যৌনতা কি তীব্ৰ আৰু সৰ্বগ্ৰাসী? আদিম সময়ৰ পৰা মানৱ মন যৌন অনুভূতিৰ দ্বাৰা আলোড়িত হৈ আহিছে। ই এক অসাধাৰণ জীৱনদায়িনী শক্তি। সেইবাবেই সকলো কলাতে ইয়াৰ এনে পয়োভৰ। প্ৰেমৰ পিছতে বোধহয় কামনাৰ আসক্তিয়েই আটাইতকৈ প্ৰভাৱশালী অনুভূতি! শংকৰদেৱৰ হৰমোহন কাব্য, ইজিপ্তৰ একালৰ প্ৰখ্যাত বেলে নৃত্য পটীয়সী টাহিয়া কাৰিওকাৰ নৃত্য আৰু ভূপেন হাজৰিকাৰ এটি সংগীতত এই যৌন আকাংক্ষাৰ কলাত্মক প্ৰকাশ কেনেদৰে ঘটিছে তাক এবাৰ চাওঁ আহকচোন! শংকৰদেৱৰ হৰমোহন কাব্য আৰু ভূপেন হাজৰিকা আমাৰ ওচৰৰ, নিজৰ। টাহিয়া কাৰিওকাৰ বিষয়ে মই পঢ়িছিলোঁ এডোৱাৰ্ড চেইডৰ “Reflections on Exile” নামৰ কিতাপৰ “Homage to a Belly-Dancer” নামৰ প্ৰবন্ধটোত।
এবাৰ দৈত্যবোৰক চলনা কৰিবলৈ বিষ্ণুৱে স্ত্ৰীৰূপ ধাৰণ কৰিছিল। শিৱৰ আগ্ৰহ তেওঁ বিষ্ণুৰ এই স্ত্ৰীৰূপ দৰ্শন কৰে। সেই উদ্দেশে বৃষভৰ পিঠিত উঠি হৰ আৰু গৌৰী এদিন গৈ বিষ্ণুৰ গৃহত উপস্থিত। বিষ্ণুৱে বোলে কামুকজনৰহে স্ত্ৰীৰূপত কৌতূহল। তুমি হ’লা মহাযোগী, তোমাৰ তাত কিয় মন? আৰু কিবা কাৰণে যদি তুমি স্ত্ৰীৰূপত ভোল যোৱা কি হ’ব? তোমাক ব্ৰহ্মাণ্ডই হাঁহিব। শিৱই বোলে প্ৰভু, মহাযোগ কৰি মই সিদ্ধি লাভ কৰি থৈছোঁ। চৌদিশে মই ব্ৰহ্মকহে দেখোঁ। মই কেনেকৈ মায়াৰ মোহত পৰিম? বিষ্ণুই বোলে ঠিক আছে তেন্তে। সেই বুলি কৈ বিষ্ণু অন্তৰ্দ্ধান হ’ল। হৰ-পাৰ্বতীয়ে ইফালে সিফালে চাইছে-ক’ত লুকাল, ক’লৈ গ’ল বিষ্ণু? তাৰ পিছত হৰে দেখে দিব্য বনৰ মাজত এক দিব্য কন্যা। এই দিব্য বনৰ বৰ্ণনা অপৰূপ। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে শংকৰদেৱৰ হৰমোহন কাব্যৰ মূল উৎস হ’ল ভাগৱত পুৰাণৰ অষ্টম স্কন্ধৰ দ্বাদশ অধ্যায়। হৰমোহনৰ মূল কথাখিনি ভাগৱত পুৰাণৰে।
কিন্তু দিব্য বনৰ হাবি আৰু ফুল, ফুলনিৰ যি বৰ্ণনা শংকৰদেৱে দিছে, সেইটো সম্পূৰ্ণ তেওঁৰ নিজৰ। মূল ভাগৱতত সেই সম্পৰ্কে মাত্ৰ “বিচিত্ৰপুষ্পাৰুণাপল্লবদ্ৰুমে” এইখিনিহে আছে। দিব্য বনত দিব্য কন্যাই কি কৰিছে? ভাটা খেলি আছে। তেওঁৰ দেহাটো কেনে? সোণ গলালে যেনে দেখি তেনে। শৰীৰৰ কি লয়লাস ভংগী? পদুম ফুলৰ দৰে চকু আৰু মুখত মনোহৰ হাঁহি। তেওঁলৈ চালেই শৰীৰ ৰাঁই-জাঁই কৰে। এনেকৈ চঞ্চলমনাহৈ ভাটা খেলি থাকোঁতে তেওঁৰ পাৰিজাত ফুলৰ খোপাটো খহি পৰে আৰু বাওঁ হাতেৰে তেওঁ তাক ঠিক কৰিবলৈ চেষ্টা কৰে। কাণৰ কুণ্ডল ডুলি আছে আৰু শৰীৰৰ লয়লাস ভংগীত স্তন যুগল হলফল কৰিছে। এবাৰ আগলৈ গৈ পিছ ফালে চাওঁতে পিন্ধি থকা মেখেলাখন বতাহত মৰা চৰাইৰ পেখমৰ দৰে ফুলি উঠিছে। তেনেদৰে আগবাঢ়ি যাওঁতে বাৰে বাৰে গাৰ কাপোৰ খহি পৰিছে। তাক ঠিক কৰিবলৈ যাওঁতে শৰীৰৰ মধ্যভাগ সামান্য ওলমি পৰিছে। শৰীৰৰ ভংগী আৰু চকুৰ কটাক্ষ দৃষ্টিয়ে শিৱৰ অৱস্থা কাহিল কৰিছে। শিৱই হিতাহিত জ্ঞান শূন্যহৈ উমাৰ(ঘৈণীয়েকৰ) কথা পাহৰি কামোন্মাদ হৈ ৰমণীৰ পিছ লৈছে। এনেতে কি হ’ল?
এবাৰ ভাটা গুটিটো দূৰৈত পৰি যাওঁতে গুটিটো দৌৰি গৈ ধৰিব বিচাৰোঁতে ৰমণীৰ শৰীৰৰ বস্ত্ৰ বতাহে উৰুৱাই নিলে আৰু তেওঁ সম্পূৰ্ণৰূপে উলংগ হৈ পৰিল। তেওঁৰ গুপ্ত অংগ মুকলি হৈ পৰিল। লাজতে মুচকচগৈ তেওঁ নিজৰ হাত দুখনেৰে গুপ্ত অংগ ঢাকিবলৈ চেষ্টা কৰিছে। কিন্তু, লগতে চলনাময়ী দৃষ্টিৰে হৰৰ ফালে চাইছে। হায় ৰাম! ৰমণীৰ এই ৰূপ দেখাৰ পিছত শংকৰৰ একো নাই অৱস্থা। তেওঁ ক’ত আছে ক’ব নোৱৰা হ’ল। তেওঁ ৰমণীক স্পৰ্শ কৰিবলৈ উদ্যতহৈ দৌৰিছে। এনেদৰে দৌৰোঁতে তেওঁ উলংগ হৈ পৰিল। তেওঁ ৰমণীৰ পিছে পিছে দৌৰিবলৈ ধৰিলে আৰু তেওঁক পাবলৈ সকলো কৰিব বুলি প্ৰতিশ্ৰুতি দি থাকিল। উলংগ ৰমণী আগে আগে আৰু উলংগ শিৱ পিছে পিছে। উস কি এক দৃশ্য!
