অসমীয়া আধুনিক প্ৰগতিশীল কবিতাক এক স্বকীয় শৈলীৰে সমৃদ্ধ কৰা কবি ৰবীন্দ্ৰ সৰকাৰৰ দেহাৱসান অসমীয়া সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ কবিতা নীচক ব্যক্তিগত আবেগ-অনুভূতিৰ কচৰৎ নাছিল, বৰং কবিতাৰ মাজেৰে তেওঁ সমসাময়িক সমাজখনে সন্মুখীন হোৱা বিভিন্ন সমস্যা, সাধাৰণ মানুহৰ সুখ-দুখ, আশা-আকাংক্ষা, তেওঁলোকৰ জীৱনৰ নানা ঘাত-প্ৰতিঘাত, হতাশা-নিৰাশাৰ ছবিখন আন্তৰিকতাৰে তুলি ধৰাৰ প্ৰয়াস কৰিছিল। সেইবুলি তেখেতৰ কবিতা কেৱল দুখৰ মালিতা নাছিল, তাত আছিল জীৱনৰ জয়গান, এক সজীৱ আশাবাদ।
২০১৩ চনত তেওঁক ‘ধূলিয়ৰি ভৰিৰ সাঁচ’ নামৰ কাব্যগ্ৰন্থখনৰ বাবে সাহিত্য অকাদেমি বঁটাৰে সন্মানিত কৰা হৈছিল। মাতৃভাষা অসমীয়া নোহোৱা সত্ত্বেও অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি অকাদেমি বঁটাৰে সন্মানিত হোৱা ব্যক্তি তেৱেঁই হ’ল প্ৰথমগৰাকী ব্যক্তি। নব্বৈৰ দশকতেই তেখেতক প্ৰথম লগ পাইছিলোঁ৷ তেতিয়া তেওঁ আৰু আমাৰ মাজৰ পৰা হঠাতে হেৰাই যোৱা কবি অৱনী চক্ৰৱৰ্তী আৰু অসমৰ এগৰাকী বিশিষ্ট লেখক, সাংবাদিক আৰু সম্পাদক নিত্য বৰাই একেলগে ফাঁচীবজাৰৰ ভাৰতীয় জীৱন বীমা নিগমৰ অফিচত কাম কৰিছিল।
আমি উলিওৱা আলোচনী ‘ডেউকা’ৰ বাবে লিখা বিচাৰি এখেতসকলৰ ওচৰলৈ প্ৰায়ে গৈছিলোঁ। এখেতসকলৰ সৈতে একেলগে কিমান যে কথা নাপাতিছিলোঁ! কিন্তু অৱনী চক্ৰৱৰ্তীৰ আকস্মিক নিৰুদ্দেশে কবি সৰকাৰক সাংঘাতিকভাৱে বিচলিত কৰিছিল। অৱসৰৰ পিছত তেওঁ কলিকতালৈ গুচি গৈছিল আৰু তাতেই স্থায়ীভাৱে থাকিবলৈ লৈছিল। কিন্তু,অসমৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ যতি পৰা নাছিল, পৰিবলৈ তেওঁ দিয়া নাছিল। অসমীয়াৰ লগতে বাংলাতো তেওঁ সমানে সাহিত্য চৰ্চা চলাই গৈছিল।
সেই নব্বৈৰ দশকতে তেওঁৰ সৈতে স্থাপন হোৱা আমাৰ সম্পৰ্ক সৌ সিদিনালৈকে অটুট আছিল। প্ৰায়ে তেওঁ মোৰ সৈতে ফোনেৰে যোগাযোগ কৰি খা-খবৰ লৈছিল, বিভিন্নজনৰ বিষয়ে বা ইয়াৰ বিভিন্ন ঘটনাপ্ৰৱাহৰ বিষয়ে জানিবলৈ বিচাৰিছিল। দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাই বিচলিত কৰিলেও অসমৰ মাটি-পানীৰ প্ৰতি তেওঁৰ টান জীৱনৰ শেষলৈকে অটুট আছিল। আমি অন্বেষাই তেওঁৰ তিনিখনকৈ কিতাপ প্ৰকাশ কৰিছিলোঁ। প্ৰথমখন আছিল তেখেতৰ নিৰ্বাচিত কবিতাৰ সংকলন- “অৰূপ কথাৰ জঁকা”, দ্বিতীয়খন আছিল তেখেতৰ স্মৃতিকথামূলক গ্ৰন্থ “দিনবোৰ মোৰ সোণৰ সজাত”, আৰু শেষৰখন আছিল যোৱা ফেব্ৰুৱাৰী মাহত প্ৰকাশিত তেখেতৰ একেবাৰে শেহতীয়া কবিতাসমূহৰ সংকলন “দিচাং মুখৰ পেঁপা”। এইখনেই আছিল তেখেতৰ শেষ প্ৰকাশিত গ্ৰন্থ।
বাংলা তেওঁৰ মাতৃভাষা আছিল যদিও অসমীয়া ভাষাতো তেওঁৰ দখল আছিল অসামান্য। অসমীয়া সমাজ, ইয়াৰ মাটি-পানী, সংস্কৃতি, লোক-সাহিত্যৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল অতি গভীৰ। তেওঁ নিজেই এঠাইত কৈছে, “অসমীয়া লোক-সাহিত্যৰ ভঁৰালটো অতি চহকী। ইয়াৰ ৰং-ৰূপ, ঐশ্বৰ্য্যৰ সম্ভেদ নাপালে কাব্য-চৰ্চা মোৰ পক্ষে সম্ভৱ নহ’লহেঁতেন।” মই আগতেই উল্লেখ কৰিছোঁ তেখেতৰ কবিতা আছিল জীৱনৰ জয়গান। তেখেতৰ কবিতাত যেনেকৈ বৰ্তমানৰ আততায়ী সমাজখনৰ স্বৰূপ অতি মৰ্মস্পৰ্শীভাৱে ফুটি উঠিছে, ঠিক তেনেকৈ মানৱীয় প্ৰমূল্যসমূহকো উৰ্ধত তুলি ধৰিবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছে। আৰু এই সকলোখিনি তেওঁ ফুটাই তুলিবলৈ চেষ্টা কৰিছে সম্পূৰ্ণ কাব্যিক সংবেদনশীলতাৰে, আৰু এক সজীৱ আশাবাদেৰে।
তেওঁ কৈছে, “কবিতাৰ জৰিয়তে মই মানৱীয় প্ৰমূল্যবোৰ জীয়াই ৰাখিব খোজোঁ। মানুহক ঠিয় কৰাব খোজোঁ মানুহৰ দৰে।” তেওঁ আকৌ কৈছে, ” ভাল কবিতা এটাই হেজাৰ বছৰলৈকে জীৱনক নানা ধৰণে প্ৰভাৱিত কৰে। এটা জাতিৰ জীৱনত যেতিয়া সংকটে আগচি ধৰে, তেতিয়াও কবিতা জীয়াই থাকে আৰু সকলো ধৰণৰ অৱক্ষয়ৰ মাজতো মানৱীয় মূল্যবোধবোৰক ৰক্ষা কৰে।” মানুহ আৰু মানৱতাৰ প্ৰতি থকা তেখেতৰ সুগভীৰ আস্থাই হ’ল তেখেতৰ এই বিশ্বাসৰ মূল কথা।
তেখেতৰ স্মৃতিকথা ‘দিনবোৰ মোৰ সোণৰ সজাত’ হ’ল অসমৰ এছোৱা সময়ৰ সামাজিক-সাংস্কৃতিক জীৱনৰ প্ৰতিফলন। বিশেষকৈ তেখেতৰ শৈশৱৰ গুৱাহাটীৰ চহৰখন, পৰৱৰ্তী কালত তেখেতৰ প্ৰথম চাকৰি কালৰ তেজপুৰৰ সাংস্কৃতিক জগতখন আৰু পুনৰ গুৱাহাটীলৈ বদলি হৈ অহাৰ পাছত এই গুৱাহাটীতে প্ৰাণ পাই উঠা অসমৰ প্ৰগতিশীল সাহিত্য-সংস্কৃতিৰ ইতিহাসৰ আটাইতকৈ প্ৰাণৱন্ত সময় এছোৱা অতি জীৱন্ত ৰূপত আৰু নিভাজ অসমীয়া ভাষাত প্ৰাণ পাই উঠিছে এই কিতাপখনত।
দুটামান উদাহৰণলৈ মন কৰক: ” স্বাধীনতা লাভৰ কেইবছৰমান আগতে মহাত্মা গান্ধী আহিছিল গুৱাহাটীলৈ। জুবিলি গাৰ্ডেনত (এতিয়াৰ পাণবজাৰৰ পানীটেংকিৰ কাষত) অনুষ্ঠিত হৈছিল সভাখন। মাৰ কোলাত বহি শুনা ঘোষকৰ গলগলীয়া সেই মাতটো আজিও পাহৰা নাই- ‘ৰাইজসকল, আপোনালোকে মনে মনে বহক! গণ্ডগোল কৰিলে বাপুজীয়ে বৰ বেয়া পাব।’ গান্ধীৰ নাম শুনি আবেগত মানুহ উটি আহিছিল। গান্ধী হত্যাৰ পাছত চুবুৰিৰ হিন্দী ভাষী বনুৱাখিনিয়ে গাইছিল- ‘নাথুৰাম বেইমান হো-ও-ও!’ গীতটোৰ শেষ শব্দটো আৰ্তনাদৰ দৰে দীঘলকৈ টানি নিছিল।”
আকৌ, ” আমাৰ ভাৰাঘৰৰ পাছফালে থকা ফুনু বাইদেউৰ বিয়াৰ সময়ত আমি সমনীয়াসকলে বেণ্ডপাৰ্টিটোক আগুৰি অবাক হৈ চাই আছিলোঁ আই ওলোৱা মানুহজনৰ মুখখনৰ পিনে, যিজনে অক্টোপাছৰ দৰে কেইবাটাও শুঁড় থকা বাঁহীটো বজাই আছিল। তেওঁৰ গাল দুখন ওখ হৈ ফুলি উঠিছিল, চকুহাল ৰঙা। ফুনু বাইদেউ বিয়াৰ পাছত চিপাঝাৰলৈ গুচি গ’ল দৰাৰ লগত। আমি ফেঁকুৰি ফেঁকুৰি কান্দিছিলোঁ। অলৌগুটি-তলৌগুটি খেলা সেই দিনবোৰ বিষাদ-বেদনাৰে গধুৰ যেন লাগিল। ফুনু বাইদেউৰ অবিহনে উকা উকা। জাৰকালি বগৰী পুৰি খোৱাৰ আনন্দ, আকৌ ৰাতিপুৱা উঠি শ্মশানলৈ বেল বিচাৰি যোৱা- এইবোৰ কামৰ লগৰী আছিল ফুনু বাইদেউ।
মোৰ নিজৰ বাইদেউ নথকাৰ ফলত হোৱা শূন্যতা তেওঁ ভৰাই তুলিছিল। তেওঁৰ বিয়াৰ দিনাখন আয়তীসকলে বিয়ানাম গাইছিল-
‘শ্ৰীহৰি শ্ৰীযুত
আমাৰ আইদেউ বহি আছে
অল ৰাইট ভেৰি গুড’
‘আমাৰে আইটি নিচেই কুমলীয়া
নিচেই কলাপাতৰ থুৰি।
আঁটিব নাজানে কঁকালৰ কাচুটি
মেলাব নাজানে চুলি।’
উল্লেখ্য যে সেই সময়ত তেওঁলোকৰ ভাৰা ঘৰটো আছিল নৱগ্ৰহ শ্মশানৰ ওচৰত। প্ৰকৃতিৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল অতি নিবিড়। সৰুৰে পৰাই তেওঁ সেই সময়ৰ গুৱাহাটীৰ হাবি-জংঘলেৰে ভৰপূৰ প্ৰাকৃতিক পৰিবেশত ওমলি-জামলি ডাঙৰ-দীঘল হৈছিল।
এই প্ৰকৃতিয়েই তেওঁৰ চিন্তা-ভাৱনা, জীৱন বীক্ষাত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰি আহিছে। সেই কথা তেওঁ নিজে এইদৰে লিখিছে: “আজিও হাবি-জংঘল, অৰণ্যত অকলে অকলে ঘূৰি ফুৰিবলৈ মোৰ ভাল লাগে। নিৰাপদ বোধ হয়। প্ৰকৃতিৰপৰা আমি জীৱনৰ বহু ক্ষেত্ৰত প্ৰথম পাঠ লৈছিলোঁ। আমাৰ মানৱীয় মূল্যবোধৰ কিছুমান প্ৰকৃতিৰপৰাই অৰ্জিত। গছ এজোপাতকৈ বেছি সাম্যবাদী আৰু সহিষ্ণু কোন হ’ব পাৰে, সেয়া মোৰ আজিও অজ্ঞাত। কাৰণ এটা কবিতাৰ শাৰীৰে কওঁ, ‘গছে বেদ বাইবেল কোৰান নপঢ়ে।’ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে ই ছাঁ দিয়ে, বিশুদ্ধ বতাহ দিয়ে, সদায় ধৰ্মান্ধ অথবা বৰ্ণান্ধসকলৰ দৰে প্ৰত্যাঘাতৰ বাবে সাজু নহয়।
প্ৰকৃতিক জয় কৰাৰ অৰ্থ এইটো নহয় যে তাৰ আমি বিৰুদ্ধাচৰণ কৰিব লাগিব, যিটো প্ৰতিনিয়ত আমি আমাৰ কাম-কাজৰ মাজেদি কৰি আহিছোঁ। মানৱ সভ্যতাৰ যি আৰ্জিত সম্পদ, সেয়া ৰক্ষা কৰিবলৈ হ’লে প্ৰকৃতি-সচেতনতা অপৰিহাৰ্য্য। মানুহৰ দুখ-বেদনাতো কেতিয়াবা প্ৰকৃতিৰ পৰিচৰ্যাই যন্ত্ৰণাক বহুখিনি লাঘৱ কৰে। নিজকে সংযত হৈ থাকিবলৈ শক্তি দিয়ে।” কি এক মনোৰম আৰু বিজ্ঞানসন্মত উপলব্ধি! এতিয়া এই প্ৰকৃতি-বিচ্ছিন্নতাই আমাৰ মন-প্ৰাণ, আমাৰ জীৱন কেনেদৰে দুৰ্বিষহ কৰি পেলাইছে, সেয়া আমি নিজ চকুৰে দেখা পায়েই আছোঁ।
এটা সময় আছিল যেতিয়া গুৱাহাটীৰ সাহিত্য- সংস্কৃতিৰ জগতখন এক অফুৰন্ত প্ৰাণ- চাঞ্চল্যৰে ভৰপূৰ আছিল। সাহিত্যৰ জগতখনত তেতিয়া ‘আমাৰ প্ৰতিনিধি’, ‘নতুন প্ৰতিনিধি’, ‘নৱযুগ’, ‘সমকালীন’, ‘নক্সা’, ‘সংজ্ঞা’, ‘সংলাপ’, ‘সাম্প্ৰতিক সাময়িকী’, ‘পান্থপাদপ’ আদি সৰু-বৰ বিভিন্ন আলোচনীয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰবীন্দ্ৰ সৰকাৰ এই আটাইবোৰ আলোচনীৰ সৈতে অতি ঘনিষ্ঠভাৱে জড়িত আছিল। সেই সময়ৰ সাংস্কৃতিক জগতখনতো তেওঁ আছিল অতি সক্ৰিয়। ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত হৈ থকা বাবেই সেই সময়ৰ বিখ্যাত শিল্পী- সাহিত্যিকসকলৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল অতি মধুৰ।
হেমাংগ বিশ্বাস,সলিল চৌধুৰী, আনন্দিৰাম দাস, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, কেশৱ মহন্ত, নিকুঞ্জলতা মহন্ত, দিলীপ শৰ্মা, সুদক্ষিণা শৰ্মা, কমল শৰ্মা আদিৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথা বিস্তাৰিতভাৱে তেওঁ তেওঁৰ স্মৃতিকথাত বৰ্ণনা কৰিছে। এটা ঘটনাৰ উল্লেখেৰে মই মোৰ এই লিখাটো সামৰিব বিচাৰিছোঁ। অসমৰ প্ৰগতিশীল সাংস্কৃতিক জগতৰ এগৰাকী অগ্ৰণী ব্যক্তি কমল শৰ্মা আছিল ৰবীন্দ্ৰ সৰকাৰৰ অভিভাৱকৰ দৰে। তেতিয়া তেওঁলোক আছিল গুৱাহাটীৰ খাৰঘূলিত।
