছে।
বিৰতি পৰ্যন্ত পৰৱৰ্তী অংশ চাবলৈ কোনোধৰণৰ আগ্ৰহ অনুভৱ কৰিব পৰা উপাদান নেপালো। যদিওবা আৰম্ভণিৰে পৰাই উৎকণ্ঠাৰ অনুভৱ দিয়াৰ প্ৰয়াস কৰা হৈছিলে পিছে সেই প্ৰয়াস সমগ্ৰ চিনেমাখনতেই বিফল বুলিব লাগিব। চৰিত্ৰসমূহৰ নিৰ্বাচনো সঠিক নহ’ল— আদিল হুছেইন আৰু জুবিন গাৰ্গৰ চৰিত্ৰ দুটিক বাদ দি। মূল নায়ক-নায়িকাৰ যুটীটো অনাকৰ্ষণীয় আৰু দুয়োজনে অভিনয়ৰ আৰু বহু চৰ্চা কৰাৰ প্ৰয়োজন আছে যেন অনুভৱ হ’ল। কিংকিণী গোস্বামীৰ চৰিত্ৰটোক মাথোঁ সজাই থোৱা ফুলদানিৰ দৰেহে লাগিল লগতে তেওঁৰ সকলো সময়তেই একেধৰণৰ অভিব্যক্তি আমনিদায়ক। কাহিনীত নহ’লেও আৱহ-সংগীতৰ কাম ভাল, ছবিখনত দিব বিচৰা, উৎকণ্ঠা আৱহ-সংগীত আৰু আলোকশিল্পৰ কামতহে অনুভৱ কৰা হ’ল। আলোকশিল্পকাৰ হৃদয় গগৈৰ নিপুণ কাম পৰিলক্ষিত হ’ল। প্ৰযুক্তিগত দিশত ছবিখন যথেষ্ট আগবঢ়া। ল’কেচনসমূহ দৃষ্টিনন্দন। পুৰণি জনপ্ৰিয় গীতকেইটিৰ নব্যৰূপ প্ৰতিটো গীততে ভাললগা নহয়, অৰ্থাৎ সেই পুৰণি গীতকেইটিৰ মাধুৰ্য লোপ পোৱা যেন অনুভৱ হ’ল।
অভিনয়ৰ দিশত আদিল হুছেইনৰ দৰে বলিষ্ঠ অভিনেতা এজনৰ অভিনয়কলাৰ সদ্যৱহাৰ কৰিব পৰাৰ থল খুবেই কম আছিল ছবিখনত। জুবিন গাৰ্গ জুবিন গাৰ্গ হৈয়েই আছে বাবে তেওঁ অভিনয় কৰিব লগা হোৱা নাই নিজ চৰিত্ৰত আত্মস্থ। অন্ততঃ আৰম্ভণিৰে পৰা দিব বিচৰা উৎকন্ঠা যিদৰে দেখা নগ’ল ঠিক একেদৰেই সেই দিব নোৱাৰা উৎকন্ঠাৰ ফলাফলো অতি প্ৰত্যাশিত। মূঠতে এক কথাত ক’বলৈ গ’লে ডক্তৰ বেজবৰুৱা-২ সম্পূৰ্ণৰূপে মনোৰঞ্জনধৰ্মী, মছলাধৰ্মী এখন বলীউডী ছবিৰ দৰে য’ত এটি কাহিনীৰ অভাৱ।
Email- [email protected]