• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰিও সাধুৰূপী এগৰাকী কিন্নৰ

কামাখ্যা ধামত এগৰাকী বিশেষ কিন্নৰ, সৰুৰে পৰা পুৰুষ হিচাপেই বিদ্যালয়ত কৰিছিল অধ্যয়ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 23, 2019 8:40 pm
Kinnor Photo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেকানিকেল ইঞ্জিনিয়াৰিং পাছ কৰিও সন্যাসী হৈছে দিল্লীৰ এগৰাকী বিশেষ কিন্নৰ। কামাখ্যা ধামত নতুনকৈ আৰম্ভ হোৱা ‘কিন্নয় আখৰা’ৰ তেওঁ এগৰাকী অন্যতম কিন্নৰ। চাকৰি কৰাৰ অদম্য হেঁপাহ কিন্নৰ গৰাকীৰ, কিন্তু তেওঁ পুংলিংগ অথবা স্ত্ৰী লিংগ কোনো এটা শাৰীতে নপৰাৰ বাবে মনৰ হেঁপাহ মনতে পুহি ৰাখিবলগীয়া হৈছে।

তেওঁৰ নাম প্ৰাচাল সিং(২৭) আৰু তেওঁৰ ঘৰ দিল্লীত। সৰুৰে পৰা অৰ্থ্যাৎ ৫ বছৰ বয়সৰ পৰা  কিন্নৰ মা ভবানীৰ তত্বাৱধানত থাকি পঢ়া শুনা কৰিছিল।  মুম্বাইৰ Dilcab college of engineering Institute ৰ পৰা ২০১৪ চনতে ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰিছিল প্ৰাচালে।

বৰ্তমান প্ৰাচালে কোনো ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰাৰ সুবিধা পালে নিশ্চয়কৈ সেই চাকৰিত যোগদান কৰিব বুলি উল্লেখ কৰে।

ইপিনে, কিন্নৰ আখৰাৰ প্ৰতিষ্ঠাপক মা ভবানী নাথ বাল্মিকীয়ে প্ৰাচালক বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি পত্ৰত লিংগত পুৰুষ বুলি উল্লেখ কৰি সৰুৰে পৰাই পঢ়াইছিল। ২০১৪ চনলৈকে প্ৰাচালৰ পৰিচয় ‘পুৰুষ’ আছিল। তাৰ পাছৰে পৰা কিন্নৰ হ’ল প্ৰাচাল।

‘’কিন্নৰ লিংগৰ অধিকাৰ প্ৰাচালে ২০১৪ তহে লাভ কৰিছিল। তাৰ আগতে মই প্ৰাচালক পুৰুষ বনাই চুলি কাটি বিদ্যালয়-মহাবিদ্যালয়ত নামভৰ্তি কৰাইছিলো। সমগ্ৰ শিক্ষা পুৰুষ পৰিচয়ৰেই লৈছিল প্ৰাচালে,’‘-এইদৰে কয় মা ভৱানীয়ে।

তেওঁ চৰকাৰৰ প্ৰতি অনুৰোধ জনাই কয়, ‘’শিক্ষা ব্যৱস্থাত পুৰুষ-মহিলাৰ দৰে তৃতীয় লিংগৰ ভাগটোও ৰাখিব লাগে, যাতে পৰীক্ষাৰ ফলাফলৰ পাছত লাভ কৰা প্ৰমাণ-পত্ৰত তেওঁৰ লিংগ তৃতীয় লিংগ হিচাপে আহে। যদি চাকৰিৰ বাবে এওঁক পঠাও তেতিয়া পুৰুষ হিচাপে চাকৰি দিব নেকি? এওঁটো পুৰুষ নহয়।‘’

ইপিনে, কিন্নৰ সমাজৰ দুৰ্দশাৰ বিষয়ে তেওঁ উল্লেখ কৰি কয়, ‘‘যিটো বস্তুৰ পৰা লাভ হয়, সেইটো সমাজৰ মানুহে ৰাখে। এগৰাকী গাই গৰুৱে যেতিয়ালৈকে গাখীৰ দিয়ে তেতিয়ালৈকে ৰাখে, তাৰ পাছত লাথ মাৰি দিয়ে। আমাৰ নিচিনা সন্তানবোৰে বিয়া পাতিব নোৱাৰে, বিয়া হ’ব নোৱাৰে, চাকৰি নিমিলে, সন্তান জন্ম দিব নোৱাৰে। ফ্ৰীতে কোনে কিমান দিনলৈ খোৱাব? আমাৰ নিচিনা মানুহক পঢ়াই কি লাভ?’’

উল্লেখ্য যে, মা-ভৱানীয়ে আম আদমী পাৰ্টীৰ হৈ ৫২ নং এলাহবাদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও তেওঁ জয়ী হ’ব পৰা নাছিল। লগতে ২১ জুনৰ পৰা ২৫ জুনলৈকে নিৰ্জলা ব্ৰতত থাকি তেওঁ যাগযজ্ঞ কৰি আছে। বৰ্তমান ৫০ ৰো অধিক কিন্নৰ ‘কিন্নৰ আখড়া’ত আছে বুলিও তেওঁ জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd