শ্ৰীৰামপুৰত গাঞ্জা সৰবৰাহ কৰা কন্টেইনাৰ ট্ৰাকত দুৰ্বৃত্তৰ অগ্নিসংযোগ; পুৰি ছাৰখাৰ ট্ৰাক

ফটো: নৰ্থইষ্ট নাও।

Truck used to traffic Ganja burn by miscreants গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰত গাঞ্জা সৰবৰাহ কৰা ট্ৰাকত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে৷ শিমুলটাপু আৰক্ষী চকীৰ কাষতে থকা ট্ৰাকখনত যোৱা নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰে ৷

উল্লেখ্য যে সোমবাৰে বিয়লি শিমুলটাপু আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই শ্ৰীৰামপুৰত এইচ আৰ ৫৫ ভি ৫১৬৯ নম্বৰৰ এখন কন্টেইনাৰ ট্ৰাক গাঞ্জা সহ জব্দ কৰাৰ লগতে চালক বিহাৰ নিবাসী গোবিন্দ কুমাৰ জাকক আটক কৰিছিল৷

আৰক্ষীয়ে জব্দ কৰা গাঞ্জাসহ ট্ৰাকখনৰ চালকজন। ফটো: নৰ্থইষ্ট নাও।

ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৪০ পেকেটত ৪৯৭ কেজি গাঞ্জা উদ্ধাৰ হৈছিল ৷ ইয়াৰ বজাৰ মূল্য প্ৰায় পঞ্চাশ লাখ টকা হব বুলি অনুমান কৰা হৈছে ৷

জব্দকৃত ট্ৰাকখন শিমুলটাপু আৰক্ষী চকীৰ কাষতে ৰখাই থোৱা আৱস্থাত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

দুৰ্বৃত্তই জ্বলাই দিয়া গাঞ্জা সৰবৰাহ কৰা ট্ৰাকখন। ফটো: নৰ্থইষ্ট নাও।

অগ্নিনিৰ্বাপক বাহিনীৰ দ্বাৰা জুই নিৰ্বাপিত কৰা হয় যদিও ইতিমধ্যে ট্ৰাকৰ অধিকাংশ জ্বলি ছাৰখাৰ হয় ৷

চোৰাং বেপাৰীয়ে সকলো তথ্য নষ্ট কৰাৰ বাবে ট্ৰাকত অগ্নিসংযোগ কৰাইছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