যেন কামোন্মত্ত হস্তীনীক হস্তীয়ে খেদি নিছে। এবাৰ শিৱই গৈ ৰমণীক গবা মাৰি ধৰি চুম্বনো কৰিলে। কিন্তু আকৌ ৰমণী শিৱৰ বাহুৰপৰা ওলাই গ’ল। এতিয়া গছবোৰকে শিৱই ৰমণী বুলি সাৱটি ধৰিবলৈ ল’লে। কি হাহাকাৰ! এনেকৈ হাবিৰ মাজে মাজে দৌৰি তেওঁলোক ঋষি-মুনিসকলৰ আশ্ৰমত প্ৰৱেশ কৰিলে। অৱস্থা এনে হ’ল যে শিৱৰ যৌন উত্তেজনা চূড়ান্ত পৰ্যায় পালেগৈ। তেওঁৰ বিন্দু পাত হ’বলৈ আৰম্ভ কৰিলে। এনেকৈ বিন্দু পাত কৰি কৰি, যৌন উত্তেজনা শাম কটাৰ পিছতহে শিৱৰ সম্বিত ঘূৰি আহিল।
হৰমোহনৰ যোগেদি শংকৰদেৱে কি কৰিলে? ইয়াৰ দুটা কথা, এটা ভাগৱতৰ আৰু আনটো শংকৰদেৱৰ। কামনা, যৌনতা স্বাভাৱিক মানবীয়। সি আদিম। আদিমটো ভাগৱতৰ। শংকৰদেৱৰটো তেওঁৰ সময়ৰ। তেওঁৰটো ইমান স্বাভাৱিক, স্বতঃস্ফূৰ্ত, মানৱীয়, দেহজ, সুন্দৰ আৰু কলাত্মক। বিশেষকৈ তেওঁ সৃষ্টি কৰা পটভূমি আৰু পৰিৱেশ। হয়, আৰম্ভণিৰে পৰা ই ভক্তি ৰসেৰে সিক্ত। সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে তেওঁৰ সৃষ্টিশীল কল্পনা। শংকৰদেৱ যেন আমাৰ সময়তকৈও বেছি আধুনিকহে আছিল! হৰি নামৰ মাজত নিমজ্জিত হৈও দেহজ জগতখনক শংকৰদেৱে বৰ্জন কৰা নাছিল। যৌনতাক কেৱল এক মায়া বুলি গণ্য কৰিলে শংকৰদেৱে তাক এনে হুবহু আৰু মানৱীয়কৈ কেতিয়াও বৰ্ণনা কৰিব নোৱাৰিলেহেঁতেন। আৰু হৰমোহন এখন কাব্য নে এক চলচ্চিত্ৰ?
কুৰি শতিকাৰ আৰৱ বিশ্বৰ কিংবদন্তী সংগীতকাৰ আছিল ওম খালচুম। তেওঁৰ সংগীতৰ যৌন আবেদনো কম নাছিল। তেওঁৰ সংগীতৰ লহৰত সেই সময়ৰ বেলে নৰ্তকীসকলে সপোন ৰচিছিল। বেলে নৃত্যৰ প্ৰথম গৰাকী তাৰকা আছিল বাডিয়া মাছাবনী। তেওঁৰ সুযোগ্য উত্তৰসূৰী আছিল টাহিয়া কাৰিওকা। এওঁৰ নৃত্য প্ৰদৰ্শনৰ বিষযে এডোৱাৰ্ড চেইডে লিখা কথাখিনি আজিৰ পৰা ২২ বছৰ আগতে পঢ়ি, মই মোৰ অন্তৰত খোদিত কৰি থৈছিলোঁ। এতিয়া আকৌ তালৈ ওভতি গৈছোঁ। সেয়া ১৯৫০ চনৰ ইজিপ্তৰ কথা। এডোৱাৰ্ড চেইডৰ বয়স তেতিয়া ১৪ বছৰ। তেওঁৰ এজন সহপাঠীয়ে তেওঁক জনালে যে নীল নদীৰ পাৰৰ গীজাৰ মুকলি কাচিনিঅ’ত টাহিয়া কাৰিওকাই নৃত্য প্ৰদৰ্শন কৰিব। সেই মুকলি কাচিনিঅ’ এতিয়া তাত নাই। এতিয়া তাত আছে গগনচুম্বী শ্বেৰাটন হোটেল। কাইৰোলৈ যাওঁতে ময়ো তাৰ ওচৰৰে অইন এখন পঞ্চ তাৰকাযুক্ত হোটেলতে প্ৰায় দহদিনমান আছিলোঁ আজিৰ পৰা ২৬ বছৰ আগতে। চেইড আৰু তেওঁৰ তিনিজন সম বয়সীয়া বন্ধুৱে নাচ আৰম্ভ হোৱাৰ দুঘন্টা আগতে গৈ তাত উপস্থিত। জুন মাহৰ দিনৰ গৰম আবেলি শাম কাটিছে। নদীৰ পাৰৰ মলয়াই পৰিবেশটো বেছ উপভোগ্য কৰি তুলিছে। সেই দিনা টাহিয়াৰ সংগী আছিল আব্দুল আজিজ মাহমুড। তেওঁ চকী এখনত বহি সংগীত জুৰিছে। প্ৰায় ১৫ মিনিটমানৰ পিছত টাহিয়াই মঞ্চত প্ৰৱেশ কৰি এঠাইত থিয় হ’ল।
তেওঁৰ নীলা বেশভূষাৰ চিকমিকনিয়ে তৎক্ষণাত দৰ্শকক সন্মোহিত কৰিলে। টাহিয়াই মঞ্চত এক আকৰ্ষণীয় ভংগীত থিয় হৈছে আৰু দৰ্শকসকলে তেওঁৰ ফালে তন্ময় হৈ চাই আছে। চেইডৰ মতে বেলে নৃত্যৰ এটা কথাত ষাড় যুঁজৰ লগত মিল আছে।ষাড় যুঁজত যুঁজাৰুজনে যিমানে গুৰু-গম্ভীৰ আচৰণ কৰে সিমানে যুঁজৰ ৰহণ চৰে। এই বিষয়ে আৰ্নেষ্ট হেমিংৱেই তেওঁৰ “Death in the Afternoon” নামৰ কিতাপত বিস্তাৰিতভাৱে আলোচনা কৰিছে। ঠিক তেনেদৰে বেলে নৃত্যতো নৰ্তকীয়ে কিমান কমকৈ শৰীৰ সঞ্চালন কৰে তাতহে নৃত্যৰ মাধুৰ্য আৰু আকৰ্ষণ ফুটি উঠে। মঞ্চত তেনে এক ভংগীত অৱতীৰ্ণহৈ, তাৰ পিছৰ মুদ্ৰাবোৰত টাহিয়াই কেন্দ্ৰ কৰি লৈছে গায়ক আব্দুলক। আব্দুলে আপোনভোলা হৈ সংগীতৰ সুৰ টানিছে। আৰু টাহিয়াই নাচেৰে আব্দুলৰ লগত এক সম্পৰ্ক কৰিবলৈ চেষ্টা কৰি মঞ্চতে যেন এক অৱিস্মৰণীয় শৃংগাৰৰ সৃষ্টি কৰিছে। এনে লাগে এই যেন টাহিয়াই আব্দুলক সাৱটি ধৰিব অথচ তেওঁ তাক স্পৰ্শই নকৰে। এক সুন্দৰ নমনীয় শৰীৰ, স্বচ্চ আৱৰণ, বিকিনি, চাৱনী, ওৰণী, কন্ঠহাৰ আৰু তেওঁ পৰিধান কৰা সোণ আৰু ৰূপৰ অলংকাৰ- এই সকলোৰে সূক্ষ্ম আন্তঃসম্পৰ্ক আৰু সমলয়েৰে টাহিয়াই মঞ্চত যৌনতাৰ এক যাদু ৰচনা কৰিছে।
উদাহৰণ স্বৰূপে, এঠাইত থিয়হৈ তেওঁ সোঁ উৰুটো লাহে লাহে ঘূৰাব আৰু সেইটোৱে তেওঁ পিন্ধি থকা ৰূপালী সাজযোৰ আৰু কমৰৰ সোঁফালে পিন্ধি থকা মণি-মুকুতাবোৰত মূৰ্চনাৰ সৃষ্টি কৰিব। সেই সময়ত শৰীৰৰ সেই অংশত তেওঁ নিজে নিজৰ দৃষ্টি নিবদ্ধ কৰি দৰ্শকসকলকো তালৈ লৈ যাব। আচৰিত কথা তেওঁ যেন নিজৰ শৰীৰটোৰ পৰা এই সোঁ ফালটো বিচ্ছিন্ন কৰি নিয়ন্ত্ৰিত লয়ত তাত এক নৃত্যৰ ছন্দহে ৰচনা কৰিছে। টাহিয়াৰ নৃত্যত কোনো স্থূল লম্ফ-জম্ফ নাছিল, নাছিল কোনো স্থূল যৌন আবেদন। তাত আদিৰে পৰা অন্তলৈ আছিল এক আকৰ্ষণীয় গাম্ভীৰ্য আৰু সৌন্দৰ্য। চেইডে এই বিষয়ে কৈছিলঃ “আমি প্ৰত্যেকেজনেই জানিছিলোঁ আমি যেন বাস্তৱত অসম্ভৱ এক অসীম উত্তেজনাপূৰ্ণ, অন্তহীনভাৱে বিলম্বিত যৌন অভিজ্ঞতা উপভোগ কৰি আছিলোঁ। আৰু সেইটোৱেই আছিল মূল কথা, যৌনতাৰ কি এক সুপৰিকল্পিত ৰাজহুৱা প্ৰদৰ্শন, অথচ অসম্পাদিত, অবাস্তৱ।” (Each of us knew that we were experiencing an immensely exciting-because endlessly deferred-erotic experience, the like of which we could never hope to match in real life. And that was precisely the point: this was sexuality as a public event, brilliantly planned and executed, yet totally unconsummated and unrealisable.) আৰু কি লাগে?
ভূপেন হাজৰিকাৰ সংগীত বহুমাত্ৰিক। তেওঁৰ ভালেমান গীতৰ বিষয় যৌনতা। তেনে এটা বিখ্যাত গীত হ’ল “বিমূৰ্ত মোৰ নিশাটি”। এই গীতটো গাই ভূপেন হাজৰিকাই নিজে তাৰ ব্যাখ্যা কৰা ভিডিঅ’ এটা সম্প্ৰতি চাৰিওফালে বিয়পি গৈছে। মোৰ সংগীত ৰসিক বন্ধু দুদুলমণিয়ে সেই ভিডিঅ’টো মোলৈও পঠিয়াই দিছিল। এই প্ৰৱন্ধটোৰ চালিকা শক্তিও সেই ভিডিঅ’টো। কিন্তু ভূপেন হাজৰিকাৰ ব্যাখ্যাতে জানো গীতটোৰ সকলো ব্যাখ্যা আৰু ব্যঞ্জনা সীমাবদ্ধ হৈ থাকিব? আমি সেই ব্যাখ্যাৰ পৰিধি অতিক্ৰম নকৰিমনে? বিমূৰ্ত এটি নিশা, মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ। সেই চাদৰখনৰ মিঠা ভাঁজত নিশ্বাসৰ উম। মিঠা ভাঁজ আৰু নিশ্বাসৰ উমে আমাৰ মনত কেনে এখন ছবিৰ সৃষ্টি কৰে? মন কৰিব, মিঠা ভাঁজ আৰু নিশ্বাসৰ উম! কথাটো পোনকৈয়ে কৈছে। শৰীৰৰ ভাঁজবোৰ আমাৰ অচিনাকিনে? ভাঁজে ভাঁজে, মানে দুটি শৰীৰৰ ভাঁজে ভাঁজে মিলনৰ ঢৌ। ভূপেন হাজৰিকাই নিজে কৈছে যে এই গীতটোৰে তেওঁ এখন ছবি আঁকিব বিচাৰিছে। এই ছবিখন আমি বেলেগক আঁকি দেখুওৱা ছবি নহয়, নিজে কল্পনা কৰি লোৱা ছবিহে।
তাৰ পিছত? জীয়া জীয়া আদৰ? জীয়া আদৰত কি নাথাকে? সকলো। ছবি। এইখন এখন নিৰ্বাক, নিশ্চল ছবি নহয়, ই এখন সবাক, চলন্ত ছবিহে। আৰু কি হৈছে? চিধাকৈ কৈছে— কামনাৰে তেজ ৰঙা। আৰু, আজিৰ গভীৰ গৰ্ভতে। তাৰ অনিবাৰ্য পৰিণতি এই কামনাৰ পুনৰাবৃত্তি নহয় জানো? তাত কি হৈছে নীৰৱ মৰম-বাৰিষা, বহুতো শাওন ভাদৰ! মৰমৰ বাৰিষা তাতেই বহুতো শাওন ভাদ! এইবাৰ যেন পাৰাপাৰ ভাঙি গল। সকলো বাধা, সকলো সীমা নোহোৱা হ’ল। বাহ! সাধাৰণ শব্দেৰে এনে তুমুল আবেগৰ প্ৰকাশ বিৰল, অতুলনীয় নহয়নে! তাৰ পিছত সৰি পৰিছে প্ৰত্যাশিত অস্ফুট এক প্ৰতিধ্বনি সাদৰী মাতৰ/তাইৰ সাদৰী মাতৰ/পৰিধিবিহীন সংগমমুখী/নিৰ্মল দুটি ওঁঠ কম্পন কাতৰ-আকৌ, সাধাৰণত কি এক অসাধাৰণ অভিব্যক্তি! সঁচাই, এয়া ছবি নহয় বোলছবিহে। নিয়ম ভঙাৰ নিয়ম ই যে/নিয়মাকাংক্ষী বাটৰ কোমল আঘাত প্ৰতি আঘাত নীলা নিশাৰ নাটৰ। নতুন নিয়ম। আহ! সকলো কিমান স্বচ্ছ, স্পষ্ট, প্ৰত্যক্ষ অথচ কলাসন্মত! সামৰণিৰ পৰ্ব-দূৰৰ আৰ্তনাদৰ নদীত ক্ৰন্দন কোনো ঘাটৰ/ভ্ৰূক্ষেপ নাই লভিছোঁ মই আলিংগনৰ সাদৰ! না, না, ইয়াত কিন্তু ভূপেন হাজৰিকাৰ ব্যাখ্যা তেওঁৰ সুৰৰ তীব্ৰতাই মানি চলা নাই! সঁচাই জানো প্ৰেমিক যুগলে দূৰৈৰ পৰা ভাঁহি অহা সেই আৰ্তনাদ ভ্ৰূক্ষেপ কৰিব পাৰিছে? নাই পৰা। ভূপেন হাজৰিকাই ক’লেও আমি যেন মানিব পৰা নাই তেওঁৰ কথা।
আমি এতিয়া কি উপলব্ধি কৰিলোঁ? কিয় আমাৰ ওপৰত প্ৰায় অনবৰতে ক্ৰিয়া কৰি থকা এটা মনোশাৰীৰিক (psychosomatic) অৱস্থা, যৌনতা শংকৰদেৱে কাব্যিক বৰ্ণনাৰে, টাহিয়া কাৰিওকাই বেলে নৃত্যৰে আৰু ভূপেন হাজৰিকাই গীতেৰে সুন্দৰকৈ, কলা সন্মতভাৱে উপস্থাপন কৰা নাইনে? এইখিনিতে, এটা কথা আমি মন কৰিছোঁনে? শংকৰদেৱৰ মূল বস্তুটো কি? বিষ্ণুৰ নাৰী ৰূপ আৰু শিৱৰ ভ্ৰম। কিন্তু সি কেনে? মানৱীয় আৰু দেহজ! টাহিয়া কাৰিওকাৰ সন্দৰ্ভত চেইডে কৈয়ে দিছে এক অসীম উত্তেজনাপূৰ্ণ, অন্তহীনভাবে বিলম্বিত যৌন অভিজ্ঞতা যিটো বাস্তৱত অসম্ভৱ। আৰু ভূপেন হাজৰিকাৰ কামনাৰ তুমুৰলি এই গীতটোৰ প্ৰথম শব্দটো কি? ‘বিমূৰ্ত’। সেই বা-মাৰলীয়ে কোবাই যোৱা নিশাটো মূৰ্ত নাছিল, বিমূৰ্তহে আছিল। কি হ’ল? সৃষ্টিয়ে স্ৰষ্টাক অতিক্ৰম নকৰিলেনে? যৌনতা সৃষ্টিশীল, সৌন্দৰ্যশালী, সুন্দৰ। শংকৰদেৱ, টাহিয়া কাৰিওকা আৰু ভূপেন হাজৰিকাই তেওঁলোকৰ ৰচনাৰে তাক মহিমামণ্ডিত কৰি তুলিছে। আজিকালিৰ বজৰুৱা শিল্পী কিছুমানৰ দৰে তেওঁলোকে তাক সস্তীয়া আৰু কুন্ধচ কৰি পেলোৱা নাই