২০১৯ ৰ পৰা ২০২১ চনৰ ভিতৰত তিনি বছৰত ভাৰতত আত্মহত্যাৰ ফলত মুঠ ১.১২ লাখ দৈনিক মজুৰী কৰা শ্ৰমিকৰ মৃত্যু হৈছে। কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে সোমবাৰে লোকসভাত ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (NBRC)ৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি এইকথা সদৰী কৰে।
কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীগৰাকীয়ে কয় যে এই তিনি বছৰত ৬৬,৯১২ গৰাকী গৃহিণী, ৫৩,৬৬১ জন স্ব-নিয়োজিত ব্যক্তি, ৪৩,৪২০ জন বেতনভোগী ব্যক্তি আৰু ৪৩,৩৮৫ জন নিবনুৱা লোকৰো আত্মহত্যাৰ ফলত মৃত্যু হৈছে।
কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীগৰাকীয়ে সদনত কংগ্ৰেছ নেতা কোডিকুনিল সুৰেশৰ প্ৰশ্নৰ উত্তৰ দিছিল। তেওঁ দাবী কৰিছিল যে দেশত প্ৰতিদিনে শ শ শ্ৰমিক আত্মহত্যাৰ ফলত মৃত্যুমুখত পৰিছে আৰু তেওঁলোকে তেওঁলোকৰ নিম্ন উপাৰ্জনৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে।
লোকসভাত প্ৰশ্নকালত এক প্ৰশ্নৰ উত্তৰ দি যাদৱে সদনক জনায় যে তিনি বছৰ- ২০১৯, ২০২০ আৰু ২০২১ চনত ৩৫,৯৫০ জন শিক্ষাৰ্থী আৰু কৃষক আৰু কৃষি শ্ৰমিকৰ দৰে কৃষিকৰ্মত নিয়োজিত ৩১,৮৩৯ জন ব্যক্তিৰো আত্মহত্যাৰ ফলত মৃত্যু হৈছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা পৰিসংখ্যা অনুসৰি উক্ত তিনি বছৰত দেশত মুঠ আত্মহত্যা কৰা লোকৰ সংখ্যা হৈছে ৩.৮৭ লাখ।
শ্ৰম মন্ত্ৰীগৰাকীয়ে কয় যে অসংগঠিত শ্ৰমিক সামাজিক সুৰক্ষা আইন, ২০০৮ অনুসৰি, চৰকাৰে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক সামাজিক সুৰক্ষা প্ৰদান কৰাটো বাধ্যতামূলক। ইয়াত দৈনিক মজুৰী শ্ৰমিক অন্তৰ্ভুক্ত আছে। ইয়াৰ বাবে জীৱন আৰু বিকলাঙ্গতা বীমা, স্বাস্থ্য সম্পৰ্কীয় বিষয়ত উপযুক্ত কল্যাণমূলক আঁচনি প্ৰস্তুত কৰা আৰু মাতৃত্বকালীন লাভালাভ প্ৰদান কৰা, বৃদ্ধ বয়সৰ সুৰক্ষা, আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা অন্যান্য সুবিধাসমূহো আছে।