এই কমল শৰ্মাৰ ঘৰখনৰ বিষয়ে তেওঁ এঠাইত লিখিছে: “কমলদাহঁতৰ ঘৰখনৰ কথা কৈ শেষ কৰিব নোৱাৰি।তেওঁৰ মাকৰ দৰে মৰমিয়াল মানুহ আজিলৈকে কমেই চকুত পৰিছে। অশেষ দুখ-কষ্টৰ মাজেদি ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰা এই তিৰোতাগৰাকীৰ আত্মত্যাগৰ কথা হয়তো আন্ধাৰৰ আঁৰতে ৰৈ যাব। বিষ্ণু ৰাভাৰপৰা আৰম্ভ কৰি বিপ্লৱী কমিউনিষ্ট দলৰ বহু সদস্যই অজ্ঞাতবাসৰ দিনবোৰত এই পঁজাঘৰটোত মাজে মাজে আশ্ৰয় লৈছিল। এইগৰাকী মাতৃয়ে অকণো বিৰক্তি বোধ নকৰাকৈ নিজে ৰান্ধি-বাঢ়ি খুৱাইছিল এই বিপ্লৱীসকলক। দাৰিদ্ৰ্যত জুৰুলা হোৱা সত্ত্বেও ঘৰখনৰ কোনেও এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰা নাছিল। এবাৰ লেখক-সাংবাদিক, ‘নৱযুগ’ৰ সহযোগী সম্পাদক, বন্ধুবৰ সদা শইকীয়া আৰু মই কমলদাহঁতৰ ঘৰলৈ যাওঁতে শইকীয়াদেৱে এই মাতৃগৰাকীক সেৱা কৰি ক’লে, ‘আপুনি মেক্সিম গৰ্কিৰ সেই মাকজনীৰ দৰে, যাৰ অনেক সন্তান।’ মই, সাধাৰণ হৈও অসাধাৰণত্বৰ দাবী কৰিব পৰা এই মাতৃগৰাকীৰ বাবে গৌৰৱ বোধ কৰিছিলোঁ। বাটে-পথে ক’ৰবাত লগ পালে আমাৰ খা-খবৰ লওঁতে তেওঁৰ দুচকুৱেদি নিগৰি পৰিছিল মৰম-ভালপোৱা। অসামান্য এই সৰু সৰু সাধাৰণ মানুহৰ কথা নাজানিলে ইতিহাস জনা অসম্পূৰ্ণ হৈয়েই থাকে। ৰবীন্দ্ৰনাথৰ ভাৱনাৰে, অকল ৰজা-মহাৰজাৰ উত্থান-পতনক লৈ যথাৰ্থ ইতিহাস ৰচিত নহয়।”
ৰবীন্দ্ৰ সৰকাৰৰ জীৱন-বীক্ষাৰ শিপা প্ৰোথিত হৈ আছে সেই সময়ৰ গুৱাহাটীৰ সামাজিক-সাংস্কৃতিক পৰিমণ্ডলৰ মাজত। ‘দিনবোৰ মোৰ সোণৰ সজাত’ আছিল তাৰেই সকৃতজ্ঞ প্ৰকাশ। এনে এখন গুৰুত্বপূৰ্ণ কিতাপ প্ৰকাশৰ লগত যে এসময়ত আমিও জড়িত হৈ আছিলোঁ আজি তেখেতক শেষ বিদায় জনোৱাৰ সময়ত এই কথা ভাবি নিজকে ধন্য আৰু গৌৰৱান্বিত বোধ কৰিছোঁ। সৰকাৰদা, এতিয়াৰপৰা আৰু মাজে মাজে আপোনাৰ মাতটো শুনিবলৈ নাপাম। কিন্তু, অসম আৰু অসমীয়াৰ প্ৰতি থকা আপোনাৰ মৰম আৰু ভালপোৱা আৰু অসমীয়া সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা আপোনাৰ অসামান্য অৱদান আমি কৃতজ্ঞতাৰে সুঁৱৰি থাকিম।