• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মই যি বাটেৰে ওলালো আজি…’ দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি স্মৃতি দিৱসত একাঁজলি শ্ৰদ্ধাঞ্জলি

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2023 11:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ সংগীত জগতৰ এটি উজ্বল নক্ষত্ৰ, অকালতে জীৱন হেৰুওৱা দৰদী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু তিথিত আজি সমগ্ৰ অসমবাসীয়ে শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে।

সংগীত সূৰ্য ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ জয়ন্ত হাজৰিকা সকলোৰে বাবে ‘ৰাণা দা’ হিচাপে পৰিচিত হৈ পৰিছিল। ১৯৭৭ চনৰ ১৫ অক্টোবৰত ‘নতুন আশা’ বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে কলিকতাত জয়ন্ত হাজৰিকাৰ অকাল মৃত্যু ঘটে।

১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা জয়ন্ত হাজৰিকাই  কিংবদন্তি শিল্পী জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাৰ লগত সংগীতৰ জীৱন আৰম্ভ কৰি পিছলৈ এগৰাকী কণ্ঠশিল্পী তথা সংগীতজ্ঞ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।

লগতে পঢ়কঃ ‘শিক্ষকৰ সমস্যা স্কুটী নহয়; ঠিকাভিত্তিক শিক্ষকৰ সমস্যা সমাধানৰ লগতে আন্তঃগাঁথনিৰ ব্যৱস্থা কৰক’

উল্লেখযোগ্য যে জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম এটি গীতত সুৰ দিছিল। সেই গীতটো লিখিছিল তেওঁৰ আন এজন ককায়েক নৃপেন হাজৰিকাই।

জয়ন্ত হাজৰিকাই প্ৰথম পাশ্চাত্য সংগীতৰ বিভিন্ন ধাৰা যেনে ৰ’ক এণ্ড ৰ’ল, জাজ আৰু পাশ্চাত্য ধ্ৰুপদী সংগীতক পৰম্পৰাগত অসমীয়া মেল’ডি সংগীতৰ সৈতে সংমিশ্ৰণ কৰি অসমীয়া সংগীতত এক নতুন জোৱাৰৰ সৃষ্টি কৰিছিল।

তেওঁৰ সংগীত ব্যৱস্থাপনাত ৰাণা দাই কেইবাবিধো পাশ্চাত্যৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি এইক্ষেত্ৰত বাটকটীয়া হৈ পৰিছিল। মাত্ৰ ৩৪ বছৰীয়া চমু জীৱনকালত তেওঁ বহু যুগান্তাকাৰী গীত সৃষ্টি কৰিছিল যিবোৰৰ আজিও অসমত ব্যাপক জনপ্ৰিয়তা আছে।

জয়ন্ত হাজৰিকাই জ্যেষ্ঠ ভাতৃ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা ‘মনিৰাম দেৱান’ত সহকাৰী হিচাপে তেওঁৰ সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ কেইবাখনো চলচ্চিত্ৰত সংগীত পৰিচালনা কৰাৰ লগতে গীতত কণ্ঠও দিছিল।

লগতে পঢ়কঃ ইজৰাইলী অভ্যুত্থানৰ সন্মুখত গাজা; ইছলামিক দেশসমূহৰ জৰুৰী বৈঠকৰ আহ্বান

ৰাণা দা কেইবাবিধো বাদ্যযন্ত্ৰ ব্যৱহাৰত সিদ্ধহস্ত আছিল। তেওঁ নিজেই গীটাৰ, ডোমৰা, মেণ্ডলিন, একৰডিয়ান, তবলা আৰু হাৰমনিকা বজাইছিল। তেওঁ বিশ্বৰ আন প্ৰান্তৰ পৰাও বিভিন্ন পৰম্পৰাগত সংগীতৰ বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল।

১৯৭৭ চনত জয়ন্ত হাজৰিকাই ‘সুৰ বাহিনী’ নামৰ এটা অনন্য সংগঠনৰ জন্ম দিছিল। গোলাঘাটৰ ৰাইজৰ সহযোগত অসমৰ বানাক্ৰান্ত লোকক সহায় কৰাৰ উদ্দেশ্যেৰে ইয়াৰ জন্ম হৈছিল।

এই বাহিনীটোৱে পথত গান গাই ৰাইজৰ পৰা বৰঙণি তুলি পিছত সেয়া দান কৰিছিল। জয়ন্ত হাজৰিকাৰ নেতৃত্বত গঠন হোৱা সুৰ বাহিনীত বহু কণ্ঠশিল্পীয়ে যোগদান কৰিছিল আৰু ই এক গণ আন্দোলনৰ ৰূপ লৈছিল।

লগতে পঢ়কঃইজৰাইলী অভ্যুত্থানৰ সন্মুখত গাজা; ইছলামিক দেশসমূহৰ জৰুৰী বৈঠকৰ আহ্বান

আজি তেওঁৰ মৃত্যু তিথিত গোটেই অসমতে শিল্লীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আনহাতে, বহু কণ্ঠশিল্পী, সংগীতজ্ঞ তথা সংগীত পৰিচালকে বিভিন্ন কাৰ্যসূচীত সমবেত হৈ অসমৰ চিৰকালৰ মহান সংগীতজ্ঞগৰাকীলৈ জনাইছে। আমিও নৰ্থ ইষ্ট নাওৰ পৰা দৰদী কণ্ঠশিল্পীগৰাকীলৈ জনালোঁ একাঁজলি শ্ৰদ্ধাঞ্জলি।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd