NORTHEAST NOW (Assamese)

আজি দৰা সাজি যোৱা কথা আছিল পাকিস্তানলৈ : আটাৰি সীমান্ত বন্ধ কৰি দিয়াৰ বাবে বাতিল হ’ল এখন বিয়া

April 24, 2025 8:25 pm · এন ই নাও নিউজ, গুৱাহাটী

পাকিস্তানৰ এগৰাকী যুৱতীৰ সৈতে আজি বিয়া হোৱা কথা আছিল ৰাজস্থানৰ এজন যুৱকৰ। কিন্তু এই বিয়া কেতিয়া হ’বগৈ সেই কথা কোনেও নাজানে। দুই দেশৰ মাজ থকা দূৰত্ব যেন এতিয়া কেইবাটাও আলোকবৰ্ষলৈকে বৃদ্ধি পালে।

অমৃতসৰত আটাৰি সীমান্ত পাৰ আজি কইনা আনিবলৈ যোৱাৰ কথা আছিল ৰাজস্থানৰ সৈতন সিঙ নামৰ যুৱকজন। কিন্তু পেহেলগাম কাণ্ডৰ পিছত এই সীমান্ত এতিয়া অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰাৰ বাবে সৈতেন সিঙ আৰু তেওঁৰ ভাবি পত্নীৰ জীৱনলৈ যেন নামি আহিল দুৰ্ঘোৰ অন্ধকাৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ’ল তেওঁলোকৰ প্ৰেম।

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত সৈতনে কয়, “আৰু কি ক’ম! তেওঁলোকে যি কৰিলে সেয়া বৰ বেয়া কৰিলে। মোৰ বিয়া হ’ব লগা আছিল। তেওঁলোকৰ বাবেই মোৰ বিয়াত বাধা আহিল।”

অৱশ্যে সীমান্ত বন্ধ কৰাৰ সিদ্ধান্তক লৈ তেওঁ ক্ষোভিত নহয়। তেওঁৰ ভাষাত, চৰকাৰে দেশৰ ভালৰ কথা ভাবি এই সিদ্ধান্ত লৈছে।”

Related News